Logo
image

অসমৰ ‘উন্নত’ চিকিৎসা এৰি ৰোগী বাহিৰলৈ কিয় যায়? মুখ্যমন্ত্ৰী আচৰিত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মাৰ্চঃ অসমৰ চিকিৎসা দেশৰ ভিতৰতে উন্নত মানৰ৷ কৰ্কট ৰোগৰ ক্ষেত্ৰত অসমৰ চিকিৎসা বিশ্বমানৰ হ’বলৈ গৈ আছে৷ চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শ্ৰেষ্ঠ৷ এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল সংলগ্ন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ নতুন ভৱন উদ্বোধন কৰি এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ ৰোগীয়ে উন্নত চিকিৎসাৰ বাবে কিয় ৰাজ্যৰ বাহিৰলৈ যায় তাক লৈয়ো আশ্চৰ্য প্ৰকাশ কৰে৷ এনেদৰে অসমৰ হাস্পতালসমূহ থকাৰ পাছতো অসমৰ ৰোগী চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱাটোৱে ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ দুৰ্বলতা দেশবাসীৰ আগত উন্মোচিত হয় বুলিও তেওঁ আক্ষেপ প্ৰকাশ কৰে৷ তেওঁ স্পষ্ট ভাষাৰে কয়–অসমৰ পৰা যিবোৰ ৰোগৰ ক্ষেত্ৰত চিকিৎসাৰ বাবে ৰোগী  দিল্লী-মুম্বাইলৈ যায় তাৰ জৰিয়তে অসমৰ চিকিৎসা খণ্ড অক্ষম বুলি প্ৰতিষ্ঠা হয়৷ চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শ্ৰেষ্ঠ৷ গতিকে চিকিৎসাৰ ক্ষেত্ৰত অসম শ্ৰেষ্ঠ নহ’ব কিয়? অসমৰ ‘উন্নত’ চিকিৎসা এৰি ৰোগী বাহিৰলৈ যোৱা কথাত আশ্চৰ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ পিছে মুখ্যমন্ত্ৰী শৰ্মাক আচৰিত কৰি বৃক্কৰ পাথৰজনিত ৰোগত আক্ৰান্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উন্নত চিকিৎসাৰ বাবে গৈছে দিল্লীৰ গংগাৰাম হাস্পতাললৈ৷ ভৰিত আঘাট পাই উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ গৈছে সাংসদ তপন গগৈ৷ মুখ্যমন্ত্ৰী শৰ্মাই সাধাৰণ লোকক অসম মুলুকতে ‘উন্নত’ চিকিৎসা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে যদিও অসমত থকা ‘উন্নত’  চিকিৎসা গ্ৰহণ নকৰে কিয় মুখ্যমন্ত্ৰীৰ সোঁৱে-বাঁওৱে থকা ৰাজনীতিকে তাক লৈ স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে৷ উল্লেখ্য, বৃক্কৰ পাথৰজনিত ৰোগত আক্ৰান্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উন্নত চিকিৎসাৰ বাবে গৈছে দিল্লীলৈ৷ দিল্লীৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন মন্ত্ৰী বৰুৱা৷ সাংসদ তপন গগৈ নিজৰ গাড়ীৰ পৰা নামোতে পিচলি পৰি ভৰিত আঘাট পাইছে৷ উন্নত চিকিৎসাৰ বাবে গগৈয়েও গৈছে ৰাজ্যৰ বাহিৰলৈ৷ স্মৰ্তব্য, মুখ্যমন্ত্ৰী শৰ্মাই চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰত দেশৰ ভিতৰত শ্ৰেষ্ঠ বুলি দাবী কৰা ৰাজ্য অসমত নহয় এনজিঅ’গ্ৰাফী পৰীক্ষা৷ অভিযোগ মতে চিকিৎসকে ৰোগীক ব্যক্তিগতখণ্ডৰ পৰীক্ষাগাৰত এনজিঅ’গ্ৰাফী কৰিবলৈ পঠায়৷ আনকি এনে একাংশ ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ কতৃৰ্পক্ষই পোনপটীয়াভাৱে  পৰীক্ষাৰ ৰিপোৰ্ট সংশ্লিষ্ট চিকিৎসকলৈ প্ৰেৰণ কৰে৷ তদুপৰি জি এম চি এইচৰ দৰে হাস্পতালখনত আজিৰ তাৰিখত ইউৰোল’জী বিভাগত কৰ্মৰত হৈ আছে এজন মাথোঁ শৈল চিকিৎসক৷ বৃক্কৰ পাথৰৰ সমস্যাত ভোগা ৰোগী উপযুক্ত চিকিৎসা পাবলৈ এমাহ পৰ্যন্ত ৰ’বলগীয়া হৈছে৷ তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে অসমৰ চিকিৎসা খণ্ড বিশ্বমানৰ হোৱাৰ দিশে গতি কৰা বুলি কৰা দাবীয়ে যেন ভুক্তভোগীকো হাঁহিৰ খোৰাক যোগাইছে৷