Logo
image

এক লাখ চাকি জ্বলাই কাজিৰঙালৈ আদৰিব প্ৰধানমন্ত্ৰী মোদীক

‘আমাৰ অসম’ৰ কাজিৰঙা আৰু বোকাখাতৰ প্ৰতিবেদক, ৬ মাৰ্চঃ বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৮ মাৰ্চত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ মোদীৰ কাজিৰঙা ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যুদ্ধগতিত চলিছে প্ৰস্তুতিৰ কাম৷ জানিব পৰা মতে, ৮ মাৰ্চত প্ৰধানমন্ত্ৰী মোদী কাজিৰঙালৈ আহিব আৰু উক্ত নিশা কাজিৰঙাৰ কহঁৰাত অৱস্থিত আৰক্ষীৰ অতিথিগৃহত  ৰাত্ৰি যাপন কৰি পিছদিনা অৰ্থাৎ ৯ মাৰ্চৰ পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চল দৰ্শন কৰিব৷ ইফালে প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণৰ পূৰ্বে প্ৰস্তুতিপৰ্বৰ বুজ ল’বৰ বাবে মঙলবাৰে শীৰ্ষ বিষয়াবৰ্গৰে আলোচনাত মিলিত হয় স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু পৰ্যটনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷ ইতিমধ্যে কাজিৰঙাৰ পানবাৰীত কৃষি নিগমৰ ভূমিত তিনিখন হেলিকপ্টাৰ অৱতৰণ কৰিব পৰাকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে৷ পানবাৰীৰ অস্থায়ী হেলিপেডত প্ৰধানমন্ত্ৰী অৱতৰণ কৰাৰ পাছত কটকটীয়া নিৰাপত্তাৰ মাজত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ১৩কিলোমিটাৰ পথ গাড়ীৰে আহি কাজিৰঙাৰ কহঁৰাত থকা আৰক্ষীৰ অতিথিগৃহত উপস্থিত হ’ব ৮ মাৰ্চৰ বিয়লি৷ ইতিমধ্যে বোকাখাতৰ পৰা কহঁৰালৈকে ৰাষ্ট্ৰীয় পথছোৱা মেৰামতি কৰা হৈছে৷ ৰাষ্ট্ৰীয় পথৰ কাষত থকা গছবোৰত চূন সানি জিলিকাই তোলা হৈছে৷ ইফালে ৰাষ্ট্ৰীয় পথেৰে কহঁৰালৈ আহোঁতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এবাৰ কাষৰ পৰা দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিব বুলি ধাৰণা কৰি প্ৰশাসনে পানবাৰীৰ পৰা কহঁৰালৈকে ৰাষ্ট্ৰীয় পথৰ কাষত বাঁহেৰে লানি লানি বেৰিকেড নিৰ্মাণ কৰিছে৷ প্ৰধানমন্ত্ৰীক যাত্ৰাপথত যাতে কোনো লোক বা জীৱ-জন্তুৱে বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেৰিকেড নিৰ্মাণ কৰা হৈছে৷ কাজিৰঙাত ডেৰ বিঘা মাটিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা আৰক্ষীৰ অতিথিগৃহত ইতিমধ্যে দেশৰ দুগৰাকী ৰাষ্ট্ৰপ্ৰধানে ৰাত্ৰি যাপন কৰাৰ পাছত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তাত নিশা অতিবাহিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ৰাত্ৰি যাপন কৰিবলগীয়া কাজিৰঙাৰ সেউজ পৰিৱেশৰ মাজত থকা আৰক্ষীৰ অতিথিগৃহটো ৰং, তেল সানি সজাই-পৰাই তোলা দেখা গৈছে৷ নিৰাপত্তাৰ খাতিৰত প্ৰশাসনে বিভাগীয় লোকৰ বাদে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে উক্ত অতিথিগৃহত৷ আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিব৷ গতিকে বন বিভাগৰ লোকে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ বাট-পথ, দলং আদি মেৰামতিৰ কাম চলাই আছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰা পথৰ কাষত থকা বন শিবিৰবোৰ মেৰামতি কৰিছে৷ তদুপৰি, কহঁৰা বনাঞ্চলৰ ভিতৰত থকা দৰ্শন চূড়াবোৰ মেৰামতি কৰাৰ লগতে ৰং, তেল সানি আকৰ্ষণীয় কৰি তুলিছে উদ্যান কতৃৰ্পক্ষই৷ কাজিৰঙা আৰু সমীপৱৰ্তী অঞ্চলৰ প্ৰায় সকলো হোটেল-ৰিজ’ৰ্টৰ সকলো কোঠা ইতিমধ্যে বুক কৰা হৈছে৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ কঁহৰাত ৭ মাৰ্চৰ পৰা তিনি দিনৰ বাবে হাতী ছাফাৰি বন্ধ কৰি দিয়া হৈছে৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কহঁৰাৰ মিহিমুখ প্ৰৱেশ-দ্বাৰো আকৰ্ষণীয় কৰা হৈছে৷ উল্লেখ্য, নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে ২০১১ আৰু ২০১৬ চনত দুবাৰকৈ বোকাখাতলৈ আহিছিল যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এইবাৰহে দৰ্শন কৰিব৷ মোদীৰ ভ্ৰমণৰ প্ৰস্তুতিপৰ্বৰ বুজ ল’বলৈ কাজিৰঙালৈ অহা কৃষিমন্ত্ৰী অতুল বৰাই মঙলবাৰে কাজিৰঙাৰ পানবাৰী কৃষি নিগমৰ ভূমিত নিৰ্মাণ কৰা অস্থায়ী হেলিপেড পৰিদৰ্শন কৰাৰ লগতে কহঁৰালৈ আহে৷ প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ ক্ষণলৈ ৰাইজে আগ্ৰহেৰে অপেক্ষা কৰি থকা বুলি সদৰী কৰি মন্ত্ৰী বৰাই কয়– ‘আমি বিচাৰিছিলোঁ যে প্ৰধানমন্ত্ৰীয়ে এবাৰৰ বাবে হ’লেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহক৷ প্ৰধানমন্ত্ৰী মোদীৰ আগমনে কাজিৰঙাক অন্য মাত্ৰা প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে বোকাখাতবাসীয়ে আগ্ৰহেৰে বাট চাই আছে৷ প্ৰধানমন্ত্ৰী কাজিৰঙালৈ অহাৰ আগদিনা বোকাখাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ উদ্দেশ্যে এক লাখ চাকি জ্বলাব ৰাইজে৷ বোকাখাতৰ ৰাজহুৱা খেলপথাৰত জ্বলোৱা হ’ব এক লাখ চাকি৷ সেই চাকিৰে সজোৱা হ’ব ‘ৱেলকাম মোদী টু কাজিৰঙা’ শীৰ্ষক আদৰণী বাক্য৷’ মঙলবাৰে বোখাত উপ-জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন বৈঠকত ভাগ লৈ মন্ত্ৰী অতুল বৰাই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ খুটি-নাটি খৰচি মাৰি পৰ্যবেক্ষণ কৰে৷ বৈঠকত আন আনসকলৰ লগতে গোলাঘাটৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত থাকে৷ ইফালে ৰাজ্যৰ পৰ্যটনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মঙলবাৰে কাজিৰঙাৰ পৰ্যটন আৰু বন বিভাগৰ বিষয়াৰ সৈতে আলোচনা কৰি প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণৰ প্ৰস্তুতিপৰ্বৰ অগ্ৰগতিৰ খতিয়ান লয়৷ মন্ত্ৰী বৰুৱাই কয়– ‘কাজিৰঙালৈ প্ৰধানমন্ত্ৰীৰ আগমনে পৰ্যটন ক্ষেত্ৰক নতুন গতি দিব৷ ইতিমধ্যে দুজনকৈ ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে পৰ্যটন ব্যৱসায় চহকী হ’ব৷’

প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ল’বলৈ যোৰহাটত মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ জাতীয় বীৰ লাচিত বৰফুকনৰ ১২৫ ফুট উচ্ছতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবৰ বাবে ৯ মাৰ্চত যোৰহাটৰ হোলোঙাপাৰ স্থিত লাচিত মৈদামলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধান মন্ত্ৰীয়ে প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাছত মেলেং মেটেলিত এক বিশাল ৰাজহুৱা সভাত ভাষণ দিব৷ সেই উপলক্ষে মেলেং মেটেলিত এক বৃহৎ ৰভা সাজু কৰি তোলা হৈছে৷ ইফালে প্ৰধান মন্ত্ৰীৰ বাবে মৈদাম  প্ৰাংগণত আৰু মেটেলিত ৩টা হেলিপেড নিৰ্মাণ কৰি উলিওৱা হৈছে৷ ইফালে প্ৰধান মন্ত্ৰীৰ এই ভ্ৰমণসূচী সুকলমে অনুষ্ঠিত কৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলাইছে যোৰহাট জিলা প্ৰশাসনে৷ যোৰহাট জিলা প্ৰশাসনক বিভিন্ন দিহা-পৰামৰ্শৰে সহায় কৰাৰ বাবে বহুকেইজন মন্ত্ৰী, অসম চৰকাৰৰ উচ্ছ পদস্থ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াই যোৰহাটলৈ সঘন আহ-যাহ কৰিছে৷ আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং যোৰহাটলৈ আহি মেলেং মেটেলিৰ সভাস্থলী আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ স্থানলৈ গৈ প্ৰধান মন্ত্ৰীৰ কাৰ্যসূচী সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰ বুজ লয়৷ আজি সন্ধিয়া যোৰহাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই জিলা প্ৰশাসন আৰু চৰকাৰী বিষয়াসকলে গ্ৰহণ কৰিবলগীয়া যাৱতীয় ব্যৱস্থাৱলী সন্দৰ্ভত দিহা-পৰামৰ্শ দিয়ে৷ আনহাতে মুখ্যমন্ত্ৰীজনে সাংবাদিকক কয় যে প্ৰধান মন্ত্ৰীয়ে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পূৰ্বে মৈদামত তৰ্পণ কৰিব৷ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাছত মেলেং মেটেলিত ৰাজহুৱা সভাত ভাষণ দিব৷ প্ৰধান মন্ত্ৰীয়ে লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগে লগে সমগ্ৰ বিশ্বই লাচিতৰ কথা জানিব পাৰিব, কাৰণ প্ৰধান মন্ত্ৰী এজন বিশ্বনেতা৷ প্ৰধান মন্ত্ৰীয়ে তেওঁৰ টুইটাৰ, ইনষ্টাগ্ৰাম আদিত এই বিষয়ে আপল’ড কৰাৰ লগে লগে তেওঁক ফ’ল’ কৰা সকলোৱেই লাচিতক জানিব পাৰিব আৰু অধিক জানিবৰ বাবে গুগল চাৰ্চ কৰিব৷ ইফালে লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্প বৰ্তমানো সম্পূৰ্ণ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াত মিউজিয়াম স্থাপন কৰা হ’ব, অপেন এয়াৰ থিয়েটাৰ থাকিব, লাইট এণ্ড ছাউণ্ডৰ ব্যৱস্থা থাকিব আৰু ই পৰ্যটনৰ এক মূল কেন্দ্ৰত পৰিণত হ’ব৷ ইফালে প্ৰধান মন্ত্ৰীৰ ভ্ৰমণসূচীক কেন্দ্ৰ কৰি অসম চৰকাৰৰ সকলো মন্ত্ৰী-বিধায়ক, উচ্ছ পদস্থ প্ৰশাসনিক আৰু আৰক্ষী বিষয়া আদি যোৰহাটলৈ আহিছে৷ প্ৰধান মন্ত্ৰীৰ ভ্ৰমণ কালত চৰকাৰী বিষয়া-কৰ্মচাৰী থকা মেলাৰ বাবে জিলা প্ৰশাসনে যোৰহাটৰ সকলো হোটেল, গেষ্ট হাউচ আদিৰ ৮ শতাধিক কোঠা বুক কৰা বুলি জানিব পৰা গৈছে৷