Logo
image

অসম ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছে বিৰোধীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ মাৰ্চঃ জাতিধবংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ৷ ‘কা’ৰ বিধি প্ৰস্তুতৰ বিৰোধিতাৰে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিপৰীতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ বিতৰ্কিত ‘কা’ক লৈ ৰাজ্যৰ সৰ্বত্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ অসম ভ্ৰমণলৈ আহিবলৈ ওলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘কা’ প্ৰসংগত সাক্ষাৎ বিচাৰিছে ৰাজ্যৰ ১৬টাকৈ বিৰোধী  ৰাজনৈতিক দলে৷ কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনত বাঙালী হিন্দুৰ ভোট বেংকক লক্ষ্য কৰি ‘কা’ৰ বিধি প্ৰস্তুত কৰাৰ বাবে সাজু হোৱাত স্পৰ্শকাতৰ বিষয়টোক লৈ আলোচনাৰ বাবে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছে অসমৰ বিৰোধী ঐক্যমঞ্চই৷ নিৰ্বাচনৰ অধিসূচনা ঘোষণাৰ প্ৰাকমুহূৰ্তত ৮ আৰু ৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰী ভ্ৰমণসূচীৰে অসমলৈ আহিব৷ অসম ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীৰ সুবিধা অনুসৰি ‘কা’ প্ৰসংগত সাক্ষাৎ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই৷ ‘কা’ৰ বিধি প্ৰস্তুতৰ কথা গৃহমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতেই অসমত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতি মূল্যায়ন কৰাৰ উদ্দেশ্যেৰেই ১৬টা বিৰোধী ৰাজনৈতিক দলৰ ঐক্যমঞ্চই প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি  মঙলবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ স্বাক্ষৰিত পত্ৰখনত কোৱা হৈছে যে অসমৰ জনসাধাৰণ, বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন মহলে সংসদত নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰৱৰ্তন কৰাৰ  পৰাই ইয়াৰ বিৰোধিতা কৰি আহিছে৷ ২০১৯ চনৰ ডিচেম্বৰ আৰু ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ মাজতে পূৰ্বে ২০২০ চনৰ প্ৰাৰম্ভিক সময়ছোৱাত অসমৰ সকলো ক্ষেত্ৰৰ জনসাধাৰণে ‘কা’ প্ৰত্যাহাৰ কৰাৰ দাবীত কেইবা মাহ ধৰি ঐক্যবদ্ধ আন্দোলন কৰিছিল আৰু আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীচালনাত অসমৰ প্তজন যুৱক নিহত হোৱাৰ উপৰি বহুত লোক আহত হৈছিল৷ বিৰোধী ৰাজনৈতিক দল হিচাপে জনসাধাৰণৰ মত কেন্দ্ৰৰ ওচৰত উত্থাপন কৰিবলৈ আমি বাধ্য৷ অসমৰ জনসাধাৰণৰ আশংকা নাগৰিকত্ব সংশোধনী আইন-২০১৯য়ে অসমীয়াৰ  সংস্কৃতি, ইতিহাস, আৰ্থ-সামাজিক অৱস্থা, সামাজিক গাঁথনি আৰু পৰিচয়ক বিপদাপন্ন কৰিব৷ তদুপৰি উক্ত আইনখনে ১৯৮৫ চনৰ ঐতিহাসিক অসম চুক্তি নস্যাৎ কৰিব৷  বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই স্পৰ্শকাতৰ বিষয়টো সমাধানৰ বাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছো৷  ইফালে, নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বাতিলৰ দাবীত মঙলবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ কাৰ্যসূচীৰ অন্ততঃ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে কয়– অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষে¸দ অনান্য জাতীয় জনগোষ্ঠীয় দল সংগঠনকে ধৰি সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক দল সংগঠনে ২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ লগে লগে ভাৰতৰ সৰ্বোচ্ছ ন্যায়ালয়ত এই অসাংবিধানিক, অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক আইনখন বাতিলৰ বাবে গোচৰ ৰুজু কৰিছিল৷ বৰ্তমানেও উচ্ছতম ন্যায়ালয়ত গোচৰটো বিচাৰাধীন হৈ আছে৷ কিন্তু দুৰ্ভাগ্যজনক বিষয় যে শেহতীয়াভাৱে দেশৰ লোকসভা নিৰ্বাচনত ভোটৰ মুনাফা অৰ্জনৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে সম্পূৰ্ণ ন্যায় ব্যৱস্থাক নস্যাৎ কৰি নিৰ্বাচনৰ পূৰ্বে দেশত ‘কা’ৰ বিধি বলবৎ কৰাৰ কথা ঘোষণা কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে দেশৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ৰ বিধি বলৱৎ কৰাৰ ঘোষণা কৰাৰ লগে লগে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সংবাদ মেল আয়োজন কৰি ধাৰাবাহিক ‘কা’ আন্দোলন ঘোষণা কৰিছিল৷ যুৱ-ছাত্ৰ পৰিষদে ঘোষণা কৰা এই কাৰ্যসূচীৰ অংশ হিচাপে আজি সমগ্ৰ ৰাজ্যৰ সকলো জিলা আৰু মহকুমাৰ সদৰত পৰিষদৰ সংশ্লিষ্ট জিলা সমিতিৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ ‘কা’ বাতিলৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷ ‘কা’ বিৰোধী আন্দোলন ঘোষণা কৰাৰ লগে লগে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অসমৰ বিভিন্ন প্ৰান্তৰ নেতা কৰ্মীক ‘কা’ আন্দোলনত জড়িত নহ’বলৈ ভাবুকি দিবলৈ আৰম্ভ কৰিছে চৰকাৰ-প্ৰশাসনে৷ অসম আৰক্ষী, বি এছ এফ আৰু অদ্ধৰ্সামৰিক বাহিনীৰ অভেদ্য বেষ্টনীক নেওচি যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীয়ে মঙলবাৰে ধৰ্ণা কাৰ্যসূচীৰে ‘কা’ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাবস্ত্য কৰে৷ ইফালে যুৱ-ছাত্ৰ পৰিষদে ‘কা’ৰ বিৰোধিতাৰে পুনৰ ৭ মাৰ্চত ৰাজ্যজুৰি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব৷ ইফালে ‘কা’ বিৰোধী প্ৰতিবাদ নকৰাৰ বাবে দল-সংগঠনৰ নেতাক আৰক্ষীয়ে বণ্ড ছাইনৰ বাবে হেঁচা প্ৰয়োগ অব্যাহত ৰাখিছে৷ শিৱসাগৰ আৰক্ষী-প্ৰশাসনে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো শীৰ্ষ নেতালৈ জাননী প্ৰেৰণ কৰি আন্দোলন নকৰাৰ বাবে লিখিত দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ কৰিছে৷ অৱস্যে সংগঠন দুটাই প্ৰয়োজনত কাৰাগাৰলৈ গ’লেও ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সকীয়াই দিছে৷

নলবাৰীত যুৱ-ছাত্ৰৰ ধৰ্ণা

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ ‘নাগৰিকত্ব সংশোধনী আইন’ চমুকৈ ‘কা’ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আজি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উক্ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি দেশৰ ৰাষ্ট্ৰপতিলৈ জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে৷ সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস আৰু সাধাৰণ সম্পাদক যোগেশ কলিতাৰ নেতৃত্বত ৰূপায়িত উক্ত ধৰ্ণা কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা সমিতিৰ অন্তৰ্গত শতাধিক সতীৰ্থই অংশগ্ৰহণ কৰে৷ সংগঠনটোৰ জিলা সভাপতি আৰু সাধাৰণ সম্পাদকে কয়-‘কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ইতিমধ্যে ধৰ্মৰভিত্তিত বিদেশী লোকক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ সংসদত গৃহীত কৰিছে৷ অসাংবিধানিক, অগণতান্ত্ৰিক, সাম্প্ৰদায়িক এই আইনখন বলবৎ হ’লে অস্তিত্বৰ সংকটত থকা অসমীয়া জাতিটো চিৰদিনলৈ নিঃশেষ হ’ব৷ সেয়েহে অসমীয়া জাতিধবংসী এই আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আইনখন বাতিলৰ বাবে ভাৰতৰ মহামান্য উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু কৰি ন্যায়িক যুঁজ অব্যাহত বাখিছে৷ কিন্তু পৰিতাপৰ বিষয় যে সমাগত লোকসভা নিৰ্বাচনত ভোটৰ মুনাফাৰ লক্ষ্যৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলবৎ কৰাৰ যড়যন্ত্ৰ কৰিছে৷ বৰ্তমানেও উচ্ছতম ন্যায়ালয়ত উক্ত আইন বাতিলৰ বাবে ৰুজু কৰা গোচৰ বিচৰাধীন হৈ থকা অৱস্থাত এনেদৰে আইনখন বলৱৎ কৰিব লোৱাটো সম্পূৰ্ণ আইনবিৰোধী৷ কেন্দ্ৰীয় চৰকাৰে বিগত চাৰিবছৰ ধৰি মহামান্য উচ্ছতম ন্যায়ালয়ত চলি থকা উক্ত গোচৰ আগবঢ়াই নিয়াৰ কোনো সদিচ্ছা প্ৰকাশ কৰা নাই৷ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে উচ্ছতম নায়্যালয়ে বাৰম্বাৰ গোচৰটো সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া সত্ত্বেও উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি আহিছে৷ সম্প্ৰতি দেশৰ লোকসভা নিৰ্বাচনত ৰাজনৈতিক মুনাফা অৰ্জনৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে সংবিধান আৰু দেশৰ ন্যায় ব্যৱস্থাক অৱজ্ঞা কৰি সম্পূৰ্ণ অবৈধ আৰু স্বেচ্ছাচাৰীতাৰে একচ্ছত্ৰীভাৱে ‘কা’ৰ বিধি বলবৎ কৰিব বিচাৰিছে৷’

‘কা’ৰ প্ৰতিবাদত নগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বলবৎ কৰিবলৈ লোৱাৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পৰিষদৰ জিলা সমিতিয়েও ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী জনায়৷ কাৰ্যসূচীত পৰিষদৰ সদস্যসকলে কেন্দ্ৰীয় চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী গ’ বেক, অমিত শ্বাহ গ’ বেক ধবনিৰে উত্তাল কৰি তোলে৷ এই কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপমণি বড়া, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দিগন্ত দাসৰ লগতে জিলা আৰু আঞ্চলিকৰ বিষয়বৱীয়াসকলে অংশগ্ৰহণ কৰে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে এই সম্পৰ্কত কয় যে পৰিষদে ১৯৭৮ চনৰ জন্ম লগ্নৰে পৰা অসমৰ আৰ্থ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আদি দিশৰ উত্তৰণৰ বাবে নিৰলস্য কাম কৰি অহাৰ লগতে অসমীয়া জাতিলৈ অহা প্ৰতিটো সংকটত গণতান্ত্ৰিকভাৱে মাত মাতি আহিছে৷  কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ইতিমধ্যে ধৰ্মৰ ভিত্তিত বিদেশী লোকক নাগৰিকত্ব প্ৰদান কৰা বাবে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ সংসদত গৃহীত কৰিছে৷ অসাংবিধানিক, অগণতান্ত্ৰিক, সাম্প্ৰদায়িক এই আইনখন বলবৎ হ’লে অস্তিত্বৰ সংকটত থকা অসমীয়া জাতিটো চিৰদিনলৈ নিঃশেষ হ’ব৷ সেয়েহে অসমীয়া জাতিধংসী এই আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আইনখন বাতিলৰ বাবে ভাৰতৰ উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু কৰি ন্যায়িক যুঁজ অব্যাহত ৰাখিছে৷ কিন্তু পৰিতাপৰ বিষয় যে সমাগত লোক সভা নিৰ্বাচনত ভোটৰ মুনাফাৰ লক্ষ্যৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ ন্যায় ব্যৱস্থা, সংবিধান আদি অৱজ্ঞা কৰি অবৈধ ভাৱে চলিত মাৰ্চ মাহৰ প্ৰথম ভাগত নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলবৎ কৰাৰ ষড়যন্ত্ৰ কৰিছে৷ বৰ্তমানেও উচ্ছতম ন্যায়ালয়ত উক্ত আইন বাতিলৰ বাবে ৰুজু কৰা গোচৰ বিচাৰাধীন হৈ থকা অৱস্থাত এনেদৰে আইনখন বলবৎ কৰিব লোৱাটো সম্পূৰ্ণ আইন বিৰোধী৷ তাৎপৰ্যপূৰ্ণ বিষয় যে কেন্দ্ৰীয় চৰকাৰে বিগত চাৰি বছৰ ধৰি উচ্ছতম ন্যায়ালয়ত চলি থকা উক্ত গোচৰ আগবাঢ়াই নিয়াৰ কোনো সদিচ্ছা প্ৰকাশ কৰা নাই৷ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে উচ্ছতম নায়্যালয়ে বাৰম্বাৰ গোচৰটো সন্দৰ্ভত শপতণামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া সত্ত্বেও উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি আহিছে৷ সম্প্ৰতি দেশৰ লোকসভা নিৰ্বাচনত ৰাজনৈতিক মুনাফা অৰ্জনৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে সংবিধান আৰু দেশৰ ন্যায় ব্যৱস্থাক অৱজ্ঞা কৰি সম্পূৰ্ণ অবৈধ আৰু স্বেচ্ছাচাৰীতাৰে একচ্ছত্ৰীভাৱে ‘কা’ৰ বিধি বলবৎ কৰিব বিচাৰিছে৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ এই অবৈধ সংবিধান বিৰোধী, ন্যায় ব্যৱস্থা বিৰোধী ষড়যন্ত্ৰ মূলক সিদ্ধান্তক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা জনাইছে৷