Logo
image

এইবাৰ আক্ৰমণাত্মক গৌৰৱঃ পদুম বাদ দি বুলড’জাৰক প্ৰতীক কৰক বিজেপিয়ে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৩ ফেব্ৰুৱাৰীঃ পদুম বাদ দি বুলড’জাৰক প্ৰতীক কৰক বিজেপিয়ে৷ এইদৰে কটাক্ষ কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা, বিধায়কক চিআইডি, ইডি লগাই ভয়-ভাবুকিৰে বিজেপিলৈ নিয়া বুলি চৰ্চা হোৱাৰ পাছত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ সাংসদ গগৈয়ে এই মন্তব্য কৰে৷ তেওঁ কয়– বিজেপিয়ে যিধৰণে চিআইডি, ইডিক ব্যৱহাৰ কৰিছে কংগ্ৰেছে চৰকাৰ গঠন কৰিলে আমিও তেনেদৰে চিআইডি, ইডিক ব্যৱহাৰ কৰিম৷ যদি এইবোৰ নিবিচাৰে বিজেপিয়ে ভাল আদৰ্শ থকা বুলি ইডি চিআইডিক ব্যৱহাৰ কৰক৷ নিজৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰিব চিআইডি-ইডিক৷ তেওঁলোক এতিয়া ক্ষমতাত আছে৷ আইন উলংঘা কৰি কামবোৰ কৰি আছে৷ এয়াই যদি চলি থাকে আমাৰ চৰকাৰ হ’লেও এজন এজনকৈ সকলো মন্ত্ৰীৰ ফাইল খুলিবলৈ আৰম্ভ কৰিম৷ আমি আৰম্ভ কৰিম গুৱাহাটী মহানগৰীৰ উৰণসেতুৰ ফাইল খোলা৷ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে ৰাইজৰ বিৰোধিতা কৰাৰ অধিকাৰ আছে৷ তেওঁলোকক অযথা হাৰাশাস্তি কৰিবলৈ চেষ্টা নকৰিব৷ আমি ৰাইজৰ লগত আছোঁ৷ উল্লেখ্য, শিলসাঁকোৰ অমানৱীয় উছেদৰ বলি হোৱা প্ৰতিটো থলুৱা পৰিয়ালক অতি শীঘ্ৰে পুনৰ সংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে অৰ্থাৎ তৃতীয় দিনাও অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত ৰাখিছে শিলসাঁকোৰ উচ্ছেদিতই৷ প্ৰতিবাদী কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰছৰ প্ৰতিনিধি বৰ্গ, চি পি এম দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক সূপ্ৰতিম তালুকদাৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদু্যৎ শইকীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে, আম আদমি পাৰ্টীৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজা, ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰণৱ জ্যোতি গোস্বামী উপস্থিত থাকি বিজেপি চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিক তীব্ৰ সমালোচনা কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সাংসদ গৌৰৱ গগৈয়ে কয়– বৰ্তমান শাসনাধিস্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন প্ৰকৃতাৰ্থত বুলড’জাৰৰ চৰকাৰ৷ এই চৰকাৰখনৰ দিনত চাৰিওফালে উচ্ছেদৰ বিভীষিকাই দেখা দিছে৷ এফালেদি খিলঞ্জীয়া লোকক উচ্ছেদ কৰিছে আনফালে মুখ্যমন্ত্ৰীৰ পৰিয়ালে নিজৰ নামত মাটি সম্পত্তি গোটাইছে৷ শিলসাঁকোত যিসময়ত হিমন্ত বিশ্ব শৰ্মাই থলুৱা লোকক উচ্ছেদ কৰিছে সেই একেটা সময়তে বদৰুদ্দিন আজমলৰ বিশাল মাটি সম্পত্তিত বুলড’জাৰ চলাব পৰা নাই৷ এই কাৰ্যই ইয়াকে প্ৰমাণ কৰে যে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োজন বন্ধু৷  আনহাতে, বিজিপি চৰকাৰে কংগ্ৰেছৰ বিধায়ক, নেতা-কৰ্মীক আৰক্ষী আৰু চি আই ডিৰ দ্বাৰা নিৰ্যাতন উৎপীড়ন চলাই আছে৷ আমাৰ চৰকাৰ আহিলে তেওঁলোককো একে পন্থাৰে নিৰ্যাতন উৎপীড়ন চলোৱা হ’ব৷ প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা কৰি কৃষক মুক্তিৰ নেতা বিদু্যৎ শইকীয়া আৰু আকাশ দলেয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে অসমৰ ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা৷ শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন, যথোচিত ক্ষতিপূৰণ দিয়া, ফ্লেট দিয়াৰ কথা ঘোষণা কৰিছিল যদিও এতিয়ালৈকে কোনো পৰিয়ালে পোৱা নাই৷ চলিত বিধানসভা অধিবেশনৰ ভিতৰতে শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে অসম বিধানসভাৰ প্ৰতিজন বিধায়কক চাৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিবলৈ অনুৰোধ জনায় কৃষক মুক্তিৰ নেতাদ্বয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত শিলসাঁকোৰ অমানৱীয় উচ্ছেদৰ বলি হৈ ইতিমধ্যে মৃত্যুমুখত পৰা টংকেশ্বৰ বণিয়া, মৃগেন ডেকা, জয়ন্ত তামোলী, গৌতম সন্ন্যাসী আৰু ইকবাল আহমেদৰ পৰিয়ালে কান্দি কান্দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে পুনৰ সংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ দিবলৈ আহ্বান জনায়৷