Logo
image

৫ হাজাৰ ‘অদৃশ্য’ প্ৰাৰ্থীৰ ৰহস্য! ক’ত কোনে দিলে নিযুক্তি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ বিগত বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি ক্ষমতালৈ আহিলে প্ৰতি বছৰেই ৰ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু চৰকাৰ গঠনৰ তিনি বছৰ সম্পূৰ্ণ হ’বৰ হ’ল যদিও এইপৰ্যন্ত বছৰি এক লাখ দূৰৰে কথা সম্পূৰ্ণ এক লাখ চৰকাৰী চাকৰিৰ লক্ষ্যতো উপনীত হ’ব পৰা নাই৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ নহ’লেও অসম চৰকাৰে সৰ্বমুঠ এক লাখ চাকৰিৰ লক্ষ্যৰ দিশে আগবঢ়া বুলি বিধানসভাত বাজেট পাঠ কৰি সদম্ভ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে৷ বিধানসভাত বিত্তমন্ত্ৰীয়ে ৰাজ্যৰ ২০লাখ পঞ্জীয়নভুক্ত নিবনুৱাই এটা চৰকাৰী চাকৰিৰ আশাত কক্‌বকাই থকাৰ আন এক উদ্বেগজনক দিশো উন্মোচন কৰে৷ বিধানসভাত চৰকাৰে এক লাখ চৰকাৰী চাকৰিৰ লক্ষ্যৰে ৯৪,৫০৬জনক সফলতাৰে নিযুক্তি দিয়া বুলি ঘোষণা কৰিলেও চৰকাৰী পৰিসংখ্যাক লৈ এতিয়া সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো ৰাজ্য চৰকাৰে ৫,৭৭৭জন ‘অদৃশ্য’ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি ৰাজ্য চৰকাৰে বিগত ৩ ফেব্ৰুৱাৰীত লোকনিৰ্মাণ বিভাগত ৭৩জন কনিষ্ঠ অভিযন্তাক নিযুক্তি প্ৰদান কৰিছিল৷ লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত চন্দন শৰ্মা আৰু ৰাজ চক্ৰৱৰ্তীয়ে বিতৰণ কৰা এই নিযুক্তি-পত্ৰ বিতৰণৰ সন্দৰ্ভত চৰকাৰে সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ সেই বিজ্ঞাপনত ৰ লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ দিশেৰে অসম চৰকাৰ  আগবঢ়া বুলি উল্লেখ কৰি উক্ত দিনটো পৰ্যন্ত অসম চৰকাৰে বিভিন্ন বিভাগত সৰ্বমুঠ ৮৮,৬২০জন যোগ্য নিবনুৱাক নিযুক্তি দিয়া বুলি প্ৰকাশ কৰিছিল৷ এই নিযুক্তি-পত্ৰ বিতৰণৰ অনুষ্ঠানৰ পাছত বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছিল যদিও চৰকাৰে আন কোনো নিযুক্তি-পত্ৰ বিতৰণ কৰা নাছিল৷ ইয়াৰ পাছতেই ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত আন এটা নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠানত খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাছনি লাভ কৰা ৮৪০জন নিবনুৱাৰ হাতত নিযুক্তি-পত্ৰ তুলি দিছিল৷ মুঠ ১৫টা বিভাগৰ এই নিযুক্তি-পত্ৰ বিতৰণৰ সন্দৰ্ভতো চৰকাৰে সংবাদ মাধ্যমত সবিস্তাৰে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ উক্ত বিজ্ঞাপনত অতি আ(ৰ্যজনকভাৱে চৰকাৰে সৰ্বমুঠ ৯৪,৩৯৭জন নিবনুৱাক নিযুক্তি দিয়া বুলি প্ৰকাশ কৰে৷ পূৰ্বে চৰকাৰে প্ৰকাশ কৰা নিযুক্তি তালিকাত সৰ্বমুঠ ৮৮,৬২০জন প্ৰাৰ্থীক নিযুক্তি-পত্ৰ দিয়া বুলি উল্লেখ কৰিছিল যদিও মাত্ৰ ১২ দিনৰ ব্যৱধানতে নিযুক্তি তালিকাত চাকৰি প্ৰাপকৰ তালিকা ৯৪,৩৯৭জনলৈ বৃদ্ধি পোৱাত স্বাভাৱিকতেই এতিয়া নিবনুৱাসকলৰ মনত সন্দেহৰ সৃষ্টি হৈছে৷ মাত্ৰ ১২ দিনৰ ব্যৱধানত চৰকাৰে ৫,৭৭৭জন ‘অদৃশ্য’ প্ৰাৰ্থীক চৰকাৰী চাকৰি দিয়া বুলিও অভিযোগ কৰিছে৷ যাৰ বাবে দুটা সপ্তাহৰ ভিতৰত কোন বিভাগত কি কি পদত কিমানজন প্ৰাৰ্থীক নিযুক্তি দিছিল তাক ৰাজহুৱা কৰাৰ বাবেও এতিয়া দাবী উত্থাপন হৈছে৷ এই সন্দৰ্ভত ফাইট ইগেইনষ্ট এনজাষ্টিচ অৱ এপিএছচিৰ নেতৃত্বই কয়– অসম চৰকাৰে ৰাজ্যৰ ২০ লাখ নিবনুৱাৰ মাজৰ পৰা ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিবলৈ চেষ্টা কৰিছে, সেই কাৰ্যক আমি আদৰণি জনাইছোঁ৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিবছৰে ৰ লাখ নিবনুৱাক চাকৰি দিম বুলি ফটা ঢোল কোবাইছিল যদিও বিগত তিনিবছৰীয়া কাৰ্যকালত মাত্ৰ ৰ লাখৰ লক্ষ্য পূৰণৰ দিশেহে আগবাঢ়িছে৷ কিন্তু চৰকাৰৰ ৰ লাখ নিযুক্তিৰ হিচাপটো স্পষ্ট নোহোৱাত আমাৰ সন্দেহ হৈছে৷ কিয়নো চৰকাৰে এতিয়া ৫,৭৭৭জন অদৃশ্য প্ৰাৰ্থীক নিযুক্তি দিয়া দেখা গৈছে৷ কেৱল ৰ লাখৰ লক্ষ্য পূৰণৰ প্ৰচাৰৰ নামত চৰকাৰে সংখ্যা বৃদ্ধি কৰিছে নেকি তাক লৈ সন্দেহৰ অৱকাশ আছে৷ কিয়নো ৩ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীৰ ভিতৰত অসম চৰকাৰে আন কোনো নতুন নিযুক্তি-পত্ৰ বিতৰণ কৰাৰ খবৰ প্ৰকাশ পোৱা নাই৷ এই সময়ছোৱাত বিধানসভাৰ অধিৱেশনহে চলি আছিল৷ তেনেস্থলত মাত্ৰ ১২ দিনৰ ভিতৰত ৫,৭৭৭জন প্ৰাৰ্থীক কোন কোন বিভাগত কেতিয়া নিযুক্তি দিলে৷ যিখন চৰকাৰে ঠিকাভিত্তিক নিযুক্তিকো চৰকাৰী চাকৰি দেখুৱাই মেলা পাতি নিযুক্তি-পত্ৰ বিতৰণ কৰে, সেই চৰকাৰে ১২ দিনৰ ভিতৰত ৫,৭৭৭জনক ইমান গোপনে নিযুক্তি দিয়াটো সম্ভৱেই নহয়৷ সেয়েহে চৰকাৰক এই তথ্য বিসংগতিৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছো৷ ১ লাখ নিযুক্তিৰ প্ৰতিজনৰে নাম-ঠিকনা চৰকাৰে ৰাজহুৱা কৰি দেখুৱাওক৷