Logo
image

ভূপেনক পুনৰ চমন, সাৰি গ’ল বিজেপিত যোগ দিয়াসকল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ মাৰ্চঃ নিৰ্বাচনী ধামখুমীয়াৰ মাজতে অসম আৰক্ষীয়ে এজনৰ পাছত এজন বিৰোধী নেতালৈ প্ৰেৰণ কৰিছে চমন৷ এক কথাত অসমত এতিয়া শাসকীয় বিজেপি দলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ এতিয়া যেন বাৰে বাৰে চি আই ডিৰ চমনৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত আইন উলংঘন কৰাৰ অভিযোগত চি আই ডিয়ে দ্বিতীয়বাৰলৈ চমন জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ৷ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক ৭ মাৰ্চত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ বিপৰীতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো একে অভিযোগত ৬ মাৰ্চত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে চি আই ডিয়ে৷ কিন্তু চি আই ডিৰ এই চমনক লৈ ক্ষুব্ধ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ বিজেপিক ৱাৰ্চিং মেচিন অভিহিত কৰি কংগ্ৰেছ নেতাজনে একে অভিযোগত পূৰ্বে চি আই ডিয়ে চমন দিয়া একাংশ কংগ্ৰেছী এতিয়া বিজেপিৰ শৰণাপন্ন হোৱাৰ পাছতেই  অভিযোগমুক্ত হৈ পৰিল কিয় বুলিও কটাক্ষ কৰিছে৷ চি এম ভিজিলেন্সৰ চমন লাভ কৰা কংগ্ৰেছ বিধায়কে বিজেপিক প্ৰশংসা কৰাৰ পাছতেই অভিযোগমুক্ত হৈ পৰিল বুলিও বিস্ফোৰক মন্তব্য কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰা কংগ্ৰেছী নেতাৰ অপৰাধজনিত গোচৰ নোহোৱা হৈ পৰাৰ ইংগিত দি কয়– মোৰ আগত চি আই ডিয়ে অসমৰ কেইবাজনো কংগ্ৰেছ নেতাক চমন দিছিল৷ কিন্তু মোতকৈ আগতে চমন পোৱাসকলে বিজেপিত যোগ দিয়াৰ বাবে কথাটো শেষ হৈ গ’ল৷ চি এম ভিজিলেন্সে যাক মাতিছিলে, তেৱোঁ বিজেপিত যোগদান কৰাৰ বাবে অভিযোগ নোহোৱা হৈ গ’ল৷ মই বিজেপিত যোগদান নকৰো৷ মই মুখ্যমন্ত্ৰীৰ ওচৰত আত্মসমৰ্পন নকৰো৷ মই গ্ৰেপ্তাৰ বৰণৰ বাবে সাজু আছো৷ মোক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষী আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ৩ান জনাইছো৷ গুৱাহাটী মহানগৰীত আৰক্ষীৰ মুখ্য কাৰ্যালয়, আৰক্ষী আয়ুক্তালয়, বেটেলিয়ন থকাৰ পাছতো ২৭৪৫টা গোচৰ যদি এবছৰত ৰুজু হয়, তাত আটাইতকৈ গুৰুত্বপূৰ্ণ অভিযুক্তজন কি ভূপেন বৰা? ৭ মাৰ্চত মই চি আই ডিত হাজিৰ হ’ব নোৱাৰা বুলি জনাই দিছো৷ ৭ মাৰ্চৰ আগবেলা মোৰ পিতৃৰ শ্ৰাদ্ধ আছে আৰু পিছবেলা কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক আছে৷ চি আই ডিয়ে যদি কংগ্ৰেছৰ টিকট বিতৰণৰ পাছত মাতে মই যাব পাৰিম৷ ইতিমধ্যে এই বিষয়ে দলৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰক চিআইডিক অৱগত কৰাৰ বাবে কৈছো৷ চি আই ডিৰ কাৰ্যালয়লৈ যাবলৈ নাইবা গ্ৰেপ্তাৰলৈ ভয় কৰা মানুহ মই নহয়৷ ২০২৩ চনত কেৱল গুৱাহাটীতে সংঘটিত চুৰিকাণ্ডৰ ২৭৪৫ টা গোচৰৰ কি হ’ল? আৰক্ষীয়ে ড্ৰাগছ বেপাৰী তথা ছিণ্ডিকেটৰ মাফিয়াক ধৰিব নোৱাৰে, কিন্তু ভূপেন বৰাক জাননীৰ ওপৰত জাননী দি দাদাগিৰি দেখুৱাব পাৰে৷ মোৰ লগতে বিৰোধী দলপতিকে ধৰি আমাৰ দলৰ কেইবাজনকো চি আই ডিয়ে জাননী দিছে৷ মই কি অসমৰ অপৰাধীৰ তালিকাখনত এক নম্বৰত আছো নেকি? ভিডিঅ’ কনফাৰেন্সযোগে পোনপটীয়া সম্প্ৰচাৰ কৰি যি সুধিব লগা আছে সোধক, একেই উত্তৰ দিম৷ কোঠাৰ ভিতৰত যি উত্তৰ দিম, লাইভ টেলিকাষ্টতো একেই উত্তৰ দিম৷ আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈয়ো প্ৰেৰণ কৰা হৈছে চমন৷ তেওঁক ৬ মাৰ্চত চিআইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশনা দিয়া হৈছে৷ অৱশ্যে দেৱব্ৰত শইকীয়াই ৬ মাৰ্চত চি আই ডি কাৰ্যালয়ত হাজিৰ হ’ব বুলি জানিবলৈ দিছে৷