Logo
image

মাজনিশা গীতৰ সভাত জুবিনৰ ‘কা’ হুংকাৰঃ মই থকালৈকে ‘কা’ হ’বলৈ নিদিওঁ’

‘আমাৰ অসম’ৰ মুছলপুৰৰ প্ৰতিবেদক, ৮ মাৰ্চঃ ‘এতিয়া চব বিজেপি হৈ গ’ল৷ আকৌ ‘কা’ আহি আছে৷ No CAA, I stand Here৷ মোদীয়েই হওক বা আন কোনোবাই হওক, মই কাকো খাটিৰ নকৰোঁ৷ যদি আকৌ ‘কা’ আহে, মই একেটা ঠাইতে আছোঁ৷ বাকী কোন মানুহ ক’ত গৈছে যাওক মই নাযাওঁ৷ মই ঘৃণা কৰোঁ৷ মই আজি ইয়াত ঘোষণা কৰিলোঁ মই ইয়াতে আছোঁ৷  

সকলোৱে ভাবিব পাৰে যে জুবিন বেলেগ হৈ গ’ল৷ নো-নেভাৰ৷ মই একে ঠাইতে আছোঁ৷ মই তেনে মানুহ নহয়৷  মই একে বাঘ৷  ‘কা’ৰ প্ৰতিবাদ মূল৷ লাগিলে ভোট নিদিব৷ ৰাইজে ভোট নিদিলে কোনেও মন্ত্ৰী-বিধায়ক হ’ব নোৱাৰে৷ যদি আপোনালোকে ভোট নিদিয়ে, ময়ো ভোট নিদিওঁ৷ আপোনালোকে যদি দিয়ে সেইটো আপোনালোকৰ কথা৷ খতম৷’ –মাজনিশা গীতৰ সভাত এই হুংকাৰ জুবিন গাৰ্গৰ৷ মুুছলপুৰত বৃহস্পতিবাৰে নিশা সংগীতানুষ্ঠানৰ মাজতে ‘কা’ৰ বিৰুদ্ধে সৰৱ হৈ পৰিল জুবিন গাৰ্গ৷ মুছলপুৰত আঠদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত আঞ্চলিক শ্ৰীশ্ৰী মনসা পূজা মহোৎসৱৰ সোণালী জয়ন্তীৰ অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল জুবিন গাৰ্গ৷ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে তেওঁৰ সংগীতানুষ্ঠানৰ মাজতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ সৰৱ হোৱা পৰিলক্ষিত হয়৷ তেওঁ কয় যে মই সলনি হোৱা নাই৷ মই এতিয়াও স্থিতপ্ৰজ্ঞ৷ ‘কা’ মই নামানোঁ৷ ‘কা’ বলবৎ হ’ব নোৱাৰে৷ কোনো মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাটিৰ নকৰোঁ৷ মোদীয়ে ভাইয়োঁ-বেহেনোঁ কৰি থাকি লাভ নাই৷ মোদীয়ে ইংৰাজী নাজানে৷ ইংৰাজী জানিব লাগিব৷ শিকিব লাগিব৷ মোক কোনেও একো কৰিব নোৱাৰে৷ ‘কা’ সন্দৰ্ভত ৰাজ্যত গঢ়ি উঠা কামাণ্ডো বাহিনীৰ চাল-চলনৰ আঁত ধৰি জুবিনে পুনৰ কয়,  ৰাজ্যত ইমান পুলিচ, মিলিটাৰী কাৰ কাৰণে আনিছে৷ এইবাৰ যদি আমি প্ৰতিবাদ নকৰোঁ, তেন্তে ৰক্ষা নাই৷ ‘কা’ৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিব লাগিব৷  আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে একো কৰিব নোৱাৰে৷  কথা হ’ল ‘কা’ নালাগে কিন্তু প্ৰতিবাদ লাগে৷  মই থকালৈকে ‘কা’ আহিব নোৱাৰে৷  জি পি সিং থাকক, হিমন্ত বিশ্ব শৰ্মা থাকক৷ লাভ নাই৷  ইতিমধ্যে আমাৰ পাঁচটা ল’ৰা মাৰিলে৷  পুনৰ মাৰিবলৈ নিদিওঁ৷  ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে আৰক্ষীৰ হতুৱাই কোনোবাক গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু মোক নোৱাৰে৷ এটা কথা মই বুজি নাপাওঁ  কালি ‘কা’ আন্দোলন কৰিলে এই পুলিচখিনিয়ে মোক মাৰিবলৈ আহিব৷ জি পি সিঙে আদেশ দি থৈছে৷  কিন্তু আজি মই মনসালৈ অহাত সেই আৰক্ষীখিনিয়ে আকৌ মোক নিৰাপত্তা দিছে৷  এইটো কেনে কথা৷  হোৱাট ইজ দিচ?  এইটো গণতন্ত্ৰ নেকি?  এইটো গণতন্ত্ৰ নহয়৷  মোদীয়ে এইবোৰ কৰিলে নহ’ব৷  ৰাজনীতি বেয়া বস্তু৷  ৰাজনীতি কৰা মানুহবোৰ বেয়া৷ একদম চিধা কথা৷ মই এটা বস্তু বেয়া পাঁও৷  আঁচনি লোৱাৰ সময়ত চব ঠিকে থাকে৷  তাৰ পাছত পলিটিকেল হৈ যায়৷ অলপ চিন্তা কৰি চাব৷  মই বাওঁপন্থী৷ বহুতে বুজি নাপাব পাৰে৷ মুঠতে মই থকালৈকে ‘কা’ আনিব নোৱাৰে জি পি সিঙেই হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক৷  যদি ‘কা’ আহে কোনেও ভোট নিদিব,  ময়ো নিদিওঁ৷ তেওঁ পুনৰ কয়–  শাসকপক্ষ, আপোনালোক বেছি ৰাজনীতিত নাযাব৷  কিছু কথা ক’লোঁ৷ মোদীকো গালি পাৰিলোঁ৷ মোদীক গালি পাৰাৰ আমাৰ অধিকাৰ আছে৷  চবৰে অধিকাৰ আছে গালি পাৰাৰ৷ আমি কাৰো চাকৰ নহয়৷ মোক খেদিব নেকি? মোক খেদিবৰ কাৰো হিম্মৎ নাই৷ মুছলপুৰলৈ জুবিন গীত গাবলৈ আহিল সঁচা৷ কিন্তু প্ৰতিটো গীত শেষ হোৱাৰ পাছত ‘কা’বিৰোধী আন্দোলনহে বোৱাই আনিলে৷ পৰৱৰ্তী বিচাৰ ৰাইজৰ হাতত৷