Logo
image

মই অভিমন্যু যদিও চক্ৰবেহু ভেদি ওলাই যামঃ গৌৰৱ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু বেবেজীয়াৰ প্ৰতিবেদক, ২৬ ফেব্ৰুৱাৰীঃ নিজকে অভিমন্যু বুলি ক’লে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ তেওঁ দেওবাৰে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে কয়– মই অসমৰ অভিমন্যু৷ কিন্তু মহাভাৰতৰ অভিমন্যু আৰু অসমৰ অভিমন্যুৰ এটাই প্ৰাৰ্থক্য যে মই চক্ৰবেহু ভাঙি ওলাই যাম৷ অসমৰ ৰাইজে মোক চক্ৰবেহুৰ পৰা উলিয়াই আনিব৷ চক্ৰবেহুত সোমাইছোঁ যদিও মই চক্ৰবেহু ভেদ কৰি সাহসেৰে ওলাই যাম৷ তেওঁ আৰু কয়– কাজিৰঙা, নগাঁৱত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব তাক লৈ চৰ্চা নহয়৷ কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক ইমান উৎকণ্ঠা কিয়? বিজেপিৰ প্ৰাৰ্থীক লৈ কোনো আলাপ-আলোচনা নহয় কিয়? বিজেপিৰ সৈতে কিবা মেচ ফিক্সিং হৈছে নেকি বুলি সংবাদ মাধ্যমক প্ৰশ্ন কৰে গগৈয়ে৷ তেওঁ কয়– মই অসমৰ অভিমন্যু হয় কিন্তু এই চক্ৰবেহুৰ পৰা অসমৰ ৰাইজে মোক উদ্ধাৰ কৰিব৷ প্ৰাৰ্থিত্বক লৈ বিজেপিত মেচ ফিক্সিঙেই হোৱাৰ অনুমান হৈছে৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই সকলোৰে আত্মবিশ্বাস বঢ়াইছে আজিৰ তাৰিখত বিৰোধীৰ কণ্ঠ শক্তিশালী হৈ পৰিছে৷ নগাঁৱৰ হাতীচোং মেধিচুকৰ বৈকুণ্ঠধাম নামৰ এক ৰাজহুৱা শ্মশানৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য প্ৰদান কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে৷ লগতে তেওঁ এক মেধিচুকৰ ৰাজহুৱা ভৱনত এক দলীয় কৰ্মীসভাতো অংশ লয়৷ বটদ্ৰবাৰ বিধায়ক শিৱামনি বৰাও উপস্থিত থকা এই সভাতেই বিজেপি দলৰ অদ্ধৰ্শতাধিক সদস্যই কংগ্ৰেছ দলত যোগদান কৰে৷ উল্লেখ্য, কিছুদিন পূৰ্বে নগাঁৱৰ ৰাজীৱ ভৱনত গৌৰৱ গগৈক অভিমন্যু সজাই পোষ্টাৰিং কৰিছিল অজ্ঞাত লোকে৷ নগাঁও লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি চৰ্চা হোৱাৰ পাছত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা নাই গৌৰৱ গগৈক কটাক্ষ কৰিছিল৷