Logo
image

নগাঁও, যোৰহাট, বৰপেটাক লৈ কংগ্ৰেছৰ নিমিলা অংক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মাৰ্চঃ তিনিটা লোকসভা সমষ্টি মূৰৰ কামোৰণি হৈ পৰিছে কংগ্ৰেছৰ কাৰণে৷ যোৰহাট, নগাঁও আৰু বৰপেটা লোকসভা সমষ্টিক লৈ অংক মিলা নাই দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ৷ কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই যদিও নগাঁও লোকসভা সমষ্টিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰম্ভ কৰি দিছে নিৰ্বাচনী প্ৰচাৰ৷ কংগ্ৰেছৰ শীৰ্ষসূত্ৰ মতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আগ্ৰহী নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ৷ গৌৰৱ গগৈয়ে এতিয়াও বিচাৰি আছে নগাঁও সমষ্টি৷ যদি গৌৰৱ গগৈক নগাঁও সমষ্টিটো এৰি দিবলগীয়া হয় তেতিয়া বৰপেটাৰ পৰা নিৰ্বাচন খেলিবলৈ প্ৰদ্যুৎ বৰদলৈক সৈমান কৰাৰ চেষ্টা চলিছে৷ বৰপেটা লোকসভা সমষ্টি চি পি এমে দাবী কৰিছে৷ যদি চি পি এমক সমষ্টিটো এৰি দিয়া হয় হয়তো বিধায়ক মনোৰঞ্জন তালুকদাৰ হ’ব বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী৷ অন্যথা কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে ঠিয় কৰোৱাৰ অংক চলিছে সাংসদ প্ৰদ্যুৎ বৰদলৈক৷ যোৰহাট লোকসভা সমষ্টিত সাংসদ গৌৰৱ গগৈক প্ৰাৰ্থী কৰোৱাত আগ্ৰহী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও৷ গৌৰৱ গগৈক নগাঁও সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিকল্প হিচাপে যোৰহাটৰ পৰা বিচৰা হৈছে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনক৷ নাহৰকটীয়াৰ বোৱাৰী, শিৱসাগৰৰ জীয়ৰী প্ৰণতি ফুকনৰ ইমেজ ভাল৷ লখিমপুৰ সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থীৰূপে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৰাণী নৰহ৷ কিন্তু কংগ্ৰেছৰ সূত্ৰটোৰমতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লখিমপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থী হোৱাটো বিচাৰিছে উদয়শংকৰ হাজৰিকা৷ একেদৰে গুৱাহাটী লোকসভা সমষ্টিতো জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে আৰম্ভ কৰি দিছে নিৰ্বাচনী প্ৰচাৰ৷ কিন্তু গুৱাহাটী লোকসভা সমষ্টিত প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা প্ৰাৰ্থী হোৱাটো মনে-প্ৰাণে বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ কিন্তু গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে যিহেতু মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে গতিকে শেষত কগ্ৰেছেও মীৰা বৰঠাকুৰকে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা বেছি৷ কংগ্ৰেছৰ সূত্ৰটোৰ মতে ধুবুৰীত ৰকিবুল হুছেইন, কোক্‌ৰাঝাৰত গৰ্জন মুছাহাৰী, দৰং-ওদালগুৰিত মাধৱ ৰাজবংশী, শিলচৰত নৈঋতা জয়শুক্লা, কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী, ডিফুত জয়ৰাম ইংলেঙক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা অধিক৷ ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰিছে বিৰোধী ঐক্যমঞ্চই৷ সূত্ৰটোৰ মতে লুৰীণজ্যোতি গগৈ নিৰ্বাচন খেলিবলৈ আগ্ৰহী নহয়৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা লুৰীণজ্যোতি গগৈয়ে যদি প্ৰতিদ্বন্দ্বিতা নকৰে তেতিয়া আপে ইতিমধ্যে প্ৰক্ষেপ কৰা প্ৰাৰ্থী মনোজ ধানোৱাৰক সমৰ্থন দিব কংগ্ৰেছ তথা ১৬দলীয় বিৰোধী ঐক্যমঞ্চই৷ আৰু যদি সেয়েই হয় তেনেহ’লে ডিব্ৰুগড়ৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক ‘ৱাক অভাৰ’ দিয়াৰ দৰে হ’ব৷ শোণিতপুৰ লোকসভা সমষ্টি আপক এৰি দিব বিচৰা হৈছে৷ শোণিতপুৰত আপে প্ৰক্ষেপ কৰিছে ঋষিৰাজ কৌণ্ডিল্যক৷ কিন্তু আপে কংগ্ৰেছৰ প্ৰস্তাৱ মানি ল’বলৈ অস্বীকাৰ কৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মঙলবাৰে সংবাদমেলত কয়–‘আপৰ সৈতে আমি কালি [সোমবাৰে] নিশাও আলোচনা কৰিছোঁ৷ তেওঁলোকক আমি সন্মানজনক স্থান দিছোঁ৷ কিন্তু তেওঁলোকে মানি লোৱা নাই৷ গতিকে আপৰ নেতৃত্বৰে হোৱা আলোচনাৰ বিষয়ে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বক জনাই দিছোঁ৷’ অৰ্থাৎ আসন বুজাবুজিক লৈ আপৰে ৰাজ্যিক পৰ্যায়ত বুজাবুজি নহ’ল৷ তৃণমূল কংগ্ৰেছৰ লগতো আসন বুজাবুজিৰ সম্ভাৱনা কমি আহিছে৷ ৰিপুণ বৰা নেতৃত্বাধীন অসম তৃণমূল কংগ্ৰেছে বিচাৰিছে চাৰিটা সমষ্টি৷ কিন্তু ১৬দলীয় বিৰোধী ঐক্যমঞ্চই তৃণমূল কংগ্ৰেছক চাৰিটা সমষ্টি এৰি দিব বিচৰা নাই৷ এনে পৰিস্থিতিত ১৬ দলীয় বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তালিকা ৭ মাৰ্চতো প্ৰকাশ নোপোৱাটো নিশ্চিত হৈ পৰিছে৷ সূত্ৰটোৰ মতে এনে জটিলতা আঁতৰ কৰি ৯ মাৰ্চত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চই৷

জুৰীয়াত কংগ্ৰেছ দলত খহনীয়া, ৩ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপি দলত যোগদান

‘আমাৰ অসম’ৰ জুৰীয়াৰ প্ৰতিবেদকঃ ৰূপহী হাট সমষ্টিত কংগ্ৰেছ দলত বৃহৎ খহনীয়া৷ নগাঁও লোকসভাৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ উপস্থিতিত প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত অনুষ্ঠানিক বাবে যোগদান কৰে৷ কংগ্ৰেছৰ দুৰ্গ উত্তৰ খাটোৱাল গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ লগতে ৩ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে৷ নগাঁও লোকসভা সমষ্টিত নকৈ সংযোজন ঘটা চামগুৰি সমষ্টিৰ উত্তৰ খাটোৱালত অনুষ্ঠিত কৰা হয় বিজেপিৰ যোগদান সভা৷ উত্তৰ খাটোৱালৰ পঞ্চায়তৰ আঞ্চলিক সদস্য নুৰ ফাৰুকৰ লগতে মণ্ডল কংগ্ৰেছৰ সম্পাদকেও বিজেপি দলত যোগদান কৰে৷  উত্তৰ খাটোৱাল অনুষ্ঠিত যোগদান কাৰ্যসূচীত নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰা, সমাজ কৰ্মী ৰফিকুল ইছলাম, বিজেপি কৰ্মী আশ্বাদুল হক, উত্তৰ খাটোৱাল সমবায় সমিতিৰ সম্পাদক আবুল কাসেম উপস্থিত আছিল৷