Logo
image

এলোভেৰা উপকাৰী যদিও অতিৰিক্ত ব্যৱহাৰ ক্ষতিকাৰক

এলোভেৰাত বিভিন্ন ঔষধি গুণ থাকে৷ সৌন্দৰ্য চৰ্চাকে ধৰি  স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এলোভেৰাৰ ভূমিকা অতুলনীয়৷ কিন্তু এলোভেৰা উপকাৰী হ’লেও ইয়াৰ অতিৰিক্ত ব্যৱহাৰ বিভিন্ন সমস্যাৰ কাৰণ হ’ব পাৰে৷ বিশেষজ্ঞসকলৰ মতে এলোভেৰাত এল’ইন নামৰ এবিধ উপাদান থাকে৷ খাদ্যৰ জৰিয়তে এইবিধ উপাদান সৰ্বোচ্ছ ১০ পি পি এমহে গ্ৰহণ কৰিব পাৰি৷ তদুপৰি বাহ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত চিকিৎসকে ৫০ পি পি এম এল’ইনহে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে৷ এই মাত্ৰাতকৈ বেছি পৰিমাণৰ এল’ইন ব্যৱহাৰ কৰিলে হিতে বিপৰীত হ’ব পাৰে৷ উল্লেখ কৰা হ’ল এলোভেৰাৰ অতিৰিক্ত ব্যৱহাৰে কি কি সমস্যাৰ সৃষ্টি কৰে–
-  নিয়মীয়াকৈ এলোভেৰাৰ ৰস পান কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷ কিয়নো এলোভেৰাৰ ৰসে আকস্মিকভাৱে তেজত শৰ্কৰাৰ মাত্ৰা কমাই দিব পাৰে৷ ডায়েবেটিছ ৰোগীসকলে এলোভেৰাৰ ৰস পান নকৰাই ভাল৷
- পৰিমিত পৰিমাণৰ এলোভেৰাৰ ৰসে ছালৰ শুষ্ক ভাব আঁতৰোৱাত সহায় কৰে৷ কিন্তু অতিৰিক্ত ব্যৱহাৰে দেহৰ ইলেক্ট্ৰ'লাইটৰ ভাৰসাম্যতা নষ্ট কৰিব পাৰে৷ আনকি দেহত জলশূন্যতাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
- কোষ্ঠ-কাঠিন্যৰ পৰা সকাহ পাবলৈ বহুতে এলোভেৰাৰ ৰস পান কৰে৷ পিছে জানি থোৱা ভাল যে এলোভেৰাৰ ৰস অতিৰিক্তভাৱে পান কৰিলে ডায়েৰিয়া হ’ব পাৰে৷ 
- এলোভেৰাৰ অতিৰিক্ত ব্যৱহাৰে দেহত পটাছিয়ামৰ মাত্ৰা কমায়৷ ফলত হঠাৎ ক্লান্তি, মূৰৰ বিষৰ দৰে সমস্যা হ’ব পাৰে৷ তদুপৰি পটাছিয়ামৰ মাত্ৰা সাল-সলনি হ’লে হৃদস্পন্দন অস্বাভাৱিক হয়৷
গতিকে এলোভেৰা উপকাৰী হ’লেও ইয়াৰ ব্যৱহাৰত সাৱধান হওক৷ ব্যৱহাৰৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক৷