Logo
image

বন্ধ হ’ব বহু কলেজ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ ফেব্ৰুৱাৰীঃ প্ৰাথমিক বিদ্যালয় আৰু মাধ্যমিক-উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পাছত এইবাৰ ৰাজ্যৰ বহু মহাবিদ্যালয়ত তলা ওলোমোৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে৷ একত্ৰীকৰণৰ অজুহাতেৰে উচ্ছ শিক্ষা বিভাগে একাংশ প্ৰাদেশীকৃত মহাবিদ্যালয় বন্ধ কৰি দিয়াৰ যো-জা চলাইছে৷ প্ৰথম পৰ্যায়ত বন্ধ কৰাৰ আঁচনি লোৱা হৈছে চাৰি কুৰি কলেজ৷ ইতিপূৰ্বে ৰাজ্য চৰকাৰে ৮,০৬৬খন উচ্ছ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ক সংলগ্নকৰণৰ নামত চিৰদিনলৈ বন্ধ কৰি দিছে৷ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত শিক্ষা বিভাগে প্ৰকাশ কৰা অনুসৰি নিম্ন প্ৰাথমিকৰ ৬,০৩২খন বিদ্যালয় আৰু উচ্ছ প্ৰাথমিকৰ ২০৩৪ খন বিদ্যালয় চৰকাৰে একত্ৰীকৰণৰ জৰিয়তে বন্ধ কৰি দিছে৷ ইয়াৰোপৰি ৰাজ্যৰ ২১৪ খন চৰকাৰী মাধ্যমিক, উচ্ছ মাধ্যমিক আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়কো ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ দোহাই দি বন্ধ কৰি দিয়া হৈছে৷ বিগত ৭ টা বছৰত ৰাজ্যৰ প্ৰায় ৮ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ পাছত এইবাৰ কম ছাত্ৰ-ছাত্ৰী থকা প্ৰাদেশিকৃত মহাবিদ্যালয়ক একত্ৰিকৰণৰ নামত বন্ধ কৰি দিয়াৰ পৰিকল্পনাৰ কথা ৰাজহুৱা কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ ন্যূনতম ৫০০ ছাত্ৰ-ছাত্ৰী নথকা চৰকাৰী মহাবিদ্যালয়সমূহক বন্ধ কৰি দিয়াৰ সিদ্ধান্তৰ কথা ব্যক্ত কৰিছে শিক্ষামন্ত্ৰীয়ে৷ টুইটযোগে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে উচ্ছ শিক্ষা বিভাগৰ এই পৰিকল্পনাৰ কথা ৰাজহুৱা কৰিছে৷ প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৭৯ খন মহাবিদ্যালয় বন্ধ কৰাৰ বাবে চিনাক্ত কৰিছে৷ এই সমূহ মহাবিদ্যালয়ত সৰ্বমুঠ শিক্ষাৰ্থীৰ সংখ্যা ৫০০ জনতকৈ কম৷ অৱশ্যে ৰাইজৰ প্ৰতিক্ৰিয়া হোৱাৰ ভয়ত কৌশলপূৰ্ণভাৱে পৰ্যায়ক্ৰমে মহাবিদ্যালয়সমূহ বন্ধ কৰি নিয়াৰ পৰিকল্পনা কৰিছে শিক্ষা বিভাগে৷ প্ৰথমে মহাবিদ্যালয় সমূহৰ যিকেইটা বিভাগত শিক্ষাৰ্থীৰ সংখ্যা কম, তেনে বিভাগসমূহক বন্ধ কৰি কাষৰীয়া মহাবিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰিব৷ এটা এটাকৈ বিভাগ বন্ধ কৰাৰ পাছত এটা সময়ত মহাবিদ্যালয়খনকে তলা বন্ধ কৰি সকলো বিভাগ সমীপৱৰ্তী মহাবিদ্যালয়ত চামিল কৰিব৷ তদুপৰি সামগ্ৰিকভাৱে কম ছাত্ৰ-ছাত্ৰী থাকিলে পোনপটীয়াকৈ সমগ্ৰ মহাবিদ্যালয়খনকে বন্ধ কৰি দি কাষৰীয়া মহাবিদ্যালয়ৰ সৈতে সংযুক্ত কৰিব৷ একত্ৰীকৰণৰ ফলত বন্ধ হৈ পৰা মূল মহাবিদ্যালয়খনৰ পদ সমূহো বিলুপ্তি কৰা হ’ব৷ অৰ্থাৎ সংশ্লিষ্ট মহাবিদ্যালয়ৰ খালী পদৰ বিপৰীতে নতুন নিযুক্তি দিয়া নহ’ব৷ ইতিমধ্যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থকা বিভাগসমূহৰ খালী পদৰ নিযুক্তি বন্ধ কৰি দিবলৈও উচ্ছ শিক্ষা বিভাগক নিৰ্দেশ প্ৰদান কৰিছে৷ ৰাজ্যৰ চৰকাৰী প্ৰাদেশীকৃত মহাবিদ্যালয় বন্ধ কৰাৰ সন্দৰ্ভত টুইটযোগে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে–‘উচ্ছ শিক্ষা বিভাগে ৫০০ তকৈ কম নামভৰ্তি থকা ৭৯ খন মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ সভাপতিৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰি নাম ভৰ্তিৰ সংখ্যা বৃদ্ধিৰ সম্ভাব্য ৰোডমেপ সম্পৰ্কে আলোচনা কৰা হয়৷ এই ক্ষেত্ৰত উচ্ছ শিক্ষা বিভাগক বিদ্যালয় শিক্ষা বিভাগৰ শিক্ষাক্ষেত্ৰৰ দৰে নীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছো৷ যাৰ লক্ষ্য হৈছে–কম নামভৰ্তি থকা মহাবিদ্যালয় বা বিভাগসমূহক একত্ৰিত কৰা আৰু কম নামভৰ্তিৰ বিভাগত খালী পদৰ বিপৰীতে শিক্ষক নিযুক্তি দিয়াটো বন্ধ কৰা৷’ স্বাভাৱিকতেই শিক্ষামন্ত্ৰীৰ এই ইংগিতৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে মহাবিদ্যালয়সমূহৰ যিকোনো বিভাগত এটা ষান্মাসি¸কত ন্যূনতম ৪০জন শিক্ষাৰ্থী নথকা নিৰ্দিষ্ট বিভাগটোকো বন্ধ কৰি দি আন মহাবিদ্যালয়ত চামিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে শিক্ষানুষ্ঠান প্ৰদেশিকীকৰণ আইন অনুসৰি কলেজ শিক্ষকৰ পদ প্ৰাদেিশকীকৰণ বাবে নিৰ্দিষ্ট বিভাগৰ ষষ্ঠ ষান্মাসিকত ন্যূনতম ২৫জন শিক্ষাৰ্থী থাকিব লাগে৷ সেই সূত্ৰে এতিয়া চূড়ান্ত ষান্মাসিকত ২৫জনকৈ  কম শিক্ষাৰ্থী থকা বিভাগসমূহতো খালী পদৰ বিপৰীতে নিযুক্তি বন্ধ হৈ পৰাৰ আশংকা কৰা হৈছে৷ তথ্য অনুসৰি ৰাজ্যত বৰ্তমান প্ৰায় ৬ শতাধিক চৰকাৰী মহাবিদ্যালয় আছে যদিও গুৱাহাটীৰ বাহিৰে আন জিলাত মহাবিদ্যালয়সমূহৰ ব্যৱধান বহু বেছি৷ তেনেক্ষেত্ৰত এখন মহাবিদ্যালক বন্ধ কৰি ২০-৩০ কিলোমিটাৰ আঁতৰৰ আন এখন মহাবিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰিলে উক্ত মহাবিদ্যালয়লৈ বন্ধ হোৱা পূৰ্বৰ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ আগ্ৰহ প্ৰকাশ কৰিব নে নাই সেয়া সময়েহে ক’ব৷ কিয়নো অসমত এতিয়া উচ্ছ শিক্ষাত নামভৰ্তি হ্ৰাস পোৱা দেখা গৈছে৷ তেনে সময়ত একত্ৰীকৰণৰ ফলত উচ্ছ শিক্ষা প্ৰতিষ্ঠানৰ দূৰত্ব বৃদ্ধি পালে ড্ৰপ আউট শিক্ষাৰ্থীৰ সংখ্যা যে বৃদ্ধি পাব, সেয়া নিশ্চিত হৈ পৰিছে৷ যিহেতু ৰাজ্যৰ অধিকাংশ মহাবিদ্যালয়তে হোষ্টেলৰ সুবিধা নাই, তেনেক্ষেত্ৰত দূৰ-দূৰণিৰ ছাত্ৰ-ছাত্ৰীৰ নতুন সমস্যাক শিক্ষা বিভাগে কেনেদৰে মোকাবিলা কৰিব, সেয়াও সময়তহে স্পষ্ট হ’ব৷ উল্লেখ্য, পূৰ্বতে মহাবিদ্যালয়ৰ সমূহে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সময়ত ভুৱা শিক্ষাৰ্থী দেখুৱাই শিক্ষা বিভাগক আভুৱা ভাৰি আহিছিল যদিও এতিয়া ‘সমৰ্থ প’ৰ্টেল’ত শিক্ষাৰ্থীৰ নামভৰ্তিৰ ব্যৱস্থা কৰাত ভুৱা শিক্ষাৰ্থী নোহোৱা হৈ পৰে৷ যাৰ ফলত একাংশ মহাবিদ্যালয়ে ভুৱা শিক্ষাৰ্থী দেখুৱাব নোৱৰা হৈ পৰে৷ সামৰ্থ পৰ্টেলৰ তথ্যৰ ভিত্তিতেই ৫০০জনকৈ কম শিক্ষাৰ্থী থকা ৭৯খন মহাবিদ্যালয়ক চিনাক্ত কৰি উলিয়াইছে উচ্ছ শিক্ষা বিভাগে৷