Logo
image

আধুনিক মাজুলী গঢ়া পিতৃৰ স্মৃতি ৰোমন্থন আমেৰিকা নিবাসী বিজ্ঞানী দম্পতীৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৬ ফেব্ৰুৱাৰীঃ আধুনিক মাজুলীৰ ৰূপকাৰ, ১৯২০ চনত কটন কলেজৰ পৰা মাজুলীৰ প্ৰথম স্নাতক, অসমৰ পঞ্চমজন বিজ্ঞানৰ স্নাতক, স্বাধীনতা আন্দোলনৰ অগ্ৰণী সেনানী কেশৱৰাম বৰাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেওঁৰ পুত্ৰ, বিশিষ্ট বিজ্ঞানী, আমেৰিকা নিৱাসী ড॰ বাবুল বৰা আৰু বোৱাৰী ড॰ শাশ্বতী বৰাই প্ৰকাশ কৰা বিশিষ্ট বুৰঞ্জীবিদ ড॰ ডম্বৰুধৰ নাথে সম্পাদনা কৰা জীৱন ভিত্তিক স্মাৰক গ্ৰন্থ ‘বিংশ শতিকাৰ পটভূমিত অসমৰ আধুনিক শিক্ষা কেশৱৰাম বৰা জীৱন আৰু কৰ্ম' বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷  গ্ৰন্থখন উন্মোচন কৰে ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক, সাহিত্য অকাডমি বঁটাপ্ৰাপক গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে৷  ‘আমাৰ অসম' কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞাই আঁত ধৰা অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি মনোজ কুমাৰ গোস্বামীয়ে কয়– মাজুলী হৈছে অসমৰ এক মুক্ত চিন্তাৰ স্থান৷ এই মাজুলীতে ১৫২২ চনত শংকৰ - মাধৱৰ মিলন হৈছিল৷ ১৮৭১ চনত আধুনিক ছপাশালো মাজুলীত স্থাপন হৈছিল৷ যৰ পৰা আসাম বিলাসিনী নামৰ বাতৰি কাকত প্ৰকাশ পাইছিল৷ সেই মাজুলীত ১৯২৩ চনত মোৰ দেউতাৰো জন্ম হৈছিল৷ যাৰ বাবে মাজুলীৰ সৈতে মোৰ শিপাৰ  সম্পৰ্ক আছে৷  মাজুলীৰ সন্তান হিচাপে কেশৱৰাম বৰাই শিক্ষা, সংস্কৃতিৰ ক্ষেত্ৰখনলৈ যি অৰিহণা যোগাইছিল তাক আজিৰ সমাজক জনোৱাটো অতি প্ৰয়োজন৷ তেওঁৰ আদৰ্শ আমাৰ সমাজ জীৱনৰ বাবে সদায়ে প্ৰেৰণাৰ উৎস৷ সেই মাজুলীত এতিয়া দলং নিৰ্মাণ হ’ব৷ মাজুলীক ৰাষ্ট্ৰীয় ঘাইপথৰে সংযোজিত কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে৷ যিটো কথাই মোক ভিতৰি ভিতৰি শংকিত কৰি তুলিছে৷ মোৰ সন্দেহ হয় দলং নিৰ্মাণ হোৱাৰ পাছত মাজুলীৰ অস্তিত্ব বিপন্ন হ’ব পাৰে৷ দলং নিৰ্মাণ নকৰাকৈয়ো আমি মাজুলীক সুৰক্ষিত কৰি ৰাখিব পাৰিলোহেতেন৷ এইক্ষেত্ৰত তেওঁ স্কটলেণ্ডৰ এটা দ্বীপৰ উদাহৰণ দাঙি ধৰে৷ গ্ৰন্থখনত থকা ঐতিহাসিক সমলে তাহানিৰ মাজুলীৰ বিষয়ে জনাত সহায়ক হ’ব বুলি বিশিষ্ট সাংবাদিক-গল্পকাৰজনে আশা ব্যক্ত কৰে৷  অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় প্ৰয়াত কেশৱৰাম বৰাৰ কনিষ্ঠ পুত্ৰ, বিশিষ্ট বিজ্ঞানী ড॰ বাবুল বৰাই তাহানিৰ মাজুলীৰ স্মৃতি আৰু দেউতাকৰ সান্নিধ্যৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ অনুষ্ঠানত ভাগ লৈ জয়ন্ত মাধৱ বৰাই কয় - মই মাজুলীত জন্ম গ্ৰহণ কৰা নাই যদিওঁ কেশৱৰাম বৰাৰ মাজুলীপ্ৰীতিয়ে মোক বৰকৈ আকৃষ্ট কৰিছিল৷ তেওঁ মাজুলীক গোৱাৰৰ দৰে ভাল পাইছিল৷ ব্ৰিটিছে হাকিমৰ দৰে সন্মানীয় পদ যঁচাৰ পাছতো সেই পদ হেলাৰঙে উপেক্ষা কৰি মাজুলীৰ শিক্ষাৰ উন্নয়ন সাধনত নিজকে উৎসৰ্গিত কৰিছিল৷ তাত স্কুল স্থাপন কৰি শিক্ষাৰ পোহৰ বিলাবলৈ অহোপুৰুষৰ্থ কৰিছিল৷ আজিৰ সময়ত হাজাৰজন কেশৱৰাম বৰাৰ প্ৰয়োজন হৈছে বুলিও তেওঁ দোহাৰে৷  অনুষ্ঠানত ভাগ লৈ গ্ৰন্থখনৰ সম্পাদক বিশিষ্ট বুৰঞ্জীবিদ, অধ্যাপক ড॰ ডম্বৰুধৰ নাথে গ্ৰন্থখনৰ সম্পাদক হিচাপে লাভ কৰা অভিজ্ঞতাৰ বিষয়ে আলোকপাত কৰে৷ তেওঁ কয় - গ্ৰন্থখনৰ এটা অংশ আত্মজীৱনীমূলক আৰু এটা অংশ আনে তেওঁৰ বিষয়ে লিখা কথা সন্নিবিষ্ট কৰা হৈছে৷ মাজুলীৰ মানুহক বাহিৰৰ পৃথিবীখনৰ সৈতে চিনাকি কৰিবলৈ তেওঁ চেষ্টা কৰিছিল৷ অনুষ্ঠানত ভাগ লৈ বিশিষ্ট সমালোচক ময়ূৰ বৰাই কেশৱৰাম বৰাৰ ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় - এগছি বন্তিৰ পোহৰৰ দৰে মাজুলীক তেওঁ পোহৰাবলৈ চেষ্টা কৰি আহিছিল৷ তেনেদৰে ড॰ বাবুল বৰাৰ সহধৰ্মিনী ডঃ শাশ্বতী দত্তই বোৱাৰী হিচাপে লাভ কৰা অভিজ্ঞতাৰ আলোকপাত কৰে আৰু পাঠক সমাজে সহানুভূতিৰে গ্ৰন্থখন আঁকোৱালি লব বুলি আশা প্ৰকাশ কৰে৷  শেষত শলাগৰ শৰাই আগবঢ়াই ড॰ গোবিন চন্দ্ৰ শইকীয়াই৷ উল্লেখ্য যে বিভিন্ন বাধাৰ প্ৰাচীৰ ভাঙি কেশৱৰাম বৰাই কেইজনমান বিদ্যানুৰাগীৰ সহায়- সহযোগিতাত ১৯২৪ চনত মাজুলীৰ পূৰ্বাঞ্চলৰ বনগাঁৱত এখন মধ্য ইংৰাজী বিদ্যালয় (Middle English School) ‘মাজুলী মাইনৰ স্কুল’ স্থাপন কৰিছিল৷ এই স্কুলখনেই কমলাবাৰীলৈ স্থানান্তৰিত হৈ ‘মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্ছ মাধ্যমিক বিদ্যালয়’ নামেৰে মাজুলীলৈ আধুনিক শিক্ষাৰ প্ৰস্ৰৱন ঘটাবলৈ সক্ষম হৈছিল৷  পৰৱৰ্তীকালত সমগ্ৰ মাজুলীতে শিক্ষাৰ প্ৰবল জোৱাৰ উঠিছিল৷ মাজুলী হৈ পৰিছিল এখন স্কুল-কেন্দ্ৰিক সমাজ, য’ত শিক্ষাৰ হাৰ সমগ্ৰ ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰি ৭৪ক্ম পৰ্যন্ত হৈছিলগৈ৷ ‘ ১৯২৪ চনত স্থাপন কৰা ‘মাজুলী মাইনৰ স্কুলে’ আজি এশ বছৰত ভৰি দিছে৷