Logo
image

অগপক মাথোঁ বৰপেটা চমজাই ১২ সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ফেব্ৰুৱাৰীঃ বান্দৰে পিঠা ভগোৱাদি অগপক মাথোঁ বৰপেটা দি ব্ৰীগ ব্ৰাডাৰ বিজেপিয়ে অৱশেষত ৰাজ্যৰ ১২ টা লোকসভা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ আনহাতে বিজেপিৰ আনটো মিত্ৰদল ইউপিপিএললৈ এৰিলে কোকৰাঝাৰ লোকসভা সমষ্টি৷ উল্লেখ্য, প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই সোমবাৰে বৰপেটা আৰু কোকৰাঝাৰক বাদ দি বাকী ১২ সমষ্টি ক্ৰমে ধুবুৰী, দৰং-ওদালগুৰি, গুৱাহাটী, ডিফু (এছটি), কৰিমগঞ্জ, শিলচৰ (এছ চি), নগাঁও, কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ বাবে ২৩ গৰাকী দলৰ জ্যেষ্ঠ নেতাক বিশেষ সাংগঠনিক দায়িত্ব ব্যস্ত কৰিছে৷ সংশ্লিষ্ট নেতাসকলে উল্লেখিত লোকসভা সমষ্টিলৈ গৈ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰি ২৭ ফেব্ৰুৱাৰীৰ ভিতৰত সংশ্লিষ্টসমূহৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা জমা দিব লাগিব৷ ধুবুৰীৰ প্ৰাৰ্থী তালিকা প্ৰস্তুতিৰ বাবে পৱিত্ৰ মাৰ্ঘেৰিটা আৰম্ভ বিজয় কুমাৰ গুপ্তাক, দৰং-ওদালগুৰি সমষ্টিৰ বাবে চন্দ্ৰমোহন পাটোৱাৰী আৰু নৱ কুমাৰ দলেক, গুৱাহাটী লোকসভা সমষ্টিৰ বাবে পৰিমল শুক্লবৈদ্য আৰু অজয় কোৱৰক, ডিফু (এছটি) সমষ্টিৰ বাবে ডাঃ ৰণোজ পেগু আৰু দিপ্লুৰঞ্জন শৰ্মাক, কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে অজন্তা নেওগ আৰু বিজুলী কলিতা মেধিক, শিলচৰ (এছ চি) সমষ্টিৰ বাবে নন্দিতা গাৰ্লোচা আৰু জয়ন্ত কুমাৰ দাসক, নগাঁও লোকসভা সমষ্টিৰ বাবে কামাখ্যা প্ৰসাদ তাছা আৰু ৰেখাৰাণী দাস বড়োক, কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে পীয়ূষ হাজৰিকা আৰু পল্লৱ লোকচন দাসক, শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে যোগেন মহন আৰু অজয় কোঁৱৰক, লখিমপুৰ লোকসভা সমষ্টিৰ বাবে স?য় কিষাণ আৰু ৰূপক শৰ্মাক, ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে ৰঞ্জিত কুমাৰ দাস আৰু মনোজ বৰুৱাক আৰু যোৰহাট লোকসভা সমষ্টিৰ বাবে জয়ন্ত মল্ল বৰুৱা আৰু পুলক গোহাইক দায়িত্ব দিয়া হৈছে৷ উল্লেখ্য যে আগন্তুক লোকসভাৰ নিৰ্বাচনত ব্ৰীগ ব্ৰাডাৰ বিজেপিৰ পৰা ন্যূনতম দুটা সমষ্টিৰ দাবী কৰিছিল অগপই৷ কিন্তু মুৰকত যে এখনহে আসন অগপৰ আগত পৰিল সেয়া বিজেপিৰ তালিকাৰ পৰা স্পষ্ট হ’ল৷ ইফালে নিশা পলমকৈ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কমিটীত কেতবোৰ সালসলনি কৰা হৈছে৷ সেই অনুসৰি ডিফুত ডাঃ ৰণোজ পেগুৰ লগত সহঃ আহ্বায়ক হিচাপে ৰাজকুমাৰ শৰ্মাক দায়িত্ব দিয়া হৈছে৷ গুৱাহাটীত পৰিমল শুক্লবৈদ্যৰ সৈতে সহঃ আহ৩ায়ক হিচাপে থাকিব অশ্বিনী ৰায় সৰকাৰ৷ যোৰহাটত জয়ন্ত মল্লবৰৱাৰ লগত থাকিব অশোক ভট্টৰায়৷ কাজিৰঙাত পীয়ূষ হাজৰিকাৰ লগত পুলক গোহাঁইক আৰু শোণিতপুৰত যোগেন মহনৰ লগত ডাঃ ৰাজদ্বীপ ৰায়ক, লখিমপুৰত সঞ্জয় কিষাণৰ লগত অজয় কোঁৱৰক দায়িত্ব দিয়া হৈছে৷