Logo
image

নতুন অভিলেখৰ প্ৰতীক্ষাত যশস্বী

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত যুৱ অ’পেনাৰ যশস্বী জয়ছোৱালৰ প্ৰদৰ্শন এতিয়া বিশ্ব ক্ৰিকেটত চৰ্চাৰ বিষয়৷ ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে শৃংখলা জয় নিশ্চিত কৰাত উত্তৰ প্ৰদেশৰ এই ২২ বছৰীয়া ক্ৰিকেটাৰজনৰ বিশেষ ভূমিকা আছে৷ শৃংখলাটোৰ আঠটা ইনিংছত তেওঁৰ সংগ্ৰহ ৬৫৫ ৰান৷ ৰানৰ গড় ৯৩.৫৭৷ ইতিমধ্যে তেওঁ একাধিক মাইলষ্টোনৰ অধিকাৰী হৈছে৷ ৭ মাৰ্চৰ পৰা ধৰমশালাত আৰম্ভ হ’বলগীয়া শৃংখলাটোৰ পঞ্চম তথা অন্তিম টেষ্টখনতো আন এটা অভিলেখ গঢ়াৰ সুযোগ পাব জয়ছোৱালে৷ ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ ৰেকৰ্ড আছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ গ্ৰাহাম গুচৰ নামত৷ ১৯৯০ চনৰ ভাৰত ভ্ৰমণত তিনিখন টেষ্টৰ শৃংখলাত গুচে সংগ্ৰহ কৰিছিল ৭৫২ ৰান৷ গুচৰ নামত থকা সেই ৩৪ বছৰ পুৰণি ৰেকৰ্ড ভংগ কৰিবলৈ জয়ছোৱালক প্ৰয়োজন আৰু ৯৮ ৰান৷ কেৱল সেয়াই নহয়, প্ৰাক্তন ভাৰতীয় অধিনায়ক সুনীল গাভাস্কাৰৰ নামত থকা  ৰেকৰ্ড এটা ভংগ কৰাৰো সুযোগ পাব জয়ছোৱালে৷ এটা টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ ভাৰতীয় ৰেকৰ্ড আছে গাভাস্কাৰৰ নামত৷ ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁ সংগ্ৰহ কৰিছিল ৭১৪ ৰান৷ ধৰমশালাৰ অন্তিম টেষ্টত যদি তেওঁ ১২০ ৰান সংগ্ৰহ কৰিব পাৰে, তেন্তে তেওঁ গাভাস্কাৰক অতিক্ৰমী নতুন ৰেকৰ্ডৰ অধিকাৰী হ’ব৷
২০২৩ বৰ্ষৰ জুলাইত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত পদাৰ্পণ কৰা জয়ছোৱালে এতিয়ালৈকে আঠখন টেষ্টত (১৫টা ইনিংছ) ৬৯.৩৫ গড়েৰে সংগ্ৰহ কৰিছে ৯৭১ ৰান, য’ত আছে তিনিটাকৈ শতক আৰু অৰ্ধশতক৷ টেষ্ট কেৰিয়াৰত এহাজাৰ ৰান সম্পূৰ্ণ কৰাৰ বাবে তেওঁক প্ৰয়োজন আৰু ২৯ ৰান৷ ধৰমশালাত যদি ২৯ ৰান সংগ্ৰহ কৰিলেই তেওঁ ৯খন টেষ্টত এহাজাৰ ৰান সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰত পৰিণত হ’ব৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক টেষ্টতে ১৭১ ৰানৰ ইনিংছ খেলা জয়ছোৱালৰ চলিত শৃংখলাত এয়া হৈছে ক্ৰমাগত দ্বিতীয় দ্বিশতক৷ এইদৰে বিনোদ কাম্বলি আৰু বিৰাট কোহলিৰ পাছত তৃতীয়জন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে ক্ৰমাগত দুখন টেষ্টত দ্বিশতকীয় ইনিংছ খেলাৰ বিৰল কৃতিত্বৰ অধিকাৰী হৈছে উত্তৰ প্ৰদেশৰ বেটাৰজন৷ বিশ্ব ক্ৰিকেটত জয়ছোৱালৰ পূৰ্বে ছজন ক্ৰিকেটাৰে এই কৃতিত্ব অৰ্জন কৰিছে৷ টেষ্ট ক্ৰিকেটত ক্ৰমাগত দুটা দ্বিশতকীয় ইনিংছ খেলা জয়ছোৱাল হৈছে তৃতীয় সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ৷ প্ৰথম দুজন হৈছে ছাৰ ড’নাল্ড ব্ৰেডমেন আৰু বিনোদ কাম্বলি৷ ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত দেখুওৱা প্ৰদৰ্শনেৰে  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ শেহতীয়া টেষ্ট ৰেংকিঙৰ বেটিঙৰ দ্বাদশ স্থানলৈ উন্নীত হৈছে জয়ছোৱাল৷