Logo
image

গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ জামিন আৱেদনৰ শুনানি

আমাৰ অসম, ২৮ ছেপ্তেম্বৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ জামিন আৱেদনৰ শুনানি৷ সোমবাৰে ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু ন্যায়াধীশ কল্যাণ ৰাই চুৰাণাৰ এখন দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰে এই শুনানি৷ বিষয়টোৰ সন্দৰ্ভত NIAলৈ জাননী প্ৰেৰণ কৰিছে উচ্চ ন্যায়ালয়ে। দুসপ্তাহৰ ভিতৰত তদন্তকাৰী প্ৰতিষ্ঠান(NIA)ক প্ৰত্যুত্তৰ দিবলৈ নির্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি নতুন দিল্লীৰ পৰা অখিল গগৈক প্ৰতিনিধিত্ব কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ Advocate-On-Record ৰুণা ভূঞা আৰু জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিমহাই৷

পূৰ্বতে অখিল গগৈৰ জামিন নাকচ কৰিছিল  NIA আদালতে৷ NIA আদালতৰ ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে। CAA বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা লোৱাৰ পিছৰে পৰা যোৱা ৮ মাহ ধৰি বহুকেইটা গোচৰত অভিযুক্ত হৈ কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ। UAPA গোচৰতো অভিযুক্ত হৈ আছে অখিল গগৈ।