Logo
image

কোনে সহায় কৰিছে বিচ্ছিন্নতাবাদী অমৃতপালকঃ খালিস্তানী কাৰাবন্দীৰ কুঠৰীতে উদ্ধাৰ বহু গেজেট

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শনিবাৰে উদ্ধাৰ কৰা হয় স্পাই কেমেৰা, মোবাইল ফোনসহ বহু আপত্তিজনক সামগ্ৰী৷ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবন্দী হৈ থকা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী তথা খালিস্থানপন্থী নেতা অমৃতপাল সিং কুঠৰীৰ পৰা জব্দ কৰিছে এইসমূহ সামগ্ৰী৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ কতৃৰ্পক্ষই গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত এন এছ এ চেলৰ পৰা ছিমকাৰ্ড সংলগ্ন স্মাৰ্ট ফোন, কিপেড মোবাইল, কিব’ৰ্ড থকা টিভিৰ ৰিম’ৰ্ট, স্পাই কেমেৰা, পেন ড্ৰাইভ, ব্লুটুথ হেডফোন, স্পীকাৰ আৰু স্মাৰ্ট ঘড়ীকে ধৰি বহু গেজেট জব্দ কৰিছে৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ পাছতো আপত্তিজনক সামগ্ৰী উদ্ধাৰক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সামাজিক মাধ্যমত এই ভয়ংকৰ তথ্য প্ৰকাশ কৰাৰ পিছতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত নিৰাপত্তা ব্যৱস্থাটোক লৈ প্ৰশ্ন উঠিছে৷ বিচ্ছিন্নতাবাদী কাৰাবন্দী অমৃতপাল সিংসহ আন ৯ খালিস্থানপন্থীয়ে ডিব্ৰুগড় কেন্দ্ৰৰ পৰাই বহিঃজগতৰে ভয়ংকৰ নেটৱৰ্ক গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল৷ ইফালে, কেন্দ্ৰীয় কাৰাগাৰত অসম আৰক্ষীৰ ব্লেক কমাণ্ডো নিয়োজিত কৰি ৰখাৰ পিছতো কাৰাগাৰৰ ভিতৰত আপত্তিজনক সামগ্ৰী সৰবৰাহৰ বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অন্যহাতে, কাৰাবন্দী খালিস্তানপন্থী নেতাৰ তদাৰকৰ দায়িত্বত নিয়োজিত হৈ আছিল অতিৰিক্ত ডি এম পৰ্যায়ৰ আৰক্ষী বিষয়া৷ তদুপৰি, আটাইকেইজন খালিস্তানী সমৰ্থকক ২৪ ঘণ্টাই চিচি টিভি কেমেৰাৰ নিৰীক্ষণত ৰখা হৈছিল৷ উল্লেখযোগ্য যে, ২০২৩ চনৰ ১৯ মাৰ্চত প্ৰথম পৰ্যায়ত অমৃতপাল সিঙৰ চাৰি সমৰ্থকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল৷ সেইসকলৰ ভিতৰত আছিল খালিস্তানপন্থী বিদ্ৰোহী নেতা দলজিৎ সিং কালচি, বচন্ত সিং, গুৰমিত সিং ভূষণৱালা আৰু ভগৱন্ত সিং আদি৷ ২১ মাৰ্চত দ্বিতীয় পৰ্যায়ত পুনৰ ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ খুড়াক হৰিজিত সিঙক অনাৰ পিছত দিনৰ ভাগত দুই ঘনিষ্ঠ কুলৱাণ্ট সিং ধালিয়াল আৰু গুৰিন্দাৰ পাল সিঙকো কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ মন কৰিবলগীয়া কথাটো হ’ল– ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ লগতে ১২ টাকৈ গোচৰ ৰুজু হৈ আছে৷ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰে সম্পৰ্ক থকা অমৃতপাল সিঙৰ নেতৃত্বত ৯ কাৰাবন্দীৰ এন এছ এ চেলৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ পোৱাৰ পাছত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ কতৃৰ্পক্ষই নিৰাপত্তা ব্যৱস্থাটো কিদৰে কঠোৰ হ’ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷ বিচ্ছিন্নতাবাদী অমৃতপাল আৰু তেওঁৰ সংগীসকলক কোনে কেনেকৈ সহায় কৰিছে, সেই লৈও বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷