Logo
image

ঘৰে ঘৰে গৈ ইস্তাহাৰ প্ৰস্তুত কৰিব বিজেপিয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজৰ কাষলৈ যোৱাৰ বাবে নিতৌ নতুন নতুন কৌশল হাতত লৈছে বিজেপিয়ে৷ শেহতীয়াভাৱে লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশৰ উদ্দেশ্য ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ যোৱাৰ নতুন পৰিকল্পনা কৰিছে বিজেপিয়ে৷ ইয়াৰ অংশৰূপে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ পূৰ্বে ৰাজ্যবাসীৰ ঘৰে ঘৰে গৈ মতামত ল’ব বিজেপিৰ কৰ্মকৰ্তাই৷ ইয়াৰ পূৰ্বে বিজেপিয়ে ঘোষণা কৰিছে হিতাধিকাৰী সন্মিলন৷ এই কাৰ্যসূচীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ ঘৰলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ নমস্কাৰ জনাব বিজেপিৰ কৰ্মকৰ্তাই৷ পৰৱৰ্তী সময়ত বুথ পৰ্যায়ত, জিলা পৰ্যায়ত উক্ত হিতাধিকাৰী সন্মিলনৰ আয়োজন কৰা হ’ব বুলি বিজেপিৰ এটা সূত্ৰই সদৰি কৰিছে৷ ইতিমধ্যে হিতাধিকাৰী সন্মিলনত বিজেপি কৰ্মকৰ্তাৰ কৰণীয় সন্দৰ্ভত অৱগত কৰোৱাৰ উদ্দেশ্য বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত এখন কৰ্মশালা অনুষ্ঠিত কৰিছে বিজেপি নেতৃত্বই৷ শেহতীয়াভাৱে ইস্তাহাৰ প্ৰকাশৰ বাবে মতামত গ্ৰহণ কৰাৰ অচিলা লৈ বিজেপিয়ে যে নিৰ্বাচনী প্ৰচাল চলাব তাত কোনো সন্দেহ নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ অনুসৰি এই কাৰ্যসূচী হাতত লোৱা হৈছে৷ উক্ত কাৰ্যসূচীৰ বাবে অসমৰ প্ৰান্তৰ বাবে সমন্বয়কৰূপে নিযুক্তি কৰা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই দেওবাৰে আনুষ্ঠানিকভাৱে বিকশিত ভাৰত সংকল্প যাত্ৰা নামৰ  উক্ত কাৰ্যসূচী মুকলি কৰে৷ ভট্টাচাৰ্যই পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আয়োজন কৰা কৰ্মশালাত ভাগ লৈছিল য’ত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সবিশেষ বুজাই দিয়া হৈছিল৷