Logo
image

অক্টোবৰত মুকলি হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ মাৰ্চঃ অক্টোবৰ মাহত মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং৷ এই দলঙে হ্ৰাস কৰিব গুৱাহাটী-আমিনগাঁৱৰ যানজঁট৷ সোমবাৰে গুৱাহাটী-উত্তৰ দলঙৰ এটা অংশ মুকলি কৰি কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ মুঠ ১,২০৮ কোটি টকাৰ চাৰিটা প্ৰকল্প উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন কৰি এই কথা ঘোষণা কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে ৩২৬ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ দক্ষিণপাৰে এলিভেটেড কৰিড’ৰ উদ্বোধন কৰাৰ উপৰি ১১৬ কোটি টকা ব্যয় সাপেক্ষ ১০০ খন বিচনাযুক্ত আজাৰা জিলা চিকিৎসালয়ৰ শিলান্যাস, ৩৫৮ কোটি টকা ব্যয় সাপেক্ষ ভি আই পি জংচনৰ পৰা ধাৰাপুৰ বিমানবন্দৰ সংযোগী বৰ্তমানৰ দুইলেনযুক্ত পথক চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ প্ৰকল্প আৰু ৪৪৮ কোটি টকা ব্যয় সাপেক্ষ গৌৰীপুৰ টি জংচনত ট্ৰামপেট ইণ্টাৰচেঞ্জৰ ভূমিপূজন কৰে৷

উত্তৰ গুৱাহাটী গৌৰীপুৰত ৰাজ্যৰ প্ৰথমটো ট্ৰাম্পেট ইণ্টাৰচেঞ্জৰ শিলান্যাস আৰু ভূমি পূজন কৰিলে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই 

‘আমাৰ অসম’ৰ আমিনগাঁৱৰ প্ৰতিনিধিঃ উত্তৰ গুৱাহাটী গৌৰীপুৰত সোমবাৰে ৪০৭.৫০ কোটি ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া অসমৰ প্ৰথমটো ট্ৰাম্পেট ইণ্টাৰচেঞ্জৰ শিলান্যাস আৰু ভূমি পূজন সম্পন্ন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ গৌৰীপুৰ টি জংচনত ট্ৰাম্পেট ইণ্টাৰচেঞ্জৰ শিলান্যাস আৰু ভূমি পূজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয়–উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী বহু প্ৰতীক্ষিত দলং আৰু ট্ৰাম্পেট ইণ্টাৰচেঞ্জৰ কাম সম্পূৰ্ণ হৈ উঠিলেই ৰূপ সলনি হৈ যাব উত্তৰ গুৱাহাটী আমিনগাঁৱৰ৷ লগতে পৰ্যটনৰ দিশটো এই ট্ৰাম্পেট ইণ্টাৰচেঞ্জ খনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ দিল্লী মুম্বাইৰ আৰ্হিত অসমত প্ৰথমখন ট্ৰাম্পেট ইণ্টাৰচেঞ্জ নিৰ্মাণৰ বাবে মুঠ ব্যয় হ’ব ৪০৭.৫০ কোটি৷ এই প্ৰকল্পৰ দৈৰ্ঘ্য হ’ব ৫,৫৮৮ মিটাৰ আৰু অহা ২০২৫ চনৰ ৪ জুলাইত নিৰ্মাণ সম্পূৰ্ণ হ’ব৷ এই পথে গুৱাহাটী -উত্তৰ গুৱাহাটীৰ মাজত যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লগতে গুৱাহাটী মহানগৰীত যানজঁটৰ সমস্যা লাঘৱ কৰিব আৰু সময় ৰাহি কৰিব৷ প্ৰসংগক্ৰমে তেওঁ কয়–বৰ্তমান উত্তৰ গুৱাহাটীৰ মাটিৰ দাম সোণৰ দামকৈও দ্ৰুত গতিত বৃদ্ধি পাইছে৷ উত্তৰ গুৱাহাটী ৰাইজক অভাৱত পৰিলেও মাটি বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে৷ এই ক্ষেত্ৰত মাটিৰ দালাল সকলকো হুচিয়াৰ কৰি দিলে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী লগতে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘল উপস্থিত থাকে৷ আন্তঃগাঁথনি উন্নীতকৰণেৰে ৰাজ্যখনক বিকাশ আৰু প্ৰগতিৰ এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ অংশ হিচাপে আৰম্ভ কৰা ‘বিকাশ যাত্ৰা’ অব্যাহত ৰাখি  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত ১২০৮ কোটি টকা ব্যয় সাপেক্ষ উক্ত নতুন প্ৰকল্পৰ উদ্বোধন, শিলান্যাস তথা ভূমিপূজন কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি প্ৰথমতে ভি আই পি জংচনৰ পৰা ধাৰাপুৰ জংচনলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ সংযোগী বৰ্তমানৰ দুইলেনযুক্ত পথক চাৰিলেনযুক্ত পথলৈ উন্নীকৰণ প্ৰকল্পৰ ভূমিপূজন কৰে৷ ৩৫৮ কোটি টকা ব্যয় সাপেক্ষ আৰু ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নিৰ্মীয়মান নতুন ইন্ট্ৰিগ্ৰেটেড টাৰ্মিনেলৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নীত কৰাৰ উপৰি গুৱাহাটী আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ ব্যৱস্থাৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰিব৷  ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ১০০ খন বিছনাযুক্ত আজাৰা জিলা চিকিৎসালয়ৰ শিলান্যাস কৰে৷ মুঠ ১৫ হাজাৰ ৫৫৫ বৰ্গ মিটাৰ এলেকাৰ এই চিকিৎসালয়খন নিৰ্মাণত সৰ্বমুঠ ১১৬ কোটি টকা ব্যয় হ’ব৷  ৩টা অস্ত্ৰোপচাৰ কক্ষ সম্বলিত এই চিকিৎসালয়খনে ৰেডিঅ’লজি, চকুৰ বিশেষ চিকিৎসাকে ধৰি ১৪ টা প্ৰয়োজনীয় চিকিৎসাসেৱা আগবঢ়াব৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে তেওঁ আজাৰা চিকিৎসালয়খন উন্নীতকৰাৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লৈছিল৷ বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত ‘এছিষ্ট প্ৰকল্প’ৰ অধীনত ৰাজ্যখনৰ ১০ খন চিকিৎসালয় জিলা পৰ্যায়ৰ চিকিৎসালয়লৈ উন্নীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই পদক্ষেপৰ আধাৰতে আজাৰাত নিৰ্মাণ কৰিবলৈ লোৱা চিকিৎসালয়খনত ৰক্ত ভাণ্ডাৰ, আই চি ইউৰ সুবিধা উপলব্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ চিটি স্কেনকে ধৰি আধুনিক চিকিৎসা সুবিধাও এই চিকিৎসালয়খনত থাকিব যাতে অঞ্চলবাসীয়ে উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰে৷ ২০২৬ চনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা এই চিকিৎসালয়খনত দন্ত চিকিৎসাৰ সুবিধাও সংযোজন কৰা হ’ব৷ যাতায়াতৰ সুবিধাৰ্থে ৰাণী অঞ্চলতো এখন উৰণ সেতু নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ দীপৰ বিলক এক আকৰ্ষণীয় পৰ্যটনস্থলীৰূপে গঢ় দিয়াৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে এই পৰিকল্পনাৰ আধাৰত বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ বাবে ইতিমধ্যে ১০০ কোটি টকা আবণ্টন দিয়া হৈছে৷ আগন্তুক ৩-৪ বছৰত এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ কয়৷ হাতীকে ধৰি অন্য বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিতকৰণৰ অৰ্থে দীপৰ বিলৰ মাজেৰে যোৱা ৰে’লপথছোৱা ভূমিৰ পৰা উত্তোলিত ৰূপত নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে আৰু এই প্ৰকল্পৰ কাম আগন্তুক ৬ মাহৰ ভিতৰত আৰম্ভ কৰা হ’ব৷ এই উপলক্ষত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে আজি গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী দলঙৰ দক্ষিণপাৰে ভূটনাথৰ পৰা মাছখোৱালৈকে নিৰ্মিত ‘এলিভেটেড ক’ৰিডৰ’ অংশটো আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে৷ ১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই এলিভেটেড ক’ৰিডৰ নিৰ্মাণত ব্যয় হৈছে ৩২৬.০১ কোটি টকা৷ আজি উদ্বোধন হোৱা এই প্ৰকল্পই গুৱাহাটী মহানগৰীৰ ভৰলুমুখৰ যানজঁটৰ সমস্যা লাঘৱ কৰাৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সৌন্দৰ্যবদ্ধৰ্ন তথা খহনীয়া প্ৰতিৰোধতো বৰঙণি যোগাব৷ এলিভেটেড ক’ৰিডৰ অংশটো পদব্ৰজে পৰিদৰ্শনৰ অন্তত এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে এই এলিভেটেড ক’ৰিডৰ উদ্বোধন হোৱাৰ পিছত মাছখোৱা-আদাবাৰী দিশৰ পৰা অহা লোকসকলে ভূটনাথৰ সমীপৰ পৰা পোনেপোনে শুক্ৰেশ্বৰ মন্দিৰ, উজানবজাৰ আদিলৈ যাব পাৰিব৷ তেওঁ লগতে কয় যে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিশেষ শব্দ প্ৰতিৰোধক ব্যৱহাৰ কৰা এই এলিভেটেড ক’ৰিডৰ ব্যৱহাৰকাৰীসকলে যাত্ৰাকালত মহাবাহু ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্য উপভোগৰ সুবিধা পাব আৰু এই প্ৰকল্পৰ জৰিয়তে জনসাধাৰণে নতুন গুৱাহাটীৰ নতুন প্ৰতিচ্ছবি দেখা পাব৷ বিগত সময়ছোৱাত মালিগাঁৱত নীলাচল উৰণ সেতু, শ্ৰদ্ধাঞ্জলি উৰণ সেতু, ছুপাৰ মাৰ্কেটৰ উৰণ সেতু আদি নিৰ্মাণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কালাপাহাৰৰ চাইকেল ফেক্টৰী অঞ্চলত আন এক উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ কামাখ্যা মন্দিৰলৈ যোৱাৰ সুবিধাৰ্থে আন এটা এলিভেটেড ক’ৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে আগ্ৰহীসকলে পাণ্ডুৰ পৰা মন্দিৰলৈ যোৱা নতুন পথেৰে আগবাঢ়ি এলিভেটেড ক’ৰিডৰেৰে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰেৰে গৈ কামাখ্যা মন্দিৰ পশ্চিম দিশেৰে প্ৰৱেশ কৰিব পাৰিব৷ শুক্ৰেশ্বৰ মন্দিৰৰ পৰা লতাশিল খেলপথাৰ পৰ্যন্ত থকা পথছোৱা যানজঁট হ্ৰাস কৰাৰ উদ্দেশ্যে এই ক’ৰিডৰটো সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা ভৱিষ্যতে গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সদৰি কৰে৷ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ সন্মুখত নিৰ্মীয়মান অৱস্থাত থকা জাহাজ টাৰ্মিনেলটোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৈ পৰ্যটনৰ দিশেৰে নিৰ্মাণ কৰা এই টাৰ্মিনেলটো অহা আগষ্টত মাহত উদ্বোধন কৰা হ’ব৷ অভিলাষী কামাখ্যা কৰিড’ৰ প্ৰকল্পকে ধৰি নিৰ্মাণকাৰ্য অব্যাহত থকা এই আঁচনিসমূহ সম্পূৰ্ণ হৈ উঠিলে সমগ্ৰ গুৱাহাটী মহানগৰীৰ প্ৰতিচ্ছবি সলনি হৈ যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷