Logo
image

চাহ কেনেকৈ খাব, কেইবাৰ খাব?

শুই উঠি পুৱাৰ চাহকাপ নহ’লে বহুতৰে দিনটো আৰম্ভ নহয়৷ চাহে দেহ-মন সতেজ কৰে৷ বন্ধুৰ সৈতে আড্ডা বা কামৰ মাজে মাজে বহুতৰে চাহ খোৱাৰ অভ্যাস৷ কিছুমানে দিনটোত দহকাপলৈকে চাহ পান কৰে৷ কিন্তু জানেনে, অত্যধিক চাহ খোৱাৰ অভ্যাসে ওজন বঢ়ায়৷ পুষ্টি বিশেষজ্ঞ লিমা মহাজনৰ মতে একাপ চাহত ৩৩ৰ পৰা ৬৬ কেল’ৰি থাকিব পাৰে৷
তেওঁ লগতে উল্লেখ কৰে যে বহুতে চাহত অত্যধিক চেনি ব্যৱহাৰ কৰে৷ ইয়াৰ ফলত ওজন বাঢ়ে৷ এচামুচ চেনিত ১৯ কেল’ৰি থাকে৷ মহাজনৰ মতে দৈনিক দহগ্ৰামতকৈ বেছি চেনি খোৱাটো অনুচিত৷

চাহ পান কৰাৰ সঠিক উপায়ঃ
- দেহৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে দিনত দুকাপতকৈ বেছি চাহ নাখাব৷
- চাহৰ সৈতে স্নেকছ বা আন খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ কিবা এটা খোৱাৰ ৪০ মিনিটৰ পৰা এঘণ্টাৰ ভিতৰতহে চাহ খাব লাগে৷
- দুশ্চিন্তা, নিদ্ৰাহীনতা বা হজমৰ সমস্যা থাকিলে নিশা শোৱাৰ পূৰ্বে চাহ খোৱাৰ অভ্যাস বন্ধ কৰক৷
- খালী পেটত চাহ মুঠেই নাখাব৷ খালী পেটত চাহ খালে এচিডিটি হ’ব পাৰে৷
- চাহ খোৱাৰ আধা ঘণ্টা আগত বা আধা ঘণ্টা পাছত এগিলাচ পানী খাওক৷