Logo
image

অমিতাভ অসুস্থ, হ’ব ছাৰ্জাৰী

আমাৰ অসম, ১ মাৰ্চঃ বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্ছন পুনৰ অসুস্থ৷ সুস্থ হৈ উঠাৰ বাবে তেওঁ অস্ত্ৰোপচাৰৰ সহায় ল’ব লাগিব৷ এই কথা জনাইছে স্বয়ং বিগ-বিয়ে নিজেই৷ সম্ভৱতঃ বলীউডৰ শ্বাহেনশ্বাহ সম্প্ৰতি ইমানেই বেছি অসুস্থ যে তেওঁ নিজৰ ৰোগৰ বিষয়ে বিস্তৃতভাৱে জনাবলৈও সক্ষম নহয়৷ এটা টুইটত তেওঁ লিখিছে– ‘অসুস্থ... ছাৰ্জাৰী... লিখিব পৰা নাই৷’ অমিতাভ বচ্ছনৰ এই অসম্পূৰ্ণ পাঁচটা শব্দৰ টুইট দেখি অনুৰাগী ভাগি পৰিছে৷ পৰিয়ালৰ পক্ষৰ পৰা এতিয়াও শ্বাহেনশ্বাহৰ ৰোগ আৰু তাৰ গভীৰতা সন্দৰ্ভত কোনো মন্তব্য কৰা হোৱা নাই৷ ফলত জল্পনা-কল্পনা আৰু আশংকা ক্ৰমাৎ বৃদ্ধি পাইছে৷