Logo
image

অসমত বিৰোধী ঐক্য থানবান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে অসমত থানবান বিৰোধী ঐক্য৷ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমত বিজেপিবিৰোধী ১৬টা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ গঠন কৰিছিল বিৰোধী ঐক্যমঞ্চ৷ বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সংকল্প লৈ ঐক্যবদ্ধ হোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট যুদ্ধক্ষেত্ৰত নামি পৰাৰ পাছত এটাৰ পাছত আনটো দলে এৰি দিছে বিৰোধী ঐক্যমঞ্চ৷ আপৰ পাছত তৃণমূল কংগ্ৰেছেও কাৰ্যতঃ বিৰোধী ঐক্যমঞ্চৰ পৰা ওলাই আহিছে৷ তৃণমূল কংগ্ৰেছ বিৰোধী ঐক্যমঞ্চৰ পৰা ওলাই আহি অসমত চাৰিটা সমষ্টিত প্ৰাৰ্থী দিব বুলি ঘোষণা কৰি দিয়ে৷ লোকসভা নিৰ্বাচনত সুকীয়াকৈ অৱতীৰ্ণ হ’ব বুলি বুধবাৰে ঘোষণা কৰি দিয়ে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে৷ তেওঁ কয়– কংগ্ৰেছ বিৰাট কনফিউজনত আছে৷ কনফিউজনত নিৰ্বাচন খেলিব নোৱাৰি৷ আমি নিৰ্বাচন খেলিবলৈ সাজু৷ মমতা বেনাৰ্জীয়ে অকলে যুঁজ কৰাৰ কথা কৈছে৷ আমি অকলেই যুঁজিম লোকসভা নিৰ্বাচনত৷ অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– এতিয়ালৈ এলায়েন্স হৈ উঠা নাই৷ কংগ্ৰেছৰ তৰফৰ পৰা এইপৰ্যন্ত কোনো ইতিবাচক সঁহাৰি পোৱা নাই৷ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে আৰু কয়– কংগ্ৰেছক বিজেপিয়ে চলাই আছে৷ আজিৰ তাৰিখত কোন বিজেপি, কোন ইউডিএফ, কোন কংগ্ৰেছ অসমৰ মানুহে বুজিব পৰা নাই৷ আপে ইতিমধ্যে গুৱাহাটী, শোণিতপুৰ আৰু ডিব্ৰুগড়ত প্ৰাৰ্থী ঘোষণা কৰিছে৷ ডিব্ৰুগড়ৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ৷ বিপিএফো বিজেপিবিৰোধী ঐক্যমঞ্চৰ সৈতে চামিল হ’ব বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয়– বিপিএফে অকলে খেলিব আগন্তুক লোকসভা নিৰ্বাচন৷ কোনো দলৰ সৈতে মিত্ৰতা কৰিব লাগে বুলি আমাৰ দলত আলোচনা হোৱা নাই৷ কোনো দলৰ সৈতে আলোচনা কৰিবলৈ মই কাকো পৰামৰ্শ দিয়া নাই৷ প্ৰমোদ বড়োৱে যিবোৰ কথা কৈ আছে সময়ত উত্তৰ দিব বিটিআৰৰ জনসাধাৰণে৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দুদিন পাছতে আমি প্ৰাৰ্থী ঘোষণা কৰিম৷ মহিলাৰীৰ এনে বক্তব্যত এই কথা স্পষ্ট যে বিপিএফ নাথাকে বিৰোধী ঐক্যমঞ্চত৷ ‘একলা চলো’ নীতিত অচল তৃণমূল কংগ্ৰেছ আৰু বিপিএফ৷ বিজেপিবিৰোধী মিত্ৰজোঁট তচনচ হোৱাৰ পাছতো বিৰোধী ঐক্যমঞ্চৰ মুখ্য মুখপাত্ৰ অখিল গগৈৰ দাবী– বিজেপি বিৰোধী ঐক্যমঞ্চ সঠিক দিশেৰে আগবাঢ়ি আছে৷ বিজেপিক প্ৰত্যুত্তৰ দিবলৈ সাজু ৰাজ্যবাসী৷

দুই-এদিনৰ ভিতৰত ঘোষণা কৰিব বিৰোধী ঐক্যৰ প্ৰাৰ্থী

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ শীঘ্ৰে ঘোষণা কৰিব বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী৷ প্ৰাৰ্থিত্বক লৈ অসম জাতীয় পৰিষদ তথা বিৰোধী ঐক্যমঞ্চৰ সিদ্ধান্ত দুই-এদিনৰ ভিতৰতে ঘোষণা কৰা হ’ব৷ বুধবাৰে প্ৰাৰ্থিত্ব সন্দৰ্ভত এনেদৰে প্ৰকাশ কৰিলে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ শাসকীয় দলে লুৰীণজ্যোতি গগৈৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত কৰা সমালোচনাক প্ৰত্যুত্তৰ দি কয়, বিজেপিয়ে আমাক লৈ আলোচনা কৰিবলৈ আৰম্ভ কৰিছে৷ তেওঁলোকেহে যেন আমাক টিকট দিব তেনেকুৱাধৰণৰ আচৰণ কৰিছে বিজেপিয়ে৷ আমাৰ দলৰ প্ৰাৰ্থীয়ে কোন সমষ্টিত খেলিব সেয়া পৰৱৰ্তী সময়ত ৰাজহুৱাকৈ জনাই দিয়া হ’ব৷ এয়া আগতীয়াকৈ জনাই দিয়া বিষয় নহয়৷ বিৰোধী ঐক্যমঞ্চৰ অনুশাসন অসম জাতীয় পৰিষদে পালন কৰিব৷ ইফালে প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী বা দেশৰ প্ৰভাৱশালী মন্ত্ৰীলৈয়ো লুৰীণজ্যোতি গগৈয়ে ভয় নকৰে বুলি উল্লেখ কৰি কয়, আমি আনৰ দৰে পৰিভ্ৰমী পক্ষী নহয়৷ মন গ’লেই আন এটা সমষ্টি এৰি বেলেগ এটা সমষ্টিত নিৰ্বাচন খেলাবিধৰ ব্যক্তি নহয়৷ মোৰ কথা কেতিয়াও সলনি নহয়৷ প্ৰাণ গ’লেও বচন সলনি নহয়৷ পৰিভ্ৰমী পক্ষীসকলেহে মোৰ প্ৰাৰ্থিত্বক লৈ আলোচনা কৰি আছে৷ যেতিয়াই ঋতু সলনি হয়, তেতিয়াই লোকসভাৰ স্থান সলনি কৰে৷ মই কোনোদিন মোৰ আদৰ্শ সলনি নকৰোঁ৷ ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ বিৰোধী ঐক্যমঞ্চৰ সিদ্ধান্ত শীঘ্ৰে ৰাজহুৱা কৰা হ’ব৷ কিন্তু ঐক্যমঞ্চৰ ভিতৰচ’ৰাত লোৱা সিদ্ধান্ত কোনোপধ্যে সলনি কৰা নহ’ব৷ আনহাতে, টি এম চিয়ে মিত্ৰতা ভংগৰ বিষয়ে লোৱা সিদ্ধান্ত সম্পৰ্কত কয়, টি এম চি বা আপৰ বিষয়টোক সোনকালে মীমাংসা কৰা হ’ব৷ আগন্তক দিনসমূহত বিৰোধী ঐক্য যুঁজ দি যাব৷ অসমৰ মানুহক দিয়া কথা আগবঢ়াই লৈ যাব বুলি প্ৰকাশ কৰে৷

বিৰোধী ঐক্যমঞ্চত মূলতঃ তিনিটা ধাৰা আছেঃ চিপিআই(এমএল)

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ অসমৰ বিৰোধী ঐক্য মঞ্চত মূলতঃ তিনিটা ধাৰা আছে, কংগ্ৰেছসহ সৰ্বভাৰতীয় গণতান্ত্ৰিক বিৰোধী দল, আঞ্চলিকতাবাদী আৰু বাও শিবিৰ-এইদৰে কয়  চিপিআই (এম-এল)ৰ  অসম ৰাজ্যিক সমিতিৰ  সম্পাদক বিবেক দাসে৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-আমি ভাবো এই ধাৰা কেইটাৰ লোকসভা নিৰ্বাচনত যথাযথ প্ৰতিনিধিত্ব হ’ব লাগে৷ ‘কা’ আইন বলবৎ হ’ব সংবিধানৰ ফেডাৰেল গাঁথনিৰ ওপৰত আক্ৰমণ আৰু ক্ষুদ্ৰ জাতিৰ অধিকাৰক সংখ্যাগুৰুৰ দৃষ্টিভংগীৰে দমন কৰা৷ আমি দাবী জনাও যে ‘কা’ আইনৰ ওপৰত অসম বিধান সভাৰ বিশেষ অধিবেশন আহ৩ান কৰি আলোচনা হ’ব লাগে৷ সংবিধান উলংঘন, নিৰ্বাচন আয়োগক নিজৰ তলতীয়া কৰি নিৰ্বাচনক প্ৰহসনত পৰিণত কৰিবলৈ চেষ্টা কৰা, সমগ্ৰ দেশখনকে বন্দিশালত পৰিণত কৰি বিৰোধী দল আৰু প্ৰতিবাদী কণ্ঠ ৰোধ কৰা আৰু দেশৰ সম্পদসমূহক কেইটামান পৰিয়ালক গতাই দিব বিচৰা আদিয়ে এক শক্তিশালী বিৰোধী ঐক্য আৰু ঐক্যবদ্ধ প্ৰতিৰোধ সংগ্ৰামৰ ঐতিহাসিক প্ৰয়োজনীয়তাক তুলি ধৰিছে৷ মোদীৰ আদানি পৰিয়ালবাদ আৰু হিমন্ত বিশ্বৰ পৰিয়ালবাদ বহুত বিপদজনক হৈ পৰিছে৷ ফেচিবাদ বিৰোধী শিবিৰৰ অংশীদাৰ হিচাপে আমি আমাৰ শিবিৰ ত্যাগ কৰাসকলক বিশ্বাসঘাটক আখ্যা দিছো আৰু এই বিশ্বাসঘাটকসকলক উপযুক্ত শিক্ষা দিবলৈ ৰাইজলৈ আহবান জনাইছো৷  তেওঁ লগতে বিজেপি চৰকাৰে অংগনবাড়ী কৰ্মী, চাহ শ্ৰমিককলৈ কৰা প্ৰতাৰণা আদি বিভিন্ন বিষয় সম্পৰ্কেও তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ 

মোদীৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ খতিয়ান দাবী আপ-অসমৰ 

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক অসম ভ্ৰমণৰ পূৰ্বে সৰব হৈছে আম আদমি পাৰ্টী৷ প্ৰধানমন্ত্ৰী মোডীয়ে অসমবাসীক পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহৰ খতিয়ান বিচাৰে দলটোৱে৷ দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সাংগঠনিক সম্পাদক ড॰ মানুন ইমদাদুল হক চৌধুৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমবাসীয়ে বহুত মৰম দিলে৷ কিন্তু ইয়াৰ বিনিময়ত তেওঁ প্ৰতাৰণাৰ পিছত প্ৰতাৰণাহে কৰি আছে৷ ২০১৪ চনৰ পূৰ্বে তেওঁ কৈছিল অসমে এখন শুদ্ধ এন আৰ চি পাব৷ উচ্ছতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমে এখন এন আৰ চি পালে হয়, কিন্তু সেইখন শুদ্ধকৈ প্ৰকাশ কৰিব নোৱাৰিলে৷ ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ প্ৰস্তুত কৰা এন আৰ চি খনক নস্যাৎ কৰি মোদীয়ে অসমত ‘কা’ জাপি দিলে৷ ‘কা’ৰ জৰিয়তে নাগৰিকত্ব পোৱাৰ ২০১৪ চনক ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰা হ’ল৷ একেদৰে অসম চুক্তিৰ ৬নং দফাৰ বাবে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে-আখৰে পালন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰতিবেদনখন চৰকাৰে গ্ৰহণেই নকৰিলে৷ ২০২০ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ বান সমস্যা বিজ্ঞানসন্মতভাৱে সমাধানৰ বাবে নীটি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত উত্তৰ পূৰ্বাঞ্চল জল ব্যৱস্থাপনা প্ৰাধিকৰণ গঠন কৰা হ’ব বুলি কৈছিল৷ প্ৰতি বছৰে হৈ থকা বান-খহনীয়া ৰোধ কৰিবৰ বাবে মোদী আগ্ৰহী নহয় নেকি? মোদীয়ে সৰ্বভাৰতীয় পৰ্যায়ত দিয়া প্ৰতিশ্ৰুতি কেতবোৰ অসমৰ বাবেও সমানেই প্ৰযোজ্য যদিও সেইবোৰ প্ৰতিশ্ৰুতিও তেওঁ পূৰণ কৰিব পৰা নাই৷ ২০২২ চনৰ ভিতৰত অসমৰ সকলোৱে পকী ঘৰ পালেনে বুলি আপে প্ৰশ্ন কৰে৷ একেদৰে অসমৰ কৃষকৰ আয় দুগুণ হ’লনে? মোদীয়ে প্ৰতিশ্ৰুতি দিছিল অসমৰ সকলো কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ’ব৷ কিন্তু অসমত এতিয়াও মাত্ৰ ৫.৪ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে৷ বিধানসভাত বিজেপি চৰকাৰে অসমৰ এশ শতাংশ কৃষিভূমিতে জলসিঞ্চন হ’ব নালাগে বুলি ভোট দি প্ৰস্তাৱ গ্ৰহণ কৰিলে৷ বাৰে বাৰে ভুৱা প্ৰতিশ্ৰুতি দিয়া মোদীক কোনেও এতিয়া বিশ্বাসত নলয়৷ প্ৰতিবছৰে ২ কোটি নিবনুৱাক চাকৰি দিব নোৱাৰিলে, ক’লাধন ওভটাই আনিব নোৱাৰিলে, প্ৰত্যেকৰ একাউণ্টত ১৫ লাখ টকাকৈ দিব নোৱাৰিলে, ১০০খন স্মাৰ্ট চিটী সাজিব নোৱাৰিলে, ভাৰতীয় টকাৰ মূল্য হ্ৰাস ৰোধ কৰিব নোৱাৰিলে৷
অসমত এককভাৱে হ’লেও প্ৰতিদ্বন্দ্বিতা কৰিব তৃণমূলেঃ ৰিপুণ বৰা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে অসম তৃণমূল কংগ্ৰেছৰ৷ বুধবাৰে গুৱাহাটীৰ লতাশিলত অৱস্থিত বিষ্ণু-নিৰ্মলা শিশু পুথিভঁৰালত অনুষ্ঠিত হয় কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ বদ্ধিৰ্ত কাৰ্যনিৰ্বাহক সভা৷ আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা বদ্ধিৰ্ত কাৰ্যনিৰ্বাহক সভাৰ অংশৰূপে আজি এই সভা অনুষ্ঠিত কৰে৷ কামৰূপ মহানগৰ তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতাৰ নেতৃত্বত তথা সভাপতিত্বত অনুষ্ঠিত এই সভাত দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ লগতে ৰাজ্যসভাৰ সাংসদ তথা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱ উপস্থিত থাকে৷ কামৰূপ মহানগৰ তৃণমূল কংগ্ৰেছ, কামৰূপ মহানগৰ মহিলা তৃণমূল কংগ্ৰেছ আৰু কামৰূপ মহানগৰ যুৱ তৃণমূল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাত দুই শতাধিক তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাৰ উপস্থিতিত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰৌণকশল প্ৰস্তুত আৰু অন্যান্য সাংগঠিনক ক্ষেত্ৰৰ বিষয়েও বিষদভাৱে আলোচনা কৰা হয়৷ উক্ত সভাতেই দলৰ সভাপতি ৰিপুণ বৰাই বিৰোধী ঐক্যমঞ্চ, অসমৰ সৈতে হ’বলগীয়া মিত্ৰতাৰ সন্দৰ্ভতো মন্তব্য আগবঢ়ায়৷ তেওঁ কয়– ‘যদি বিৰোধী ঐক্যই তৃণমূল কংগ্ৰেছক সমৰ্থন নিদিয়েও তৎসত্ত্বেও অসমত লোকসভা নিৰ্বাচনত এককভাৱে হলেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসম তৃণমূল কংগ্ৰেছে৷’

ভূপেন বৰা অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জোকাৰঃ জয়ন্তমল্ল বৰুৱা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ‘ভূপেন বৰা হ’ল অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জোকাৰ৷’ –এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ৷ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বুধবাৰে সাংবাদিকৰ সন্মুখত কয় যে ৰাজনৈতিক জোকাৰ বুলি যে কয় সেইটোৱে হ’ল ভূপেন বৰা৷ তেওঁ এজন জোকাৰ হিচাপে ভাল ৰস দি থাকে৷ চাৰ্কাচত যেনেকৈ জোকাৰজন ওলালে সকলোৱে হাত চাপৰি মাৰে- ভাল লাগে, স্ফূৰ্তি লাগে৷ কিন্তু জোকাৰজন চাৰ্কাচৰ মেইন মানুহ নহয়৷ মন্ত্ৰী বৰুৱাই পুনৰ কয় যে চাৰ্কাচৰ মেইন মানুহজন বেলেগ থাকে, কিন্তু ভূপেন বৰা চাৰ্কাচৰ মেইন মানুহ কেতিয়াও হ’ব নোৱাৰে৷ ভূপেন বৰা আক্ৰমণ কৰি মন্ত্ৰীজনে ভূপেন বৰাক পলিটিকেল জোকাৰ বুলি অভিহিত কৰে৷ তেওঁ কয় যে পলিটিকেল জোকাৰ হিচাপে তেওঁ কৌতুক কৰি থাকিব, আপোনালোকে আনন্দ কৰি থাকিব, আমিও আনন্দ লৈ থাকিম৷ কিমান দিনলৈকে কংগ্ৰেছ এনেদৰে থাকিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে জোকাৰৰ নেতৃত্ব যিমান দিন থাকিব, তেতিয়ালৈকে কংগ্ৰেছ এনেকৈয়ে চলিব৷ তেওঁ আৰু কয় যে যিদিনাখন নেতৃত্ব ল’ব পৰা মানুহ ওলাব, তেতিয়া বেলেগ কথা৷ আজিৰ তাৰিখত এজন জোকাৰে চাৰ্কাচখন অৰ্থাৎ কংগ্ৰেছ দলটো চলাই আছে বুলি ভূপেন বৰাক মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰে৷ চাৰ্কাচখনতো জোকাৰৰ ওপৰত নচলে, জোকাৰৰ ওপৰত মানুহে আনন্দ লয়, ৰস লয় বুলি মন্ত্ৰী বৰুৱাই মন্তব্য কৰে৷