Logo
image

মাজুলী, বটদ্ৰৱা, বৰপেটা হ’ব হেৰিটেজ বেল্ট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ১০০ শতাংশ জনজাতীয় লোকৰ বসতিপূৰ্ণ ৰাজহ গাঁও আৰু অনুসূচীত জাতিৰ লোকৰ বসতি থকা গাঁও সমূহ সংৰক্ষিত বলয়লৈ ৰূপান্তৰিত কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে৷ এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শুকুৰবাৰে মিছন বসুন্ধৰা ২.০১ সামৰণি আৰু নতুন সেৱাৰে মিছন বসুন্ধৰা ৩.০ ৰ প্ৰস্তুতিৰ আৰম্ভণি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–বৰপেটা, মাজুলী, নাৰায়ণপুৰ আৰু বটদ্ৰৱাক হেৰিটেজ বেল্ট (ঐতিহ্য বলয়) হিচাপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰে অনুৰূপ পদক্ষেপৰ জৰিয়তে যিসমূহ গাঁৱত ১০০ শতাংশ জনজাতীয় লোক অথবা অনুসূচিত জাতিৰ লোক বসবাস কৰি আছে তেনে গাঁওসমূহো জিলা আয়ুক্তৰ দ্বাৰা জৰীপৰ অন্তত সংৰক্ষিত বলয়ৰ আওতালৈ অনাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ এনে পদক্ষেপৰ জৰিয়তে গাঁওসমূহ সুৰক্ষিত হৈ থাকিব৷ ৰাজ্য চৰকাৰে ভূমি, সংস্কৃতি আৰু ঐতিহ্যৰ ৰক্ষণাবেক্ষণেৰে ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে অসমক সুৰক্ষিত কৰিব বিচাৰিছে৷ উল্লেখ্য যে ৰাজ্যৰ ১০০ শতাংশ জনজাতীয় লোক থকা গাঁওসমূহত যাতে অজনজাতীয় লোক সোমাব নোৱাৰে অৰ্থাৎ জনজাতীয় লোকৰ ভূমি যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ইতিপূৰ্বে বিধানসভাৰ মজিয়াত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ গোপীনাথ বৰদলৈয়ে জনজাতীয়  এলেকা সমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত বেল্ট আৰু ব্লক হিচাপে ঘোষণা কৰা বুলিও মুখ্যমন্ত্ৰীয়ে সদনত নিজৰ ভাষণত উল্লেখ কৰিছিল৷ জনজাতীয় ঠাইসমূহ সুৰক্ষিত কৰাৰ লক্ষ্যৰে হেৰিটেজ বেল্ট ব্লকৰ ব্যৱস্থা আৰম্ভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদনত ঘোষণা কৰিছিল৷