Logo
image

চাকৰি প্ৰাৰ্থীক যৌন নিৰ্যাতন! নাৰ্ছিংহোমৰ মালিক গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ লখিমপুৰৰ প্ৰতিনিধি, ২৫ ফেব্ৰুৱাৰীঃ উত্তৰ লখিমপুৰ নগৰৰ নকাড়ীত অৱস্থিত অৱনীশ হাস্পতালৰ স্বত্বাধিকাৰ তথা লখিমপুৰৰ এগৰাকী অভিজ্ঞ প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ দত্তক এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আদালতে ধৃত অভিযুক্ত চিকিৎসকজনক জে’ললৈ প্ৰেৰণ কৰে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, চিকিৎসকগৰাকীৰ মালিকানাধীন হাস্পতালখনত নাৰ্ছৰ চাকৰি বিচাৰি নিজৰ বায়’ডাটা জমা দিবলৈ যাঁওতেই চিকিৎসকগৰাকীয়ে যুৱতীগৰাকীক যৌন নিৰ্যাতন চলোৱা বুলি যুৱতীগৰাকীয়ে অভিযোগ কৰে৷ এই সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে সদৰ থানাত দাখিল কৰা এজাহাৰ মতে, এগৰাকী বান্ধৱীসহ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫ বজাত যুৱতীগৰাকী কৰ্ম-সংস্থাপন বিচাৰি হাস্পতালখনত উপস্থিত হৈছিল৷ সেইসূত্ৰে যুৱতীগৰাকীক চিকিৎসকগৰাকীয়ে বায়’ডাটা পৰীক্ষণৰ নামত তেওঁৰ নিজৰ কোঠালৈ অকলশৰে মাতি নিয়ে আৰু তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলায়৷ এনে অনাহূত পৰিস্থিতিত যুৱতীগৰাকীয়ে চিকিৎসকগৰাকীৰ কবলৰ পৰা মুক্ত হৈ কোঠাটোৰ পৰা দৌৰি হাস্পতালখনৰ বাহিৰলৈ ওলাই আহে আৰু ঘটনা সন্দৰ্ভত ফোনযোগে মাকক অৱগত কৰে৷ ইতিমধ্যে নিজৰ সন্তানৰ ওপৰত চলা যৌন নিৰ্যাতন সন্দৰ্ভত অৱগত হৈ যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে শনিবাৰে নিশাই জীয়েকক লগত লৈ উত্তৰ লখিমপুৰ সদৰ থানালৈ আহে আৰু চিকিৎসকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে শনিবাৰে নিশা ১০.৩০ বজাত চিকিৎসকগৰাকীক তেওঁৰ হাস্পতালখনৰ পৰা গ্ৰেপ্তাৰ কৰে আৰু ৪৩/২৪ নং গোচৰ ৰুজু কৰে৷ আদালতে শনিবাৰে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ ইফালে এই ঘটনাটো সম্পূৰ্ণ পৰিকল্পিত বুলি অভিযোগ তুলি হাস্পতালখনত কৰ্মৰত সকলো নাৰ্ছ-কৰ্মচাৰীয়ে শনিবাৰে দিনৰ ভাগত সদৰ থানাৰ চৌহদত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ ঘটনা সংক্ৰান্তত চিকিৎসক ডাঃ অৰূপ কুমাৰ দত্তই কয়–  ঘটনাটো সম্পূৰ্ণ মনেসজা৷ কালি যুৱতীগৰাকীয়ে যি সময়ত তেওঁৰ ওচৰত বায়’ডাটা জমা দিবলৈ গৈছিল, সেই সময়ত কোঠাটোত তেওঁৰ কাষত চিকিৎসক ডাঃ ডেভিদ হাজৰিকা বহি থকাৰ লগতে এগৰাকী কৰ্মৰত নাৰ্ছো উপস্থিত আছিল৷ ইফালে, যদিহে চিকিৎসকগৰাকী আইনমতে দোষী সাব্যস্ত হয়, তেন্তে চিকিৎসকগৰাকীক কঠোৰ শাস্তি প্ৰদান কৰি যুৱতীগৰাকীক ন্যায় প্ৰদানৰ দাবী জনাই উত্তৰ লখিমপুৰ সদৰ থানাৰ আৰক্ষী বিষয়া তুলুমণি দুৱৰাক অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু বীৰ লাচিত সেনা, অসমৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে স্মাৰকপত্ৰ প্ৰদান কৰে৷ ঘটনা সংক্ৰান্তত উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে অৱনীশ হাস্পতালৰ চি চি টিভি কেমেৰাৰ তথ্য সংগ্ৰহ কৰি অনুসন্ধান অব্যাহত ৰাখিছে৷