Logo
image

কফি খালেও হ্ৰাস পাব পাৰে লিভাৰ কেন্সাৰৰ আশংকা

শৰীৰ সুস্থ কৰি ৰখাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় লিভাৰে৷ এই লিভাৰৰ মাৰাত্মক অসুখেই হ’ল লিভাৰ ছিৰ’চিছ৷ এই ৰোগত আক্ৰান্ত হ’লে কেতিয়াবা লিভাৰ সম্পূৰ্ণৰূপে বিকল হৈ মৃত্যু পৰ্যন্ত মাতি আনিব পাৰে৷ প্ৰতিদিনেই অসংখ্য লোক এই ৰোগত আক্ৰান্ত হৈ আহিছে৷ এই বিষয়ে হোৱা এক গৱেষণাত প্ৰকাশ পাইছে যে নিয়মীয়াকৈ কফি পান কৰিলে লিভাৰ কেন্সাৰৰ আশংকা বহু পৰিমাণে হ্ৰাস পায়৷ কফিয়ে লিভাৰ কেন্সাৰ প্ৰতিৰোধক হিচাপে কাম কৰে৷ এই বিষয়ত হোৱা গৱেষণাত প্ৰকাশ পাইছে যে প্ৰতিদিনে দুকাপকৈ কফি পান কৰিলে লিভাৰ কেন্সাৰ হোৱাৰ আশংকা প্ৰায় ৪৪ শতাংশ কমি যায়৷ আনহাতে, দিনে একাপকৈ কফি খালেও লিভাৰ কেন্সাৰৰ আশংকা ২২ শতাংশ পৰ্যন্ত হ্ৰাস পায়৷ নিয়মীয়াকৈ  তিনি কাপকৈ কফি খালে এই আশংকা ৫৭ শতাংশলৈকে হ্ৰাস পায় বুলি গৱেষণাত প্ৰকাশ পাইছে৷ আনহাতে, প্ৰতিদিনে চাৰিকাপকৈ কফি পান কৰিলে এই ৰোগৰ আশংকা ৬৫ শতাংশ পৰ্যন্ত হ্ৰাস পায়৷ গৱেষকসকলৰ মতে অৱশ্যে কেৱল কফি পান কৰিলেই এই ৰোগৰ পৰা সম্পূৰ্ণৰূপে হাত সাৰি থাকিব নোৱাৰি৷ তাৰ লগে লগে খাদ্যভ্যাস আৰু জীৱন যাত্ৰাৰ মান উন্নত  কৰাৰ প্ৰয়োজন আছে৷