Logo
image

প্ৰকাশ পালে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাঃ ভাল দিন চলিছে হিমন্ত বিশ্ব শৰ্মাৰ, ৰাহু-কেতুৰ গ্ৰাসত ভূপেন বৰা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ, ৪ মাৰ্চঃ আগন্তুক লোকসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে মাত্ৰ ডেৰ মাহতকৈ কম সময় থকা অৱস্থাত বিভিন্ন সংবাদ মাধ্যম সংস্থাই নিৰ্বাচনত কোনটো দলে অধিক আসন লাভ কৰিব, কোনে চৰকাৰ গঠন কৰিব, প্ৰধানমন্ত্ৰী কোন হ’ব তাৰ আগতীয়া পূৰ্বানুমান প্ৰকাশ কৰাৰ সমান্তৰালকৈ জ্যোতিষ আৰু জ্যোতিষী কেন্দ্ৰসমূহেও তেওঁলোকৰ নিজা নিজা ভৱিষ্যদ্বাণী প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে অসমৰ দৰং জিলাৰ মঙলদৈৰ কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা গণনা কেন্দ্ৰই তেওঁলোকৰ অহা ব'হাগ মাহৰ পৰা গণনা আৰম্ভ হ'বলগীয়া কালপুৰুষ পঞ্জিকাখন সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰে৷ 

উন্মোচনী অনুষ্ঠানত ভাগ লৈ জ্যোতিষাচাৰ্য ভৱেশ কুমাৰ শৰ্মা বৰুৱাই কয়, "আগন্তুক অসমীয়া নতুন বছৰটো দেশৰ তথা আন ৰাজ্যৰ লগতে অসমতো কংগ্ৰেছ দলৰ বাবে ভাল নহ’ব৷ ৰাহু-কেতুৰ গ্ৰাসত থকা বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বেয়া দিন চলিব আৰু এয়া অহা ডেৰ বছৰ ধৰি চলিব৷ আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ পুনৰ শাসনলৈ আহিব আৰু নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব৷ ৰাহু-কেতুৰ  গ্ৰাসত কেৱল ভূপেন বৰাই নহয়, ইয়াৰ প্ৰভাৱৰ বাবে কংগ্ৰেছ দলৰ ৰাহুল গান্ধীকে ধৰি আন বিৰোধী দলৰ নেতাৰো বেয়া দিন চলিব৷ তেনেদৰে অসমত প্ৰাকৃতিক দুৰ্যোগৰ বাবে অহা অসমীয়া নতুন বছৰত ব্যাপক ক্ষয় ক্ষতি হ’ব৷ বানপানী আৰু ধুমুহাৰ কবলত পৰিব ৰাজ্যৰ বন্ধ অঞ্চল৷"

সংবাদ মেলত ভাগ লৈ জ্যোতিষ সম্ৰাট দীপক শৰ্মাই কয়, "আমাৰ কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা গণিতত পণ্ডিত মণ্ডলীৰ  দ্বাৰা প্ৰাচ্য পাঞ্চাত্যৰ আধুনিক বিজ্ঞানসন্মভাৱে নিৰ্ভুলকৈ কৰা হয়৷ আমাৰ গণনা অনুসৰি কংগ্ৰেছ দলৰ এতিয়া বেয়া দিন চলিছে আৰু সোনকালে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো কঠিন হ’ব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ভাল দিন চলিছে৷ অসমত বিজেপিৰ এতিয়া ভাল দিন চলিছে আৰু নিৰ্বাচনত দলটোৱে ১২খন আসন লাভ কৰিব৷" সংবাদ মেলত পঞ্জিকাৰ প্ৰকাশক ৰঞ্জিত কুমাৰ শইকীয়াই ভাগ লৈয় কয়, "৪০ বছৰ অতিক্ৰম কৰা আমাৰ কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাখনেই একমাত্ৰ অসমীয়া পঞ্জিকা৷ কেৱল অসমেই নহয় দেশ-বিদেশৰ প্ৰবাসী অসমীয়া লোকসকলেও পঞ্জিকাখন আকোৱালী লৈছে৷" 

উল্লেখ্য যে পৰম্পৰা অনুসৰি পহিলা ব'হাগৰ দিনাখনহে নতুন পঞ্জিকা চোৱা নিয়ম প্ৰচলিত হৈ আহিছে৷ সেই সূত্ৰে চ'ত মাহৰ শেষৰফালে বজাৰত উলিয়াই দিয়া হ’ব নতুন পঞ্জিকা৷ সন্মুখত লোকসভাৰ নিৰ্বাচন৷ সেয়েহে ইয়াৰ সুযোগ ল'বলৈ কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাতে ফাগুন মাহৰ ২০ তাৰিখেই বজাৰলৈ উলিয়াই দিয়া হ’ল৷ হয়তো নিৰ্বাচনী অধিসূচনাৰ সৈতে সংগতি ৰাখি মুকলি কৰি দিয়া হ’ব পঞ্জিকাখন৷ উল্লেখ্য, একে সময়তে তেওঁলোকে অসমীয়া কেলেণ্ডাৰখনো বজাৰত মুকলি কৰি দিছে৷