Logo
image

কিয় ৰামমন্দিৰলৈ নগ’ল ব্যাখ্যা দিলে বিজেপি নেতাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ফেব্ৰুৱাৰীঃ ৰাম মন্দিৰ দৰ্শনৰ বাবে অসমৰ মন্ত্ৰী-বিধায়কসকল কেতিয়া অযোধ্যালৈ যাব? আজিৰ তাৰিখত দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ মাজত ইয়াক কেন্দ্ৰ কৰি অব্যাহত আছে নানা-জল্পনা কল্পনাৰ৷ উল্লেখ্য, ২২ জানুৱাৰীত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ সেই সিদ্ধান্ত অনুসৰি ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ ১মাহ পূৰ্তিৰ দিনটোত অৰ্থাৎ ২২ ফেব্ৰুৱাৰীত মন্ত্ৰীসভাৰ সদস্যসকলক লগত লৈ ৰাম মন্দিৰ দৰ্শন কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ কেবিনেটত গ্ৰহণ কৰা এই প্ৰস্তাৱ গুৰুত্ব সহকাৰে সংবাদ মাধ্যমৰ আগত চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত দেখা গ’ল যে ২২ ফেব্ৰুৱাৰীত ৰাম মন্দিৰ দৰ্শনৰ যি চৰকাৰী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল সেই সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰখা হয়৷ এতিয়া লোকসভাৰ নিৰ্বাচনৰ পাছতহে ৰাম মন্দিৰ দৰ্শনৰ বাবে যাব অসম বিজেপিৰ মন্ত্ৰী-বিধায়ক আৰু জ্যেষ্ঠ নেতাসকলে৷ ৰাম মন্দিৰ দৰ্শন অভিযান কমিটীৰ অসমৰ সমন্বয়ক তথা জ্যেষ্ঠ বিজেপি নেতা বিজয় গুপ্তাই প্ৰকাশ কৰা অনুসৰি লোকসভাৰ নিৰ্বাচনৰ পাছতহে দলৰ মন্ত্ৰী-বিধায়ক-সাংসদ আৰু জ্যেষ্ঠ নেতাসকলে ৰাম মন্দিৰ দৰ্শনৰ বাবে যাব৷ বৰ্তমান ৰামভক্তসকলকহে ৰাম মন্দিৰ দৰ্শনৰ বাবে অযোধ্যালৈ প্ৰেৰণ কৰি থকা হৈছে৷ এই সন্দৰ্ভত গুপ্তাই কয়– বৰ্তমানলৈ তিনিখন বিশেষ ট্ৰেনেৰে অসমৰ পৰা অযোধ্যালৈ ৰাম ভক্তক লৈ যোৱা হৈছে৷ এই তিনিখন ৰে’ল লিডু, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ পৰা গৈছে৷ এখন ৰে’লত ১৪৭৬জনকৈ তীৰ্থ যাত্ৰী লৈ যোৱা হৈছে৷ অৰ্থাৎ এইপৰ্যন্ত প্ৰায় ৪,৪২৮জন ৰাম ভক্তক অসমৰ পৰা বিশেষভাৱে লৈ যোৱা হৈছে অযোধ্যালৈ৷ ইয়াৰ বাবদ হোৱা সম্পূৰ্ণ ব্যয় দলৰ পৰা বহন কৰা হৈছে৷ ৰামভক্তসকলক অসমৰ পৰা বিশেষ ৰে’লেৰে লৈ যোৱা, অযোধ্যাত থকা-খোৱাৰ ব্যৱস্থা কৰা, ৰাম মন্দিৰ দৰ্শনৰ বাবে লৈ যোৱা আদি সকলো দলৰ তত্বাৱধানত চলি আছে৷ ২৮ ফেব্ৰুৱাৰীত লিডু আৰু লামডিঙৰ পৰা আৰু দুখন বিশেষ ৰে’ল ৰামভক্তক লৈ অযোধ্যা অভিমুখে ৰাওনা হ’ব৷ ৫ মাৰ্চত অৰুণাচলৰ পৰাও এখন বিশেষ ৰে’ল অযোধ্যা অভিমুখে ৰাওনা হ’ব৷ মন্ত্ৰী-বিধায়ক আৰু দলৰ জ্যেষ্ঠ নেতাৰ পৰিৱৰ্তে ৰামভক্তসকলকহে ৰাম মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছে৷’ উল্লেখ্য, ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাহিৰে বিজেপিশাসিত ৰাজ্যৰ অন্য কোনো মুখ্যমন্ত্ৰীকে উপস্থিত থকাৰ অনুমতি দিয়া হোৱা নাছিল৷ আনকি কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি সাংসদসকলকো ৰাম মন্দিৰ দৰ্শনৰ পৰা বিৰত থাকিবলৈ প্ৰধানমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিল৷ ভিভিআইপি আৰু ভিআইপিৰ উপস্থিতিৰ ফলত ৰাম মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত সাধাৰণ ৰামভক্ত অসুবিধাৰ সন্মুখীন হ’ব লাগিব বুলিয়ে প্ৰধানমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে৷ হয়তো এনে প্ৰেক্ষাপটতে কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পাছতো মুখ্যমন্ত্ৰীসহ অসম কেবনেটৰ মন্ত্ৰীসকলৰ অযোধ্যা গমণ কাৰ্যসূচী স্থগিত ৰখা হয়৷ অৱশ্যে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে যোৱা ৬ ফেব্ৰুৱাৰীত মন্ত্ৰীসভাৰ সদস্যসকলক লগত লৈ ৰাম মন্দিৰ দৰ্শন কৰে৷