Logo
image

‘কা’বিৰোধী আন্দোলনৰ বাবে বিধায়ক পদো এৰিমঃ অখিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ ‘বহুতে ভাবে মই এমএলএ হৈ গ’লোঁ বাবে ঠাণ্ডা হৈ গ’লোঁ৷ কিন্তু মই স্পষ্ট ভাষাৰে কৈছোঁ– ৰাজপথৰ আন্দোলনৰ বাবে যিদিনাই প্ৰয়োজন হ’ব, সেই দিনাই এমএলএ পদৰ পৰা মই পদত্যাগ কৰিম৷’– এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ 

শনিবাৰে গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত ‘কা’বিৰোধী সমাৱেশত অংশগ্ৰহণ কৰি অখিল গগৈয়ে সাংবাদিকৰ আগত কয়–"মোক গোচৰ দিয়ক, জে’ল দিয়ক, ফাঁচী দিয়ক আৰু কিবা কিবি দিয়ক– কিন্তু ‘কা’ বিৰোধীতা কৰি থাকিম৷ ‘কা’ যদি বলবৎ কৰে আকৌ যুঁজত জাঁপ মাৰি দিম৷ বহুতে ভাৱে যে ই এমএলএ হৈ গ’ল, ঠাণ্ডা হৈ গ’ল৷ যিদিনাই প্ৰয়োজন হ’ব এমএলএ পদ ত্যাগ কৰিম৷ এমএলএৰ পৰা আতৰি দিম৷ এমএলএৰ পদ ত্যাগ কৰি আকৌ জনগণৰ মাজলৈ গৈ আগৰ দৰে একেই যুঁজাৰু মনোবৃত্তিৰে যুঁজিবলৈ সাঁজু হৈ আছো৷ ‘কা’ যদি সঁচাকৈ বলবৎ কৰে তেওঁক অসমীয়া জাতিৰ অস্তিত্বৰ আটাইতকৈ ডাঙৰ সংকতটো বিজেপি চৰকাৰৰ দিনত নামি আহিব৷ ‘কা’খন বলবৎ হ’লেই ১৫-২০ লাখ মানুহে নাগৰিকত্ব পাব৷ আগতে এক কোটি ৯০ লাখৰ কথা কৈছিলো– এতিয়া আমি নামি আছিলো নেকি, বহুতে মোক প্ৰশ্ন কৰে৷ মই কোনোদিনে নামি অহা নাই– ‘কা’ যদি বলবৎ হয় লগে লগে অসমত থকা এক কোটি ৯০ লাখ হিন্দু বাংলাদেশী নাগৰিকে লগে লগে নাগৰিকত্ব পাব আৰু বাংলাদেশত থকা এক কোটি ৭০ লাখ লোকে অসমলৈ অহাৰ সুযোগ পাব৷ ‘কা’ ই এক কোটি ৯০ লাখ হিন্দু-বাংলাদেশীৰ বোজাৰ বাবে আমাৰ অসমখনৰ দুৱাৰখন খুলি দিলে৷ অসমীয়া জাতিৰ ভাষা-সংস্কৃতিৰ অধিকাৰ ‘কা’ই চিৰকালৰ বাবে নাইকীয়া কৰি পেলাব৷ ‘কা’ আমাৰ কাৰণে জীৱন-মৰণৰ প্ৰশ্ন৷ ‘কা’ যদি প্ৰতিৰোধ কৰিব নোৱাৰো অসমীয়া জাতি নাবাচে৷ এতিয়া আমি ফেচীবাদৰ যুগত বসবাস কৰিছোঁ৷"