Logo
image

উক্তি-বক্ৰোক্তি

আমেৰিকাত অধ্যয়নৰত ভাৰতীয় আৰু ভাৰতীয় মূলৰ শিক্ষাৰ্থীৰ ওপৰত চলা আক্ৰমণ গুৰুতৰ অপৰাধ৷ এয়া ক্ষমাযোগ্য নহয়৷ ধৰ্ম-বৰ্ণ আৰু আন আন দিশক লৈ হোৱা এনে আক্ৰমণে আমেৰিকাৰ সন্মানত আঘাত হানিছে৷ আমি এনে ঘটনা ৰোধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছোঁ৷
– মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন

মই আগতেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আছিলোঁ, এতিয়াও আছোঁ আৰু আগলৈও থাকিম৷ মই আৰু মোৰ দল এতিয়াৰ পৰা এন ডি এ-ৰ সৈতেই থাকিম৷ এতিয়া আৰু এন ডি এ এৰি আন ক’লৈকো যোৱাৰ প্ৰশ্নই নুঠে৷
– বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰ

বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ মুৰব্বী নীতীশ কুমাৰে যদি ভৱিষ্যতে পুনৰ আমাৰ মহাজোঁটলৈ আহিব বিচাৰে, তেন্তে তেওঁৰ আগ্ৰহৰ প্ৰতি সন্মান জনোৱা হ’ব৷ নীতীশ কুমাৰৰ বাবে আমাৰ দুৱাৰ সদায় খোলা আছে, খোলা থাকিব৷
– আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ

আজিৰ দিনত কোনো মন্ত্ৰীয়ে কোনো বিষয়াক হেঁচা নিদিয়ে৷ কোনো কামত হেঁচা দিবলৈ ফোন নকৰে৷ চোৰ কোন, ডকাইত কোন পুলিচে সকলো জানে৷ ইচ্ছা কৰিলে এছ পিয়ে সকলো নোহোৱা কৰি দিব পাৰে৷ থানাই একো দিব নালাগে বুলি এছ পিয়ে সকলো থানাক কৈ দিলেই এইবোৰ বন্ধ হৈ যাব৷ বহুত ডাক্তৰে নাৰ্ছিংহোমত কাম কৰি কৰি এক তাৰিখে চৰকাৰৰ পৰা দৰমহা লয়৷ নাৰ্ছিংহোমত যদি কামেই কৰে, তেন্তে চৰকাৰৰ পৰা কিয় দৰমহা লয়?
– মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা

অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা৷ বছৰি প্ৰায় ৫০ হাজাৰ কৰ্কট ৰোগী চিনাক্ত হৈছে৷ কম বয়সীয়া লোকৰ দেহতো ধৰা পৰিছে কৰ্কট ৰোগ৷ কৰ্কট ৰোগ যাতে আৰম্ভণিৰ পৰ্যায়তে ধৰা পৰে, চৰকাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ উপৰি কেইবাটাও এনজিঅ’ৰ সহায়ত এই কাম চলি আছে৷ অসম চৰকাৰৰ উপৰি টাটা ট্ৰাষ্টৰ কেইবাখনো কৰ্কট হাস্পতালৰ কাম চলি আছে৷ 
– স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

বিজেপি অজগৰ সাপৰ দৰে৷ অজগৰ সাপে যেনেকৈ সকলো গোটে গোটে গিলে তেনেকৈ বিজেপিয়ে সকলোকে গিলি পেলাইছে৷ আমাৰ চৰকাৰ থকাৰ সময়ত আমাৰ লগত যি আঞ্চলিক দল আছিল সেই দল শক্তিশালী হৈয়ে আছে; কিন্তু বিজেপিৰ যিবোৰ আঞ্চলিক দল আছে সেইবোৰ দল দিনক দিনে দুৰ্বল হৈ গৈ আছে৷
– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

অৱশেষত অসম চৰকাৰে নিজৰ আঁকোৰগোজ স্থিতি পৰিহাৰ কৰি ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞানৰ পাঠ্যপুথি অসমীয়া আৰু বড়োকে ধৰি বিভিন্ন মাতৃভাষাত ছপোৱাৰ সিদ্ধান্ত লৈছে৷ ইতিপূৰ্বে অসম চৰকাৰে এই পাঠ্যপুথি কেৱল ইংৰাজীত ছপোৱাৰ সিদ্ধান্ত লৈছিল৷ আছু, এবছু, অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ উপৰি বিভিন্ন শিক্ষক সংগঠনে আৰম্ভণিৰে পৰা ইয়াৰ বিৰোধিতা কৰিছিল৷ ৰাইজৰ সহযোগত আন্দোলনো কৰিছিল৷ সেই আন্দোলনৰ ফলতে দ্বিভাষিক পাঠ্যপুথি ছপাবলৈ সিদ্ধান্ত ল’লে অসম চৰকাৰে৷ 
– ‘আছু’ৰ সভাপতি উৎপল শৰ্মা

কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্ৱৰ্তীকালীন বাজেটখন এছ ইউ ভি গাড়ীৰ দৰে শক্তিশালী, লিম’জিনৰ দৰে সুষম আৰু শুৱনি, স্প’ৰ্টছ কাৰৰ দৰে ক্ষিপ্ৰ৷ বিজেপি চৰকাৰ কোনো অ’ফ’ৰ্ড ডিগ্ৰীধাৰীৰ দৰে পৰিচালিত নহয়৷ বগীবিল দলঙৰ বাবে অসমবাসীয়ে বাজপেয়ী আৰু দেৱেগৌড়াক মনত ৰাখিব৷ সেইদৰে চীনৰ হাতত অসমক প্ৰায় সমৰ্পণ কৰাৰ বাবে জৱাহৰলাল নেহৰুক অসমৰ ৰাইজে সদায় মনত ৰাখিব৷
– ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা