Logo
image

ৰাজহ সংগ্ৰহৰ লক্ষ্য পূৰণৰ নামত সাধাৰণ লোকক হাৰাশাস্তিঃ ঘৰত শুই থকা যুৱককো হেলমেট নিপিন্ধাৰ অভিযোগত জৰিমনা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ ফেব্ৰুৱাৰীঃ প্ৰায় ডেৰ লক্ষ্য কোটি টকা ঋণত কক্‌বকাই থকা চৰকাৰে এতিয়া ৰাজহ ঘাটি জোৰাৰ মৰাৰ বাবে কৰ সংগ্ৰহৰ হেঁচা প্ৰয়োগ কৰিছে পৰিবহণ বিভাগক৷ ৰাজহ সংগ্ৰহৰ বাবে দিছপুৰৰ পৰা হেঁচা লাভ কৰাত পৰিবহণ বিভাগে এতিয়া ঘৰত শুই থকা যুৱককো ৰাজপথত হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলোৱাৰ অপৰাধত চালান প্ৰেৰণ কৰি জৰিমনা বিহাৰ আৱজ ঘটনা সংঘটিত হৈছে৷ কয়লা-চুপাৰি ট্ৰাকক এছক’ৰ্ট দি গুৱাহাটীৰ ৰাজপথ পাৰ কৰোৱাৰ অভিযোগ থকা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে মটৰ চাইকেলৰ গৰাকীকো স্কুটী বাহনৰ নম্বৰৰ বিপৰীতে জৰিমনাৰ চালান প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ সততে সাংবাদিকক লগত লৈ গুৱাহাটীৰ ৰাজপথত ড্ৰিংক এণ্ড ড্ৰাইভছৰ অভিযান চলাই একাংশ চালকক ৰাজহুৱাকৈ অপদস্থ কৰাৰ অভিযোগ থকা ডিটিঅ’ হিমাংশু কুমাৰ দাসে এ এছ ০১ ডি ৱাই ১৩৬২ নম্বৰৰ য়ামাহা বাইকৰ গৰাকীলৈ হেলমেট নিপিন্ধাৰ অভিযোগত ১,০০০ টকা জৰিমনাৰ চালান প্ৰেৰণ কৰিছে৷ এ এছ ০১ ডি ৱাই ১৩৬২ নম্বৰৰ বাহনখন প্ৰকৃততে এখন মটৰ চাইকেল যদিও ডিটিঅ’ৱে প্ৰেৰণ কৰা চালানত এখন স্কুটীৰ ফটোহে সংলগ্ন কৰিছে৷ চালনত সংলগ্ন কৰা স্কুটীখনৰ পঞ্জীয়ন নম্বৰ এ এছ ০১ ডি ভি ১৩৬২  (গৰাকী-কাজল বিশ্বাস) বুলি স্পষ্টকৈ উল্লেখ থকাৰ পাছতো জিলা পৰিবহণ বিষয়াই এ এছ ০১ ডি ৱাই ১৩৬২ নম্বৰৰ মটৰ চাইকেলখনৰ গৰাকীজনকে যান-বাহন আইন উলংঘনৰ অভিযোগত অভিযুক্ত কৰিছে৷ আনকি মটৰ চাইকেলৰ গৰাকীয়ে হেলমেট নিপিন্ধাৰ অপৰাধৰ সাক্ষী হিচাপে সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক এছ এ তালুকদাৰ আৰু প্ৰৱৰ্তক চেকাৰ নৱজিৎ দাসৰ নামো উল্লেখ কৰিছে চালানত৷ স্বাভাৱিকতেই এতিয়া পৰিবহণ বিভাগৰ এই চালান লাভ কৰি হতভম্ব হৈ পৰিছে মটৰ চাইকেলখনৰ প্ৰকৃত গৰাকী৷ কিয়নো বিগত ৬ ফেব্ৰুৱাৰীত যান-বাহন আইন উলংঘনৰ ঘটনা সংঘটিত কৰা বুলি চালানত উল্লেখ কৰিছে যদিও সেই দিনটোত অসুস্থতাৰ বাবে পুৱাৰ পৰা নিশালৈ ঘৰতে শুই বহি কটোৱা বুলিহে জানিবলৈ দিছে মটৰ চাইকেলখনৰ গৰাকীয়ে৷ আনকি সেই দিনটোত মটৰ চাইকেলখন গেৰেজৰ বাহিৰ হোৱা নাছিল বুলিও গৰাকীয়ে দাবী কৰিছে৷ নকলেও হ’ব যে কৰ সংগ্ৰহৰ লক্ষ্য পূৰণৰ স্বাৰ্থতেই পৰিবহণ বিভাগে স্কুটীৰ গৰাকীয়ে সংঘটিত কৰা যান-বাহন আইন উলংঘনৰ বিপৰীতে এজন সাধাৰণ মটৰ চাইকেলৰ গৰাকীলৈ চালান প্ৰেৰণ কৰিছে৷ দিছপুৰে নিৰ্ধাৰণ কৰি দিয়া ৰাজহ সংগ্ৰহৰ লক্ষ্য পূৰণৰ বাবে ইয়াৰ পূৰ্বেও পৰিবহণ বিভাগে বৰপেটাৰ বাসগৃহৰ গেৰেজট থকা বাহনক গুৱাহাটীৰ ৰাজপথত আইন অমান্য কৰাৰ অভিযোগত চালান প্ৰেৰণৰ উদাহৰণ আছে৷ ৰাজহ সংগ্ৰহৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিলে গুৱাহাটী মহানগৰীত ডিটিঅ’ৰ দৰে লোভনীয় পদৰ পৰা আঁতৰ হোৱাৰ ভয়তে জিলা পৰিবহণ বিষয়াই এতিয়া এনেদৰে জধে-মধে সাধাৰণ লোকলৈ জৰিমনাৰ চালান প্ৰেৰণ কৰি মানসিক হাৰাশাস্তি কৰাও অভিযোগ উঠিছে৷