Logo
image

এই সপ্তাহতে ‘কা’ বলৱৎ, ছুটী বাতিল আৰক্ষীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ ফেব্ৰুৱাৰীঃ এই সপ্তাহতে বলৱৎ হ’ব ‘কা’ৰ বিধি৷ বলৱৎকৰণৰ পূৰ্বে ‘কা’ৰ বিধি প্ৰণয়নৰ আনুষ্ঠানিক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ যিকোনো মুহূৰ্ততে অসমকে ধৰি সমগ্ৰ দেশত ‘কা’ প্ৰয়োগ কৰা হ’ব৷ সমাগত লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পূৰ্বেই চলিত সপ্তাহতে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিধি প্ৰস্তুত কৰাৰ বাবে সাজু হৈছে৷ ‘কা’ বলৱৎ কৰাৰ বাবে চলি থকা প্ৰস্তুতি সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসম চৰকাৰক অৱগত কৰিছে আৰু ইয়াৰ সম্ভাব্য প্ৰতিক্ৰিয়াৰ প্ৰতি সজাগ আৰু সতৰ্ক দৃষ্টি ৰাখিবলৈ সতৰ্ক কৰি দিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই জৰুৰী বাৰ্তাৰ পাছতেই সষ্টম হৈ পৰিছে অসম চৰকাৰ৷ সম্ভাব্য পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে সাজু কৰা হৈছে অসম আৰক্ষীক৷ ‘কা’ক লৈ অসমত পুনৰ আন্দোলনৰ সূচনা ঘটাৰ আশংকাত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে আৰক্ষীৰ বিষয়া-জোৱান-কৰ্মচাৰীসকলৰ ছুটী বাতিল কৰিছে৷ স্বাস্থ্যজনিত কাৰণ বা আন কোনো এৰাব নোৱৰা সমস্যাৰ বাহিৰে আনক্ষেত্ৰত কোনো কাৰণতে আৰক্ষীৰ বিষয়া-জোৱানৰ ছুটীৰ আৱেদন গ্ৰহণ নকৰিবলৈ ঊধবৰ্তন কতৃৰ্পক্ষক সতৰ্ক কৰি দিয়া বুলি গৃহ বিভাগৰ এটা শীৰ্ষস্থানীয় সূত্ৰই সদৰী কৰিছে৷  এইবাৰ ‘কা’বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ কোনো সুৰুঙা থাকি গ’লে সংশ্লিষ্ট থানাৰ অ’চিকে ধৰি দায়িত্ববাহী বিষয়াসকল বিভাগীয় শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে৷ ‘কা’বিৰোধী আন্দোলনৰ মিছিল ৰাজপথ পালে সংশ্লিষ্ট আৰক্ষী বিষয়া-জোৱানক নিলম্বনতে ক্ষান্ত নাথাকি বৰ্খাস্ত কৰাপৰ্যন্ত কঠোৰ শাস্তি বিহা হ’ব বুলিও সতৰ্ক কৰি দিয়া হৈছে৷ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ এই জৰুৰী বাৰ্তাৰ পাছতেই জিলাই জিলাই আৰক্ষীৰ সকলো বিষয়া-জোৱানৰ ছুটী নাকচ কৰিছে ঊধবৰ্তন কতৃৰ্পক্ষই৷ সকলো জিলাতে আৰক্ষীয়ে প্ৰতিবাদ দমনৰ কুচকাৱাজৰ সামৰিক অনুশীলনো আৰম্ভ কৰিছে৷ ৰাজ্যৰ আন আন জিলাৰ লগতে গুৱাহাটী মহানগৰীত পূৰ্বৰ দৰে এইবাৰ যাতে ‘কা’বিৰোধী আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিব নোৱাৰে বা হিংসাত্মক ৰূপ ল’ব নোৱাৰে, সেয়া নিশ্চিত কৰিবৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ১১ ফেব্ৰুৱাৰীত থানাৰ অ’চিসকলৰ সৈতে বৈঠকত মিলিত হৈ প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷ অসম চৰকাৰ তথা অসম আৰক্ষীৰ এই তৎপৰতাৰ পৰা এটা কথা কাৰ্যতঃ নিশ্চিত হৈ পৰিছে যে যিকোনো মুহূৰ্ততে নৰেন্দ্ৰ মোদী চৰকাৰে ‘কা’ৰ বিধি প্ৰস্তুত কৰি অসমকে ধৰি দেশজুৰি আইনখন বলৱৎ কৰিব৷ ইতিপূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাৰ মজিয়াত নিৰ্বাচনৰ পূৰ্বে ‘কা’ৰ বিধি প্ৰস্তুত কৰা হ’ব বুলি ঘোষণা কৰিছে৷ উল্লেখ্য, ‘কা’ৰ বিৰুদ্ধে অসমৰ ৰাইজে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিছিল৷ ক’ভিডৰ বাবে সেই আন্দোলন স্তিমিত হৈছিল যদিও সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে ‘কা’ৰ বিৰুদ্ধে ইতিমধ্যে উচ্ছতম ন্যায়ালয়ত গোচৰ তৰিছে৷ উচ্ছতম ন্যায়ালয়ে ‘কা’বিৰোধী আৱেদনসমূহৰ শুনানি গ্ৰহণৰ আনুষ্ঠানিকতাও সম্পূৰ্ণ কৰিছে৷ কেৱল সেয়ে নহয়, পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য কৰি অসম আৰু ত্ৰিপুৰাৰ বাবে সুকীয়াকৈ সময় ধাৰ্য কৰাৰ কথা ঘোষণা কৰিছে উচ্ছতম ন্যায়ালয়ে৷ আক্ষৰিক অৰ্থতে ‘কা’ৰ বিষয়টো এতিয়া উচ্ছতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে৷ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ বিবেচনাধীন হৈ থকা এখন আইন বিজেপি চৰকাৰে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে প্ৰয়োগ কৰিবলৈ বিচৰা কাৰ্যই গণতন্ত্ৰ, সংবিধান আৰু ন্যায়পালিকাৰ প্ৰতি যে বিজেপি চৰকাৰ শ্ৰদ্ধাশীল নহয়, সেই কথা কাৰ্যতঃ স্পষ্ট কৰিছে৷ এফালেদি চৰকাৰে ‘কা’ প্ৰয়োগ কৰাৰ হুংকাৰ দিছে বাৰে বাৰে৷ আনফালেদি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে পুনৰ অসমত ‘কা’বিৰোধী আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰিছে৷ সাতে সোতৰই মিলি অনাগত সময়ছোৱাত সামগ্ৰিকভাৱে অসমৰ পৰিস্থিতি যে উত্তেজনাপূৰ্ণ হৈ পৰিব, সেই আশংকাও নুই কৰিব নোৱাৰি৷