Logo
image

ঔষধৰ অনলাইন ব্যৱসায় থলুৱা বিক্ৰেতাৰ প্ৰত্যাহ্বান, গ্ৰাহকৰ সকাহ

বৰ্তমানৰ বিশ্বৰ সমগ্ৰ বজাৰখন মুক্ত অৰ্থনীতিয়ে গ্ৰাস কৰি পেলাইছে৷ তাৰ বাবে লাভৱান হৈছে গ্ৰাহক৷ কিন্তু এই মুক্ত অৰ্থনীতিৰ বাবে বহুক্ষেত্ৰত মাধমাৰ খাইছে কিছুসংখ্যক থলুৱা ব্যৱসায়ীয়ে৷ দুবছৰমানৰ আগতে সমগ্ৰ ভাৰতৰে থলুৱা ব্যৱসায়ীসকলে ভাৰত বন্ধৰ আহ্বান জনাইছিল৷ এই বন্ধত বিশেষকৈ সমৰ্থন আগবঢ়াইছিল ভাৰতৰ ফাৰ্মাচী সন্থাই৷ অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ দোকান বন্ধতকৈও ফাৰ্মাচীৰ বন্ধই নাগৰিকক বৰকৈ জুলুম কৰিছিল সেইদিনা৷ ভাৰতত বন্ধৰ অপসংস্কৃতিটো কোনো নতুন কথা নহয়৷ বন্ধৰ সৈতে ভাৰতীয় নাগৰিক অভ্যস্ত৷ কিন্তু সেইদিনাৰ থলুৱা বিক্ৰেতাসকলে যিবোৰ দাবীৰ বাবে বন্ধৰ আহ্বান দিছিল, তাৰ ভিতৰত এটা দাবী কিন্তু সাম্প্ৰতিক সময়ৰ বাবে অতিকৈ চিন্তনীয় আছিল৷ বৰ্তমান অভূতপূৰ্বভাৱে বৃদ্ধি পোৱা অনলাইন মাৰ্কেটিং ব্যৱস্থাই জুৰুলা কৰিছে থলুৱা ব্যৱসায়ীসকলক৷ শেহতীয়াকৈ ঔষধৰ বজাৰখনতো সোমাই পৰিছে অনলাইন মাৰ্কেটিং ব্যৱস্থা৷ সেয়ে সকলো মিলি তাৰেই প্ৰতিবাদ কৰিছিল সেইদিনা৷ সাধাৰণ যেন লগা দাবীটো কিন্তু চিন্তনীয়৷ 
এটা বস্তু যেতিয়া এজন গ্ৰাহকে থলুৱা বিপণীতকৈ বহু শতাংশ কম মূল্যত অনলাইন বিপণীত কিনিব পৰা হয়, গ্ৰাহকজনে বস্তুটো কিনিবৰ বাবে অনলাইন বিপণীখন নিৰ্বাচন কৰাটো তেনেই স্বাভাৱিক৷ জাতীয়তাবাদ বা ৰাষ্ট্ৰীয়তাবাদৰ নামত এজন উপভোক্তাক বেছি দাম দিয়াবলৈ কোনেও বাধ্য কৰাব নোৱাৰে৷ অনলাইন বিপণীসমূহে বহু শতাংশ ৰেহাই মূল্যত যিদৰে বস্তুসমূহ সহজলভ্যভাৱে জনসাধাৰণৰ মাজত উপলব্ধ কৰিছে, তাকে দেখি জনসাধাৰণ অনলাইন বিপণীসমূহৰ প্ৰতি আকৃষ্ট হোৱাটোৱেই স্বাভাৱিক৷ এইক্ষেত্ৰত আৰু একোপ চৰা থলুৱা ফাৰ্মাচীৰ ব্যৱসায়ীসকল৷ দুই-এখনৰ বাদে সৰহসংখ্যকেই হাজাৰ টকাৰ ঔষধ ল’লেও এক টকা গ্ৰাহকক ৰেহাই দিব নিবিচাৰে৷ কিন্তু একেটা দৰবৰেই হোলছেল আৰু খুচুৰা বিক্ৰেতাৰ মাজত দামৰ আকাশ-পাতাল পাৰ্থক্য বিচাৰি পোৱা যায়৷ অৰ্থাৎ থলুৱা খুচুৰা বিক্ৰেতাই বিচাৰিলে প্ৰতিটো দৰবতে গ্ৰাহকক কিছু শতাংশ হ’লেও ৰেহাই দিব পাৰে৷ কিন্তু নিদিয়ে৷ এনে মানসিকতা দেখা যায় আন বহু থলুৱা বিক্ৰেতাৰ ক্ষেত্ৰতো৷ সেয়ে অনলাইন ব্যৱসায়ৰ প্ৰতি জনসাধাৰণ আকৃষ্ট হোৱাটো নিতান্তই স্বাভাৱিক৷ তাতে গাঁৱে-ভূঞে সহজলভ্য ইণ্টাৰনেট সেৱাও ইয়াত অৰিহণা যোগাইছে৷ বৰ্তমানৰ বিশ্বত প্ৰযুক্তি আৰু ডিজিটেল অৰ্থনীতিৰ যিদৰে প্ৰসাৰ হ’বলৈ ধৰিছে, তেনে সময়ত এনেধৰণৰ অনলাইন ব্যৱসায়ে গা কৰি উঠাটো অতি স্বাভাৱিক৷ গ্ৰাহক য’তেই বেছি সন্তুষ্ট হয়, তাৰ প্ৰতিয়েই মানসিকভাৱে ধাবিত হয়৷ সেয়েহে থলুৱা ব্যৱসায়ীৰ অৰ্থনৈতিক সুৰক্ষা বজাই ৰাখিব লাগিলে চৰকাৰে কৰ-কাতলৰ ক্ষেত্ৰত নতুন নীতিৰ সূচনা কৰিব লাগিব৷ লগতে থলুৱাজনেও ব্যৱসায়ৰ খাতিৰত উচাত্মিকা ত্যাগ কৰি ন্যূনতম লাভ ৰাখি পাৰ্যমানে ৰেহাই মূল্য দি সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগিব৷ অন্যথা জীৱিকাৰ প্ৰতিযোগিতাত বাচি থকাটোৱেই কঠিন হৈ পৰিব৷