Logo
image

আম্বানিৰ চিৰিয়াখানাত অসমৰ গঁড়, কাজিৰঙাত পৰ্যটক কমাৰ আশংকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ মাৰ্চঃ দুদিনীয়া ভ্ৰমণসূচীয়ে বিশ্ব ঐতিহ্য কাজিৰঙালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সোণালী ত্ৰজয়ন্তী বৰ্ষত ভৰি দিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰধানমন্ত্ৰীৰ আগমণক কেন্দ্ৰ কৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যানখনত৷ প্ৰধানমন্ত্ৰীৰ আগমণক কেন্দ্ৰ কৰি কাজিৰঙাৰ বাট-পথৰ মেৰামতিৰ লগতে উদ্যানখনক ন-ৰূপত সজাই তোলা হৈছে৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বিগত বৰ্ষৰ তুলনাত দেশী-বিদেশী পৰ্যটকৰ আগমণৰ সংখ্যা অভাৱনীয় হাৰত হ্ৰাস পোৱাত উদ্বেগৰ কাৰণ হৈ পৰিছে যদিও প্ৰধানমন্ত্ৰীৰ আগমণে বিশ্বৰ পৰ্যটকক আকৰ্ষণৰ ক্ষেত্ৰত কাজিৰঙাই নতুন মাত্ৰা লাভ কৰিব বুলিও আশা ব্যক্ত কৰা হৈছে৷ কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি যেন ভাবুকি কঢ়িয়াই আনিছে দেশৰ ধনাধ্য উদ্যোগপতি মুকেশ আম্বানীয়ে৷ ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে গুজৰাটৰ জামনগৰত ৩ হাজাৰ একৰ ভূমিত নিৰ্মাণ কৰা গ্ৰীণ্‌ছ জুল’জিকেল ৰেছকিঅ’ এণ্ড দ্যা ৰিহেবিলিটেশ্বন কিংডম চিৰিয়াখানা ‘বনতৰা’ত এতিয়া অসম বিখ্যাত কাজিৰঙাৰ গঁড়ে শোভাবৰ্ধন কৰিছে৷ কিন্তু এই দৰ্শন কৰিয়েই কাজিৰঙাত ভৰি নিদিয়াকৈ উভতিছে দেশী-বিদেশী চেলিব্ৰেটী তথা ধনকুবেৰ৷ অসম চৰকাৰে মাত্ৰ ৪টা জেব্ৰাৰ বিনিময়ত ২০২১ চনত অসম গৌৰৱ এশিঙীয়া গঁড়ক ব্ৰীডিঙৰ নামত ৰিলায়েন্সৰ হাতত তুলি দিয়াৰ পৰিণাম যেন  পলমকৈ হ’লেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ৰাজ্য চৰকাৰে ভোগ কৰিবলগীয়া হৈছে৷  কিয়নো আম্বানী পৰিয়ালৰ চিৰিয়াখানাত থকা গঁড়ৰ বাবে অদূৰ ভৱিষ্যতে অসমে পৰ্যটনৰ  ৰাজহ হেৰুৱাবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য, পহিলা মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বাগদান অনুষ্ঠান সম্পন্ন হয়৷ এই বাগদান অনুষ্ঠানত বলীউডৰ প্ৰতিজন চেলিব্ৰেটীৰ লগতে বিশ্বৰ ধনকুবেৰ মাইক্ৰ’ছফ্‌টৰ প্ৰতিষ্ঠাপক বিল গেট্‌ছ, ফেচবুকৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গ, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্প, বিশ্ব প্ৰসিদ্ধ গায়িকা ৰেহেনালৈ বিভিন্ন হাইপ্ৰ’ফাইল ব্যক্তিয়ে ভিৰ কৰে৷ লক্ষণীয়ভাৱে বাগদান অনুষ্ঠানৰ পূৰ্বে অনন্ত আম্বানীয়ে সপোনৰ প্ৰকল্প বনতৰাক দেশবাসীৰ আগত পৰিচয় কৰাই দিয়ে৷ বনতৰা জীৱ-জন্তুৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো  অনন্ত আম্বানীয়ে কেইবাটাও ইণ্টাৰভিউ দিয়া দেখা যায়৷ ইণ্টাৰভিউত স্পষ্টকৈ দেখা গৈছে বনতৰাৰ কৃত্ৰিম হৃদত অসমৰ গঁড়ৰ জলকেলি৷ তদুপৰি বিগত সময়ছোৱাত ৰিলায়েন্স গোষ্ঠীয়ে অসম আৰু অৰুণাচলৰ পৰা ট্ৰাকে ট্ৰাকে ঘৰচীয়া হাতী ক্ৰয় কৰি জামনগৰলৈ লৈ গৈছিল যদিও উক্ত হাতীবোৰ উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব বুলিহে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আম্বানী পুত্ৰই দাবী কৰা দেখা গ’ল৷ উদ্বেগৰ বিষয়টো হৈছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বাগদান অনুষ্ঠানলৈ অহা দেশ তথা বিশ্বৰ হাইপ্ৰ’ফাইল ব্যক্তি  বিশেষে জামনগৰৰ বনতৰাত অসমৰ আৱেগ এশিঙীয়া গড়ৰ জলকেলিৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰি আনন্দ লয়৷ আম্বানীৰ চিৰিয়াখানাত অসমৰ বিখ্যাত গঁড় দৰ্শন কৰি আপোন পাহৰা হৈ পৰে ফেচবুকৰ প্ৰতিষ্ঠাপক সপত্নীক মাৰ্ক জুকাৰবাৰ্গ৷ কেৱল গঁড়েই নহয়, অসমৰ ৰাজ্যিক চিৰিয়াখানাৰ পৰা নিয়া দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰৰ সৈতেও ধেমালি কৰে বিশ্বৰ অন্যতম চহকী জুকাৰবাৰ্গে৷ কেৱল মাৰ্ক জুকাৰবাৰ্গেই নহয়, আম্বানী পৰিয়ালৰ বাগদান অনুষ্ঠানলৈ অহা প্ৰতিজন হাইপ্ৰ’ফাইল ব্যক্তিয়েই চিৰিয়াখানাৰ বন্যপ্ৰাণী চোৱাৰ সুযোগ লাভ কৰে৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উঠিছে, অসম বিখ্যাত এশিঙীয়া গঁড় যদি গুজৰাটৰ আম্বানীৰ চিৰিয়াখানাতে প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰে, তেনেহ’লে কাজিৰঙালৈ গঁড় চাবলৈ দেশী-বিদেশী পৰ্যটক আহিব কিয়? চৰকাৰৰ এই আম্বানীপ্ৰীতিৰ বাবেই জামনগৰত কাজিৰঙাৰ গঁড় প্ৰত্যক্ষ কৰাৰ সুবিধা কৰি দি অসমে বৃহৎ ৰাজহ লোকচানৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে৷ অথচ ইয়াৰ বিপৰীতে অসম পৰ্যটনে পৰ্যটকৰ আকৰ্ষণৰ মূল সম্পদক ৰিলায়েন্স গ্ৰুপৰ হাতত তুলি দি এতিয়া কোটি কোটি টকা ব্যয়ৰে দিল্লী-মুম্বাইৰ ৰাজপথত হ’ৰ্ডিং বিজ্ঞাপন লগাই পৰ্যটকক আকৰ্ষণৰ বৃথা চেষ্টা চলাইছে৷ কাজিৰঙাৰ গঁড় আৰু ৰাজ্যিক চিৰিয়াখানাৰ পৰা জব্দকৃত দুষ্প্ৰাপ্য প্ৰাণী আম্বানী চিৰিয়াখানাক গতাই দিয়াৰ সমান্তৰালভাবে ৰিলায়েন্সৰ চিৰিয়াখানাত শেহতীয়াকৈ অসম চৰকাৰৰ পশু চিকিৎসক নিয়োগ কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ পদ্মশ্ৰী সন্মানপ্ৰাপক হস্তী বিশেষজ্ঞ  কুশল কুমাৰ শৰ্মাই অসম চৰকাৰৰ চাকৰিৰ সমান্তৰালভাৱে আম্বানীৰ চিৰিয়াখানাতো চাকৰি কৰি থকা তথ্য পোহৰলৈ আহিছে৷ আম্বানী চিৰিয়াখানা বনতৰাৰ মুকলি অনুষ্ঠানত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত একেলগে সাক্ষাৎকাৰ দিয়া দেখা গৈছে অসম চৰকাৰৰ পশুপালন বিভাগৰ হস্তী বিশেষজ্ঞ ডাঃ কুশল কুমাৰ শৰ্মা আৰু অনন্ত আম্বানীক৷ তদুপৰি ৰিলায়েন্সৰ চিৰিয়াখানাৰ প্ৰচাৰ পত্ৰিকাতো নাম আছে অসম চৰকাৰৰ হস্তী বিশেষজ্ঞজনৰ৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উঠিছে, অসম চৰকাৰৰ চাকৰিত কৰ্মৰত এজন চিকিৎসকে কেনেকৈ এখন ব্যক্তিগত চিৰিয়াখানাত একেলগে কাম কৰি থাকিব পাৰে৷ তদুপৰি প্ৰশ্ন হয়– চৰকাৰী দায়িত্বত ফাঁকি দি ডাঃ কুশল কোঁৱৰ শৰ্মাই আৰ্থিক লাভৰ আশাত সুদূৰ  গুজৰাটৰ ব্যক্তিগত চিৰিয়াখানাতো সেৱা আগবঢ়াই আছে নেকি? অৱশ্যে ইয়াৰ পূৰ্বেও অসমৰ ৰাজ্যিক চিৰিয়াখানাৰ অৱসৰপ্ৰাপ্ত চিকিৎসক বিজয় গগৈ আৰু পৰীক্ষিত কাকতিয়ে আম্বানীৰ চিৰিয়াখানাৰ হৈ অসমত কাম কৰাৰ অভিযোগ উঠিছিল৷