Logo
image

নিৰ্বাচনী প্ৰচাৰত নিজকে অমিতাভৰ সৈতে তুলনা, ট্ৰলৰ সন্মুখীন কংগনা

সমগ্ৰ দেশ আমাক লৈ স্তম্ভিত! এই বিস্ফোৰক মন্তব্য বলীউডৰ অভিনেত্ৰী তথা বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱটৰ৷ বিতৰ্কৰ বাবেই বাৰে বাৰে লাইম লাইটলৈ আহে কংগনা৷ অভিনয় জগতৰ লগতে সমান্তৰালকৈ সম্প্ৰতি ৰাজনীতিৰ ময়দানতো খোজ পেলাইছে হিমাচল কন্যাই৷ হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে কংগনা৷ সম্প্ৰতি কংগনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত বাৰুকৈয়ে ভাইৰেল হৈছে৷ ভিডিঅ’টোত কংগনাই কৈছে– ‘সমগ্ৰ দেশ আমাক লৈ স্তম্ভিত৷ ৰাজস্থানেই হওক বা পশ্চিমবংগই হওক, দিল্লী কিম্বা মণিপুৰ– যলৈকে যাও, অফুৰন্ত ভালপোৱা আৰু সন্মান পাইছো৷ মই দাঠি ক’ব পাৰো ছবি উদ্যোগতো অমিতাভ বচ্ছনৰ পাছতে যদি কাৰোবাক সন্মান দিয়া হৈছে সেই গৰাকী মই৷’ কংগনাৰ এই বিস্ফোৰক মন্তব্যৰ পাছতে অভিনেত্ৰীগৰাকী ট্ৰ'লৰ চিকাৰ হয়৷ সামাজিক মাধ্যমত বিভিন্নজনে কংগনাৰ এই মন্তব্যক লৈ ট্ৰ'ল কৰাৰ লগতে কংগনাক এনেধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈও সকীয়নি দিছে৷