Logo
image

এইবোৰ উপায়েৰে এচিডিটিৰ পৰা পাব দ্ৰুত সকাহ

এচিডিটি আজিকালি অতি সাধাৰণ বেমাৰত পৰিণত হৈছে৷ প্ৰায়ভাগ লোকেই এচিডিটিৰ সমস্যাত ভোগে৷ কৰ্ম ব্যস্ততা আৰু অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পাছত শাৰীৰিক বিসংগতি হোৱাটো স্বাভাৱিক৷ অতিৰিক্ত তেল, মছলাযুক্ত আৰু ষ্ট্ৰীট ফুডেই হওক বা  হোটেলৰ খাদ্যয়েই হওক শাৰীৰিক বিসংগতিৰ ক্ষেত্ৰত কোনোধৰণৰ ৰেহাই পোৱা নাযায়৷ অতিৰিক্ত খাদ্য গ্ৰহণো এচিডিটিৰ অন্যতম কাৰণ৷ তদুপৰি প্ৰয়োজন অনুসৰি পানী খোৱাও প্ৰায় নহয়েই৷ ফলত বুকু জ্বলা, ডিঙি জ্বলা আৰু পেটত অস্বস্তিৰ ভাব লাগি থাকে৷  সেয়েহে ঘৰৰ খাদ্য এৰি বাহিৰৰ খাদ্য খালে এনেধৰণৰ সমস্যাত ভুগিবলগীয়া হয়৷ এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ এইখিনি কাম কৰক– 

- অতিৰিক্ত জ্বলা, তেল-মছলাযুক্ত তথা ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ 
- অতিৰিক্ত খাদ্য কেতিয়াও নাখাব৷ 
- বেছি সময় ধৰি খাদ্য নোখোৱাকৈ নাথাকিব৷ 
- অসময়ত আৰু অনিয়মিতভাৱে খাদ্য খোৱাৰ পৰা বিৰত থাকক৷
- নিশাৰ খাদ্য সোনকালে খাওক৷ 
- খোৱাৰ লগে লগে শুই নপৰিব৷ 
- ধুমপান, মদ্যপান, কফি আৰু এছপিৰিন জাতীয় ঔষধ নাখাব৷  
- মানসিক চাপ সদায় দূৰৈত ৰাখিব৷ 
- ধনীয়া কম পৰিমাণে খোৱাৰ অভ্যাস কৰক৷ 
- খোৱাৰ পাছত আধা চামুচকৈ মৌ খাব৷ 
- নিয়মীয়াকৈ নাৰিকলৰ পানী খোৱা অভ্যাস কৰক৷ 
- যিমান পাৰি মিচিৰিৰ চৰৱত খাব পাৰে৷ 
- খালী পেটত এমুঠিমান তিয়াই থোৱা কিছমিছ নিয়মীয়াকৈ খাব পাৰে৷ 
- ঠাণ্ডাপানীত অলপ গোলাপজল আৰু পদিনা মিহলি পানী খোৱাটো শৰীৰৰ পক্ষে খুবেই ভাল৷ 
- আমলখি, ডালিম, কল, আপেল, খিছমিছ, নাৰিকল আদি  ফল নিয়মীয়াকৈ খাব পাৰে৷
- এচিডিটিৰ পৰা ৰক্ষা পাবলৈ খালী পেটত সদায় ২০-২৫ মিলিগ্ৰাম এলোভেৰাৰ ৰস খাওঁক৷