Logo
image

হাড় শক্তিশালী কৰি ৰাখিবলৈ এইখিনি কৰক

মানুহৰ দেহত বিভিন্নধৰণৰ হাড় থাকে৷ হাড়সমূহ সংযুক্ত হৈ থকা অংশটোক গাঁঠি বা জইণ্ট বুলি কোৱা হয়৷ জইণ্টসমূহে শৰীৰটোক সৰচৰ কৰা আৰু স্থিতিশীল অৱস্থাত ৰখাত সহায় কৰে৷ ফলত আমাৰ দৈনন্দিন কাৰ্যাৱলী যেনে– চলা-ফুৰা, দৌৰা, জপিওৱা আদিত সহজ হৈ পৰে৷  কিন্তু বয়সৰ লগে লগে জইণ্টসমূহ দুৰ্বল হয়৷ জইণ্টৰ ভিতৰত থকা লুব্ৰিকেটিং ফ্লুইড অৰ্থাৎ পিছল ৰসৰ পৰিমাণ হ্ৰাস পালে জইণ্ট টান আৰু  কম নমনীয় হৈ পৰে৷ ফলত স্বাস্থ্যৰ ক্ষতি আৰু আঁঠুৰ বিষ আদিৰ দৰে সমস্যা আৰম্ভ হয়৷ সেয়ে বৃদ্ধ বয়সত গাঁঠি বা জইণ্টসমূহ কাৰ্যকৰী কৰি ৰখাৰ বাবে সাৱধানতা অৱলম্বন কৰা দৰকাৰ৷ উল্লেখ কৰা হ’ল হাড়ৰ গাঁঠি বা জইণ্ট সক্ৰিয় কৰি ৰখাৰ উপায়–

হাড় ভালে ৰখাৰ তিনিটা সহজ উপায় হৈছে– একেৰাহে দীৰ্ঘসময় বহি নাথাকিব৷ সুযোগ পালেই খোজ কাঢ়ক৷ গাঁঠি বা জইণ্টসমূহত পৰা হেঁচা কমাবলৈ নিয়মিত শৰীৰ চৰ্চা কৰক আৰু মূল পেশীসমূহ শক্তিশালী কৰি ৰাখক৷ এই তিনিটা অভ্যাসে জইণ্ট শক্তিশালী কৰি ৰখাৰ লগতে হাড় সুস্থ ৰাখে৷ 

হাড় শক্তিশালী কৰি ৰখাৰ বাবে শৰীৰ চৰ্চা কৰাটো জৰুৰী৷ শৰীৰ চৰ্চাই জইণ্টৰ স্থায়িত্ব অক্ষুণ্ণ ৰখাত সহায় কৰাৰ লগতে গাঁঠিৰ বিষ নিৰাময় কৰে৷ 

চাইকেল চলোৱা আৰু সাঁতোৰাৰ অভ্যাসেও হাড়ৰ গাঁঠি বা জইণ্টসমূহ শক্তিশালী কৰি ৰখাত সহায় কৰে৷ টেনিছ আৰু বাস্কেটবল খেলাৰ অভ্যাসেও গাঁঠিৰ পেশী শক্তিশালী কৰি ৰখাত সহায় কৰে৷

কাৰ্ডিঅ’ শৰীৰ চৰ্চায়ো হাড় ভালে ৰখাত সহায় কৰে৷  জগিং আৰু দৌৰাৰ দৰে স্বল্প প্ৰভাৱিত কাৰ্ডিঅ’ শৰীৰ চৰ্চায়ো মানৱ দেহৰ জইণ্টসমূহ সতেজ কৰি ৰাখে৷ অৱশ্যে যিসকলে ইতিপূৰ্বেই জইণ্টৰ সমস্যাত ভুগি আছে তেওঁলোকৰ বাবে জইণ্টৰ ওপৰত অত্যধিক চাপ পৰা শৰীৰ চৰ্চা কৰাটো উচিত নহয়৷