এইবোৰ উপায়েৰে এচিডিটিৰ পৰা পাব দ্ৰুত সকাহ
এচিডিটি আজিকালি অতি সাধাৰণ বেমাৰত পৰিণত হৈছে৷ প্ৰায়ভাগ লোকেই এচিডিটিৰ সমস্যাত ভোগে৷ কৰ্ম ব্যস্ততা আৰু অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পাছত শাৰীৰিক বিসংগতি হোৱাটো স্বাভাৱিক৷ অতিৰিক্ত তেল, মছলাযুক্ত আৰু ষ্ট্ৰীট ফুডেই হওক বা হোটেলৰ খাদ্যয়েই হওক শাৰীৰিক বিসংগতিৰ ক্ষেত্ৰত কোনোধৰণৰ ৰেহাই পোৱা নাযায়৷ অতিৰিক্ত খাদ্য গ্ৰহণো এচিডিটিৰ অন্যতম কাৰণ৷ তদুপৰি প্ৰয়োজন অনুসৰি পানী খোৱাও প্ৰায় নহয়েই৷ ফলত বুকু জ্বলা, ডিঙি জ্বলা আৰু পেটত অস্বস্তিৰ ভাব লাগি থাকে৷ সেয়েহে ঘৰৰ খাদ্য এৰি বাহিৰৰ খাদ্য খালে এনেধৰণৰ সমস্যাত ভুগিবলগীয়া হয়৷ এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ এইখিনি কাম কৰক–
- অতিৰিক্ত জ্বলা, তেল-মছলাযুক্ত তথা ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক৷
- অতিৰিক্ত খাদ্য কেতিয়াও নাখাব৷
- বেছি সময় ধৰি খাদ্য নোখোৱাকৈ নাথাকিব৷
- অসময়ত আৰু অনিয়মিতভাৱে খাদ্য খোৱাৰ পৰা বিৰত থাকক৷
- নিশাৰ খাদ্য সোনকালে খাওক৷
- খোৱাৰ লগে লগে শুই নপৰিব৷
- ধুমপান, মদ্যপান, কফি আৰু এছপিৰিন জাতীয় ঔষধ নাখাব৷
- মানসিক চাপ সদায় দূৰৈত ৰাখিব৷
- ধনীয়া কম পৰিমাণে খোৱাৰ অভ্যাস কৰক৷
- খোৱাৰ পাছত আধা চামুচকৈ মৌ খাব৷
- নিয়মীয়াকৈ নাৰিকলৰ পানী খোৱা অভ্যাস কৰক৷
- যিমান পাৰি মিচিৰিৰ চৰৱত খাব পাৰে৷
- খালী পেটত এমুঠিমান তিয়াই থোৱা কিছমিছ নিয়মীয়াকৈ খাব পাৰে৷
- ঠাণ্ডাপানীত অলপ গোলাপজল আৰু পদিনা মিহলি পানী খোৱাটো শৰীৰৰ পক্ষে খুবেই ভাল৷
- আমলখি, ডালিম, কল, আপেল, খিছমিছ, নাৰিকল আদি ফল নিয়মীয়াকৈ খাব পাৰে৷
- এচিডিটিৰ পৰা ৰক্ষা পাবলৈ খালী পেটত সদায় ২০-২৫ মিলিগ্ৰাম এলোভেৰাৰ ৰস খাওঁক৷