Logo
image

মাতৃহাৰা হ’ল কেবিনেট মন্ত্ৰী বিমল বড়া

'আমাৰ অসম'ৰ টিংখাঙৰ প্ৰতিবেদক, ১৭ ফেব্ৰুৱাৰীঃ মাতৃহাৰা হ’ল অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেবিনেট মন্ত্ৰী বিমল বড়া৷ শনিবাৰে দিনৰ ১:৫৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিমল বড়াৰ মাতৃয়ে ৷ 

টিংখাঙৰ কেছেৰুগুৰিৰ নিজা বাসগৃহত ৭৭ বছৰ বয়সত মৃত্যু হয় সৰবৰহী মহিলা ঘনকান্তি বড়াৰ৷ সৰবৰহী মহিলাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধৰ সমাগম ঘটে মন্ত্ৰীগৰাকীৰ বাসগৃহত৷ বিভিন্ন জনে নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে ৷ 

মন্ত্ৰী বিমল বড়া জৰুৰী সভাত অংশ লোৱাৰ উদ্দেশ্যে দিল্লীত থকা অৱস্থাতে মাতৃৰ বিয়োগৰ বাতৰি পাই মৰ্মাহত হৈ পৰে৷ মাতৃৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মন্ত্ৰী বড়া দিল্লীৰ পৰা ঘৰলৈ ৰাওনা হৈছে ৷ পুত্ৰ ঘৰলৈ আহি পোৱাৰ পিছতহে অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ৷ ঘনকান্তি বড়াই দুগৰাকী পুত্ৰ, বোৱাৰী, দুগৰাকী বিবাহিতা কন্যা, নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে ৷ তেখেতৰ মৃত্যুত টিংখাঙত শোকৰ ছাঁ পৰিছে ৷