Logo
image

বৰযাত্ৰীৰ সৈতে চোৰৰ প্ৰৱেশঃ কইনা ঘৰত চলালে চাফাই অভিযান, উদং কৰি নিলে গহনা-কাপোৰ

'আমাৰ অসম'ৰ মহানগৰীৰ প্রতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ আৰক্ষীৰ চকুত ধূলি মাৰিবলৈ চোৰে নতুন নতুন আদৱ কায়দাৰে চুৰি কাৰ্যত লিপ্ত হৈছে। এইবাৰ মানুহৰ ঘৰ নতুবা কোনো ধর্মীয় অনুষ্ঠান নহয়। এইবাৰ চোৰৰ চাফাই অভিযান চলিল গুৱাহাটীৰ এটা বিবাহ মণ্ডপত। বৰযাত্ৰীৰ লগত আহি চোৰে উদং কৰি নিলে কইনাৰ সোণৰ গহনা আৰু কাপোৰ। স্বাভাৱিকতে এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। জানিব পৰা মতে, মহানগৰীৰ উজান বজাৰৰ বাসিন্দা বিবেক ৰয়ে গান্ধী বস্থিৰ এগৰাকী যুৱতী লগত যোৱা ১৬ ফেব্ৰুৱাৰীত মঠঘৰীয়াস্থিত দ্যা ক্ৰাউন বিবাহ ভৱনত তেওঁৰ বিয়াৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিছিল। সেইদিনা বিবাহ ভৱনত বৰযাত্ৰী আৰু কইনা যাত্ৰীৰ উপস্থিতিত সৃষ্টি হৈছিল এক উখল মাখল পৰিবেশৰ।

এসময়ত বৰযাত্ৰী আৰু কইনা ঘৰৰ লোকসকল আহাৰ গ্ৰহণত ব্যস্ত হৈ পৰিছিল। কিন্তু পুৱতি নিশা বৰযাত্ৰীৰ ৰূপত অহা এজন যুৱকে কইনাৰ বাবে ৰাখি থোৱা সোণৰ গহনা আৰু কাপোৰ থোৱা কোঠালীৰ ভিতৰত প্ৰৱেশ কৰে। পাছত দৰাৰ পৰিয়ালে যেতিয়া কইনাৰ সোণৰ গহনা আৰু কাপোৰ ভৰ্তি বেগটো আনিবলৈ কোঠাটোৰ ভিতৰলৈ যায়, তেতিয়া তাত নাছিল সেই বিশেষ বেগটো।

কোঠাটোৰ ভিতৰত কইনাৰ সোণৰ গহনা আৰু কাপোৰ ভৰ্তি বেগটো দেখা নাপাই বিবাহস্থলীত হুৱাদুৱা লাগে।
কইনাৰ সোণৰ গহনা আৰু কাপোৰ ভৰ্তি বেগটো কতো বিছাৰি নাপাই দৰাৰ পৰিয়ালে চি চি টিভিৰ কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে। চি চি টিভিৰ ফুটেজত এজন অচিনাক্ত যুৱকে কইনাৰ সোণৰ গহনা আৰু কাপোৰ ভৰ্তি বেগটো লৈ যোৱাৰ দৃশ্য ধৰা পৰে।

পাছত ঘটনা সন্দৰ্ভত দৰা বিবেক ৰায়ে ঘটনাৰ পিছদিনা অৰ্থাৎ শনিবাৰে নুনমাটি থানাত এজাহাৰ দাখিল কৰে।
নুনমাটি আৰক্ষীয়ে ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখাৰ পৰলৈ চোৰৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। চুৰি হোৱা বেগটোৰ ভিতৰত প্ৰায় আঢ়ৈ লাখ টকাৰ সোণৰ গহনা আৰু দুই লাখ টকাৰ কাপোৰ আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। উল্লেখ্য যে মাংগলিক অনুষ্ঠানৰ সময়ত চোৰজনে দৰা আৰু কইনাৰ কাষত বহি সামগ্ৰী যোগান ধৰাৰ দৃশ্য চি চি টিভিৰ কেমেৰাত ধৰা পৰিছে। আচলতে দৰাৰ পক্ষই চোৰজনক কইনা ঘৰৰ যুৱক বুলি ভাবি লৈছিল আৰু কইনা পক্ষই চোৰজনক কইনা ঘৰৰ যুৱক বুলি ভাবি লৈছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। চোৰজনক গ্ৰেপ্তাৰ কৰিবলৈ নুনমাটি আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে। অৱশ্যে আৰক্ষীয়ে এতিয়াও চোৰজনৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই।