Logo
image

হেলিকপ্টাৰ, ডিজিটেল ভান লৈ বিজেপি ৰণক্ষেত্ৰলৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ মাৰ্চঃ নিজৰ জঁট ভাঙিয়েই পাৰ নোপোৱা বিৰোধীক শলঠেকত পেলাই সকলোতকৈ আগত নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰি ডিজিটেল ভান, হেলিকপ্টাৰ লৈ ৰণক্ষেত্ৰলৈ ওলাল বিজেপি৷ এক কথাত ক’বলৈ গ’লে বিৰোধীৰ মতানৈক্য, অন্তঃকন্দলৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিজেপিয়ে৷ প্ৰধানমন্ত্ৰীৰ পৰা বুথৰ কাৰ্যকৰ্তালৈ বিজেপিৰ প্ৰতিজন নেতা-কৰ্মীয়ে এতিয়া ছুপাৰ এক্টিভ৷ বিজেপিতো আভ্যন্তৰীণ তথা ব্যক্তিগত হতাশা, হা-হুমুনিয়াহ আছে যদিও সেয়া বিচক্ষণ দলীয় নেতৃত্বৰ বাবেই লোকচক্ষুত ইছ্যু হৈ প্ৰকট হ’ব পৰা নাই৷ সৰল ভাষাত– সমাগত লোকসভা নিৰ্বাচনৰ বাবে নিজকে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তুলিছে বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই৷ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পিছত ইতিমধ্যেই দলীয় কাৰ্যকৰ্তাসকলে সংগঠনৰ কাৰ্যক্ৰমত অধিক সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যিক পৰ্যায়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক কাৰ্যক্ৰমে দলটোৰ কাৰ্যকৰ্তা সকলক অধিক উৎসাহিত কৰি তুলিছে৷ ৰাজ্যৰ ১.৪০ কোটি হিতাধিকাৰীক ভোটলৈ ৰূপান্তৰ কৰাৰ বাবে সাজু হৈছে বিজেপি৷ প্ৰধানমন্ত্ৰীয়ে লিখা পত্ৰ লৈ সোমবাৰৰ পৰা বিজেপিৰ কাৰ্যকৰ্তা প্ৰতিজন হিতাধিকাৰীৰ ঘৰে ঘৰে যাব৷ আনহাতে, দলটোৱে সমাগত লোকসভা নিৰ্বাচনৰ হেতু সংকল্প পত্ৰ তৈয়াৰ কৰাৰ পূৰ্বে জনসাধাৰণৰ মতামত গ্ৰহণ কৰাৰ উদ্দেশ্যে এক বিশেষ শ্ৰেণীৰ বাহনৰ শুভাৰম্ভণি কৰে৷ ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই বাহন সমূহৰ শুভাৰম্ভণি কৰে৷ তেওঁ কয় যে ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি ২৮খন ভ্ৰাম্যমাণ বাহনে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি জনসাধাৰণৰ মতামত তথা পৰামৰ্শ গ্ৰহণ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত জনসাধাৰণৰ পৰামৰ্শসমূহ দিল্লীলৈ প্ৰেৰণ কৰা কৰিব৷ উল্লেখ্য যে এই অভিযান অহা ১৫ মাৰ্চলৈকে চলিব৷ জনসাধাৰণে প্ৰদান কৰা মতামত তথা পৰামৰ্শৰ ভিত্তিত বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে সমাগত লোকসভা নিৰ্বাচনৰ বাবে সংকল্প পত্ৰ তৈয়াৰ কৰিব৷ আজিৰ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়ো, ৰাজ্যিক বিজেপিৰ নিৰ্বাচন প্ৰবন্ধন সমিতিৰ সহ-আহ৩ায়ক দিলীপ দাস, ৰাজ্যিক কোষাধক্ষ্য ৰাজকুমাৰ শৰ্মা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত আছিল৷ ইয়াৰ মাজতে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ অসমত দুদিন ধৰি বাহৰ পাতি আছে উপ-নিৰ্বাচন আয়ুক্ত হিৰদেশ কুমাৰৰ নেতৃত্বত এটা নিৰ্বাচন আয়োগৰ চাৰিজনীয়া দলে৷ মঙলবাৰে জনতা ভৱনত নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধান, মুখ্য নিৰ্বাচনী বিষয়া আদিৰ সৈতে মাৰাথন বৈঠক অনুষ্ঠিত কৰাৰ পাছত বুধবাৰে দ্বিতীয় দিনা গুৱাহাটীৰ ৰেডিশ্বন ব্লুক হোটেলত বিভিন্ন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ব’হাগ বিহুৰ পূৰ্বেই অসমত নিৰ্বাচন বিচাৰিছে৷ নিৰ্বাচন আয়োগে হয়তো অপ্ৰস্তুত বিৰোধীক অথাই সাগৰত পেলাবলৈ চি এমে বিচৰাৰ দৰেই বিহুৰ আগতেই নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে৷ ইফালে, বিজেপিয়ে অসমত নিৰ্বাচনী প্ৰচাৰৰ দুখন ডাৱল ইঞ্জিনৰ আৰু একন চিংগল ইঞ্জিনৰ হেলিকপ্টাৰ সাজু ৰাখিছে৷ বিৰোধী নেতাৰ বিভিন্ন অভিযোগৰ দিশসমূহ চোৱা-চিতা কৰিবৰ বাবে এখন চাৰ্জশ্বিট কমিটীও গঠন কৰিছে৷