Logo
image

ৰবি শৰ্মাৰ নতুন ছবি ‘ৰুদ্ৰ’ৰ শ্বুটিং আৰম্ভ

‘শ্ৰীৰঘুপতি’ৰ অভূতপূৰ্ব সফলতাৰ পাছত নতুন উদ্যমেৰে অসমীয়া ছবিৰ এক্সন হিৰ’ ৰবি শৰ্মাৰ আন এখন বিগ বাজেটৰ এক্সন থ্ৰিলাৰধৰ্মী নতুন অসমীয়া ছবি ‘ৰুদ্ৰ’ৰ মহুৰত শুকুৰবাৰে জ্যোতি চিত্ৰবনত অনুষ্ঠিত হৈ যায়৷ দক্ষ চিত্ৰ পৰিচালক পুলক গগৈৰ পুত্ৰ ৰূপক গগৈৰ পৰিচালনাৰে নিৰ্মাণ হ’ব লগা ‘ৰুদ্ৰ’ৰ শুকুৰবাৰে জ্যোতি চিত্ৰবনৰ বাকৰিত বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মহুৰত অনুষ্ঠান সম্পন্ন হৈ যায়৷ শ্যাম প্ৰডাকচনৰ বেনাৰত ৰূপক গগৈৰ কাহিনী-পৰিচালনা আৰু ৰাজেশ কুমাৰ ম’ৰৰ প্ৰযোজনাৰে নিৰ্মাণ হ’ব লগা ছবিখনৰ কাম এক্সন দৃশ্যৰে আৰম্ভ কৰা হয়৷ পৰিচালক ৰূপক গগৈৰ মাতৃ ৰেণু গগৈয়ে কেমেৰাত মাল্যাৰ্পণ কৰি ছবিৰ কাম শুভাৰম্ভ কৰা হয়৷ শিৱানন বৰুৱাই কেমেৰাৰ প্ৰথমটো শ্বট লয়৷

মহুৰত শ্বটৰ এক্সন দৃশ্যত ৰবি শৰ্মাৰ লগতে এটা যুৱকৰ দলে অংশ লয়৷ কেমেৰাৰ চুইচ অন কৰে মনোজ কুমাৰ কেৰিয়াই৷ নাৰিকল ভাঙে ওম প্ৰসাদ গাৰোদিয়াই৷ ছবিখনৰ এক্সন ডাইৰেক্টৰ হিচাপে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান দীপক দাস৷ ইতিমধ্যে দীপক দাসে ‘ৰুদ্ৰ’ৰ বাবে এচাম যুৱকক সমৰকলাৰ প্ৰশিক্ষণ দি পাকৈত কৰি লৈছে৷ ছবিখনৰ মুখ্য চৰিত্ৰত এক্সন হিৰ’ ৰবি শৰ্মাই অভিনয় কৰাৰ লগতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিব প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী নন্দিনী কাশ্যপে৷ অন্যান্য চৰিত্ৰত অভিনয় কৰিব জয় কাশ্যপ, অৰ্চিতা আগৰৱালা, ৰাজীৱ ক্ৰ’, অনামিকা বৰ্মনকে ধৰি বহু ন-পুৰণি অভিনয় শিল্পীৰ সমাৱেশ ঘটিব ছবিখনত৷ ছবিখনত অভিনয়ৰ বাবে ৰাজ্যৰ ভিন্ন স্থানত অডিচনযোগে একাংশ শিল্পীক বাছনি কৰা হৈছিল৷