Logo
image

মুখ্যমন্ত্ৰী উবাচঃআলফা সন্ত্ৰাসবাদী বুলি ক’লে মই বিশ্বাস নকৰোঁ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মাৰ্চঃ আলফা সন্ত্ৰাসবাদী নহয়৷ আলফাক সন্ত্ৰাসবাদী বুলি ক’লে মই বিশ্বাস নকৰোঁ৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাক্তন আলফাক সাহায্য বিতৰণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়– আলফা দেশ আৰু জননীৰ বিৰুদ্ধে নহয়৷ বৰাক উপত্যকা, নগাঁও, মৰিগাঁও আদি অঞ্চলত স্বাধীন অসমৰ প্ৰাসংগিকতা ক’ত? য’ত অসমীয়াই আটাইতকৈ বেছি সংখ্যালঘু হৈ থকা জাতি, তাত স্বাধীন অসমৰ প্ৰাসংগিকতা নাথাকে৷ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ’বলৈ স্বাধীনতাৰ প্ৰশ্নই থাকিব নোৱাৰে৷ কেতিয়াবা পৰেশ বৰুৱাক টেলিফোনত পালে তেওঁকো মই এটা কথাই কওঁ–আশীৰ দশক আৰু ২০২৩-এই সমগ্ৰ সময়চোৱাত অসমৰ ইমানেই পৰিবৰ্তন হ’ল যে এতিয়া স্বাধীনতা অসমৰ সমস্যাৰ উত্তৰ নহয়৷ আমি কেনেকৈ অসমখনক সুৰক্ষিত কৰি ভাৰতৰ সমাজ জীৱনৰ বহল বুকুত থাকি অসমীয়াৰ পৰম্পৰা-সংস্কৃতি আৰু ভাৰতৰ ঐতিহ্য-পৰম্পৰাৰ স্বাৰ্থত আমি আমাৰ জাতিটোক আগুৱাই নিব পাৰো সেই কথা চিন্তা কৰিব লাগে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত আলফাৰ প্ৰাক্তন সদস্য, সন্ত্ৰাস নিৰ্মূল অভিযানত আঘাতপ্ৰাপ্ত আৰু নিৰ্যাতিত পৰিয়াল তথা নিৰুদ্দিষ্ট সদস্যৰ নিকটাত্মীয়লৈ আৰ্থিক সাহায্য প্ৰদান কৰে৷ এই অনুষ্ঠানত ৪৫ জন সন্ত্ৰাস নিৰ্মূল অভিযানত আঘাতপ্ৰাপ্ত সদস্যক ৩ লাখ টকাকৈ, ৮গৰাকী নিৰ্যাতিতাক ৫ লাখ টকাকৈ, ৩১ জন নিৰুদ্দিষ্ট সদস্যৰ পৰিয়ালক ১০ লাখ টকাকৈ আৰু ৮৫২ জন প্ৰাক্তন সদস্যক কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূবৰ উগ্ৰপন্থী সদস্যসমূহৰ মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন আৰু পুনৰসংস্থাপন আঁচনিৰ অধীনত ৪ লাখ টকা আৰু ৩ লাখ টকা অসম চৰকাৰৰ বিশেষ পুঁজিৰ অধীনত এককালীন সাহায্য হিচাপে প্ৰদান কৰা হৈছে৷ তদুপৰি, এককালীন সাহায্যৰ যথোপযুক্ত ব্যৱহাৰৰ অৰ্থে প্ৰতিগৰাকী সদস্যৰ বাবে দক্ষতা বিকাশ কাৰ্যক্ৰমৰ অধীনত বিভিন্ন বৃত্তিগত প্ৰশিক্ষণৰ আঁচনি গ্ৰহণ কৰা হৈছে যাতে তেওঁলোকে স্বাৱলম্বী হোৱাত সফল হ’ব পাৰে৷ 
এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই  কয়–প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদিচ্ছা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তৎপৰতাত এক দীঘলীয়া সংগ্ৰামৰ অৱসান ঘটাই বিগত বৰ্ষৰ ২৯ ডিচেম্বৰত আলফাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তি অনুসৰি ইতিমধ্যে সংগঠনটো ভংগ হৈছে আৰু সংগঠনটোৰ প্ৰাক্তন সদস্যসকলক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে৷ ৮০ৰ দশকত অসমৰ যি পৰিৱেশ আৰু পৰিস্থিতি আছিল আৰু যাৰ বাবে একাংশই সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল, সেই পৰিৱেশ আৰু পৰিস্থিতি এতিয়া বহু পৰিমাণে সলনি হৈছে৷ অসম এতিয়া অৰ্থনৈতিকভাৱে সুৰক্ষিত হোৱাৰ লগতে সমাজত শান্তি-শৃংখলাও আগতকৈ যথেষ্ট উন্নত হৈছে তথা বহু প্ৰত্যাহ্বান নেওচি জাতিটো আগবাঢ়ি গৈ আছে৷ ৮০ৰ দশকৰ পৰা বৰ্তমানলৈকে এই সময়ছোৱাত  অসমলৈ যথেষ্ট পৰিৱৰ্তন আহি পৰিছে৷ এতিয়া স্বাধীনতা অসমৰ সমস্যাৰ উত্তৰ নহয়৷ কিদৰে অসমখনক সুৰক্ষিত কৰি ভাৰতৰ সমাজ জীৱনৰ বহল বুকুত থাকি অসমীয়াৰ পৰম্পৰা, সংস্কৃতি আৰু ভাৰতৰ ঐতিহ্য-পৰম্পৰাৰ মাজত জাতিটোক আগুৱাই লৈ যাব পৰা যায় সেই দিশত অগ্ৰসৰ হোৱাটো সময়ৰ আহ্বান হৈ পৰিছে৷  সংখ্যাৰে নহয় গুণগতভাৱে হ’লেও ৰাজ্যখন যে ভৱিষ্যতৰ বাবে ধৰি ৰাখিব পৰা যাব সেই দিশত মানুহৰ মাজত বিশ্বাস ওপজাব পৰা এটা সামগ্ৰিক জন আন্দোলন এতিয়া অসমত প্ৰয়োজন হৈ পৰিছে৷ অসমে সময়ে সময়ে বিভিন্ন সমস্যা আৰু সংঘাতৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছিল ৷ এই দীৰ্ঘদিনীয়া সমস্যাৰ সংঘাতৰ অৱসান ঘটিছে আৰু বিগত দুই তিনি বছৰত এক সামগ্ৰিক শান্তি বিৰাজ কৰিছে তথা এই শান্তিৰ ফলস্বৰূপেই ৰাজ্যখনলৈ অহা এক পৰিৱৰ্তন স্পষ্ট ৰূপত দৃশ্যমান হৈছে৷ প্ৰথমবাৰৰ বাবে অসমীয়া কিদৰে সুৰক্ষিত হ’ব সেই সন্দৰ্ভত বিজ্ঞানসন্মত বিশ্লেষণ হৈছে৷ অস্ত্ৰৰ ঝন্‌ঝননিত কোনো ৰাজ্য সুৰক্ষিত নহয়৷ ৰাজ্য এখন সুৰক্ষিত হয় যেতিয়া বিবেক আৰু আৱেগে একে সময়তে প্ৰাধান্য লাভ কৰে৷ যেতিয়া বিবেকতকৈ আৱেগে আগস্থান লাভ কৰে সেই জাতি কেতিয়াও সুৰক্ষিত নহয়৷ সমষ্টি পুনৰনিৰ্ধাৰণৰ দ্বাৰা ৰাজ্যখনে প্ৰশাসনিকভাৱে যি ফল লাভ কৰিছিল আলফাৰ সৈতে স্বাক্ষৰিত শান্তি চুক্তিয়ে তাক এটা স্থায়ী ৰূপ দিয়াৰ ফালে আগবাঢ়িছে৷ এই শান্তি চুক্তিখন ইতিহাসে সদায় ইতিবাচক দৃষ্টিভংগীৰে মূল্যায়ন কৰিব৷ আলফাৰ সৈতে স্বাক্ষৰিত এই শান্তি চুক্তি অসমৰ জনসাধাৰণৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ দিশত এক মাইলৰ খুঁটি হ’ব৷ এই চুক্তিখনত প্ৰথমবাৰৰ বাবে ভূমিৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰা হৈছে৷ তদুপৰি, খিলঞ্জীয়া জনসাধাৰণৰ বাবে শিক্ষা আৰু চাকৰিত সংৰক্ষণৰ ব্যৱস্থা, পৌৰ নিকায়-নিগম আদিত সংৰক্ষণৰ ব্যৱস্থাৰ দৰে চুক্তিখনত সন্নিৱিষ্ট বিভিন্ন ইতিবাচক দিশবোৰেৰে এখন সুৰক্ষিত অসমৰ বাবে সকলোৱে কাম কৰিব পাৰিব৷ আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কয় যে আলফাৰ সংগ্ৰামৰ কালছোৱাত প্ৰায় ২৩০০ সদস্যই মৃত্যুবৰণ কৰিছিল৷ সেইসকল সদস্যৰ পৰিয়াললৈও ৰাজ্য চৰকাৰে বিভিন্ন ধৰণে সহায় আগবঢ়াব৷ মুখ্যমন্ত্ৰীয়ে ভাষণত এখন আত্মনিৰ্ভৰশীল তথা প্ৰগতি আৰু বিশ্বাসৰ অসম নিৰ্মাণৰ বাবে আগবাঢ়ি আহিবলৈ উপস্থিতসকলক আহহ্বান জনায়৷
অনুষ্ঠানত ৰাজহ আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, বিশেষ মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং, অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেন নাথ, আলফাৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক গোলাপ বৰুৱাৰ উপৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷