Logo
image

সুৰাপায়ীৰ পৰা ৫ হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য দিছপুৰৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ মে’: চৰকাৰে মাত্ৰ ৮ মাহৰ ব্যৱধানত দুবাৰকৈ সুৰাৰ মূল্য বৃদ্ধি কৰাৰ পাছতো ৰাজকোষলৈ অহা নাই আশানুৰূপ আবকাৰী ৰাজহ৷ দাম বৃদ্ধিৰ পাছতো আবকাৰী ৰাজহ আশানুৰূপ নোহোৱাত স্বাভাৱিকতেই দিছপুৰত উৎকণ্ঠা বৃদ্ধি পাইছে৷ যি সময়ত সুৰাপায়ীৰ পৰা সংগ্ৰহ কৰা আবকাৰী ৰাজহেই ডেৰ লাখ কোটি টকা ঋণত কক্‌বকাই থকা চৰকাৰৰ বাবে আশা-ভৰসাৰ স্থলত পৰিণত হৈছে, তেনে সময়ত সুৰা বিক্ৰী ৫০ শতাংশ পৰ্যন্ত হ্ৰাস পোৱাত স্বাভাৱিকতেই দিছপুৰক চিন্তিত কৰি তুলিছে৷ আবকাৰী বিভাগৰ পৰ্যালোচনা বৈঠকত ৰাজ্যত অভাৱনীয় হাৰত সুৰা বিক্ৰী হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ অহাত কিদৰে সুৰাৰ বিক্ৰীৰ লগতে ৰাজহ বৃদ্ধি কৰিব পাৰি তাক লৈ ব্যস্ত হৈছে আবকাৰী আয়ুক্তালয়৷ মুখ্যমন্ত্ৰীৰ গুডবুকত স্থান পোৱাৰ বাবে বাৰে বাৰে সুৰাৰ মূল্য বৃদ্ধি কৰি সুৰাপায়ীক ৰামটাঙোন দিবলৈ গৈ মুখ ঠেকেচা খোৱা আবকাৰী আয়ুক্ত জিতু দলে আৰু উপ-আয়ুক্ত প্ৰাঞ্জল বৰা এণ্ড কোম্পানীয়ে এইবাৰ থলুৱা সুৰা ব্যৱসায়ীসকলকে বলিৰ পঠা সজোৱাত নামি পৰা বুলিও অভিযোগ উঠিছে৷ 

ৰাজ্য চৰকাৰক চলিত ২০২৪-২৫ বৰ্ষত ৫ হাজাৰ কোটি টকা আবকাৰী ৰাজহ আহৰণৰ সপোন দেখুৱাই মদৰ দাম বৃদ্ধি কৰা এই দুই বিষয়াই অৱশেষত ৱাইন শ্বপ আৰু বাৰৰ মালিকক সুৰা বিক্ৰী বৃদ্ধিৰ বাবে টাৰ্গেট বান্ধি দিবলৈকো কুণ্ঠাবোধ কৰা নাই৷ সুৰা বিক্ৰীৰ টাৰ্গেট পূৰণ কৰিব নোৱাৰিলে অনুজ্ঞাপত্ৰ বাতিলৰ ভাবুকিৰে বিপণীৰ মালিকক ব্লেকমেইলিঙতো নামি পৰিছে আবকাৰী বিভাগৰ এই দুই বৰমূৰীয়াই৷ যি সময়ত সুৰাই যুৱ-প্ৰজন্মক পংগু কৰি পেলাইছে, জন্মদাতা পিতৃ-মাতৃয়ে সুৰাসক্ত সন্তানৰ হাতত প্ৰহূত হ’বলগীয়া হৈছে, অজস্ৰ লোকৰ ঘৰ-সংসাৰ ধবংস হৈ গৈছে, তেনে সময়তে চৰকাৰে একমাত্ৰ ৰাজকোষ টনকিয়াল কৰাৰ স্বাৰ্থত গাঁৱে-ভূঞে, পদূলীয়ে পদূলীয়ে সুৰা সুলভ কৰাতহে নামি পৰিছে৷ বাৰ্ষিক ৫ হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহৰ পৰিকল্পনাৰে দিছপুৰে সুৰাৰ দাম বৃদ্ধি কৰাৰ প্ৰকোপত মূল্যবৃদ্ধিত কোঙা হৈ পৰা সুৰাপায়ীয়ে দেশীয় সুৰা নতুবা নিষিদ্ধ চুলাই খাবলৈকো বাধ্য হৈছে৷ শুনিলে আচৰিত যেন লাগিলেও বিগত ২০২৩ বৰ্ষৰ এপ্ৰিল মাহৰ তুলনাত ২০২৪ বৰ্ষৰ এপ্ৰিলত ৰাজ্যত দেশীয় সুৰাৰ বিক্ৰী ২১.১১ শতাংশ বৃদ্ধি পাইছে৷ এই সময়চোৱাত গুৱাহাটী মহানগৰীতে পূৰ্বৰ তুলনাত ৫৪.৩৫ শতাংশ বৃদ্ধি পাইছে দেশীয় সুৰাৰ বিক্ৰী৷ একেদৰে হোজাই জিলাত ৭৮৪ শতাংশ, কোক্‌ৰাঝাৰত ৩১০ শতাংশ, মৰিগাঁৱত ৩৩৮ শতাংশ, নগাঁৱত ১০০ শতাংশ, কামৰূপ গ্ৰাম্যত ১৩০ শতাংশ, বৰপেটাত ২০০ শতাংশ আৰু বিশ্বনাথত ১৪৪ শতাংশ বৃদ্ধি পাইছে দেশীয় সুৰাৰ বিক্ৰী৷ যাৰ বাবে দেশীয় সুৰা বিক্ৰী বৃদ্ধিত উৎফুল্লিত হৈ আবকাৰী বিভাগে এইবাৰ ২০২৪-২৫ বিত্তীয় বৰ্ষত ২.৪৩ কোটি লিটাৰ দেশীয় সুৰা বিক্ৰী কৰিবলৈ ৱাইন শ্বপসমূহক টাৰ্গেট বান্ধি দিছে৷ এই লক্ষ্যই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ আনহাতে, বিগত বৰ্ষৰ বিপৰীতে চলিত বৰ্ষত ১.৬১ কোটি কেচ বিলাতী সুৰা আৰু ১.২২ লাখ কেচ বীয়েৰ বিক্ৰী কৰিবলৈকো আবকাৰী বিভাগে লক্ষ্য বান্ধি দিয়াই নহয়, সমান্তৰালভাৱে দেশীয় সুৰা বিক্ৰী কৰিও ৰাজহ সংগ্ৰহৰ পৰিকল্পনা কৰিছে দিছপুৰে৷ ৰাজ্যত পূৰ্বৰ তুলনাত ৫০ শতাংশ সুৰা বিক্ৰী হ্ৰাস পোৱা খবৰে সুৰাৰ বাবে জীৱন তথা ঘৰ-সংসাৰ বিধবস্ত হৈ পৰা ভুক্তভোগীসকলে আশাৰ পোহৰ দেখিছিল যদিও ওলোটাই দিছপুৰে জিলাই জিলাই সুৰা বিক্ৰী বৃদ্ধিৰ বাবেহে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷ গুৱাহাটীৰ একোখন ৱাইন শ্বাপক প্ৰতিমাহে ৪,৫০০ লিটাৰ বিলাতী সুৰা আৰু ৩,৩১০ লিটাৰ বীয়েৰ বিক্ৰীৰো টাৰ্গেট বান্ধি দিছে৷ আবকাৰী বিভাগে প্ৰকাশ কৰা অনুসৰি বিগত ২০২২-২৩ বৰ্ষত চৰকাৰে ৩,৯৮০ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহ কৰাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষৰ জানুৱাৰী পৰ্যন্ত ৩,৮১৬ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল৷ এইবাৰ বিলাতী সুৰা আৰু বীয়েৰৰ প্ৰতিটো ব্ৰেণ্ড ১০-২০ শতাংশ দাম বৃদ্ধি কৰি বাৰ্ষিক আবকাৰী ৰাজহ ৫,০০০ কোটি টকালৈ বৃদ্ধিৰ পৰিকল্পনা কৰিছে দিছপুৰে৷ যাৰ পৰিপ্ৰেক্ষিততেই ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধিৰ কোনো সুযোগেই এৰি দিব বিচৰা নাই বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে৷ সুৰাৰ বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ দি ২৬খন জিলাত নতুনকৈ ২০৩খন নতুন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷