Logo
image

১০০% মাচুল বৃদ্ধি, বাৰ-সুৰা বিপণীৰ ব্যৱসায়ত সংকট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ মাৰ্চঃ ৰাজ্যৰ অৰ্থনীতিৰ অন্যতম চালিকা শক্তি হিচাপে বিবেচিত সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ৷ কিয়নো ৰাজ্যত এতিয়া বৃদ্ধি পাব পাৰে সুৰাৰ মূল্য৷ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে অধিক কৰ সংগ্ৰহৰ আশাত আওপকীয়াকৈ সুৰাৰ মূল্য বৃদ্ধিৰ বাট মুকলি কৰিছে৷ অৱশ্যে প্ৰত্যক্ষভাৱে সুৰাৰ ওপৰত আবকাৰী ৰাজহ বা মূল্য সংযোজিত কৰ (ভেট) বৃদ্ধি কৰা নাই যদিও সুৰা বিপণী আৰু বাৰ সমূহৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ মাচুল দুগুণলৈ বৃদ্ধি কৰাত থলুৱা ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এক কথাত ৱাইন শ্বপ আৰু বাৰৰ অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল সম্পূৰ্ণ ১০০ শতাংশ অৰ্থাৎ পূৰ্বৰ ২ লাখ টকাৰ বিপৰীতে ৪ লাখ টকালৈ বৃদ্ধি কৰিছে৷ তদুপৰি এতিয়াৰ পৰা হোটেল-ৰেস্তোৰাঁৰ বাৰৰ অনুজ্ঞাপত্ৰৰ নবীকৰণৰ মাচুল ব্যৱসায় প্ৰতিষ্ঠানৰ পৰিসৰৰ ভিত্তিত নিৰ্ধাৰণ কৰাত কাৰ্যতঃ অসমৰ সুৰা ব্যৱসায়ৰ চাবিকাঠি পুঁজিপতি বনিক গোষ্ঠী তথা কৰ্প’ৰেট খণ্ডৰ হাতলৈ যোৱাৰ যেন উপক্ৰম ঘটিছে৷ ৰাজ্যৰ আবকাৰী বিভাগে শেহতীয়াকৈ জাৰি কৰা ৰাজপত্ৰিত জাননী অনুসৰি নগৰীয়া পৌৰ এলেকাৰ অধীনৰ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল পূৰ্বৰ ২ লাখ টকাৰ বিপৰীতে বৰ্তমান ৪ লাখ টকালৈ বৃদ্ধি কৰিছে৷ একেদৰে পৌৰ এলেকাৰ আওতাৰ বাহিৰৰ নগৰাঞ্চলৰ ৱাইন শ্বপৰ নবীকৰণ মাচুলত ডেৰ লাখ টকাৰ বিপৰীতে ৩ লাখ টকা আৰু গ্ৰামাঞ্চলত পূৰ্বৰ এক লাখ টকাৰ বিপৰীতে ২ লাখ টকালৈ মাচুল বৃদ্ধি কৰিছে৷ ৱাইন শ্বপৰ সমান্তৰালভাৱে হোটেল আৰু ৰেস্তোৰাঁৰ বাৰৰ অনুজ্ঞাপত্ৰ মাচুলো পূৰ্বৰ তুলনাত দুগুণলৈ বৃদ্ধি কৰিছে৷ পৌৰ এলেকাৰ অন্তৰ্গত হোটেলৰ আই এম এফ এল বাৰৰ অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল পূৰ্বৰ ২ লাখ টকাৰ বিপৰীতে ৪ লাখ টকালৈ বৃদ্ধি কৰিছে৷ একেদৰে নগৰাঞ্চলৰ অন্তৰ্গত পৌৰ এলেকাৰ বাহিৰৰ হোটেল বাৰৰ ক্ষেত্ৰতো নবীকৰণ মাচুল ৩ লাখ টকালৈ বৃদ্ধি কৰিছে৷ আনহাতে বীয়েৰ বাৰৰ ক্ষেত্ৰতো অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল ডেৰ লাভ টকালৈ বৃদ্ধি কৰিছে৷ ইফালে বিলাতী সুৰা বিক্ৰী কৰা ৰেস্তোৰাঁৰ বাৰৰ পৰিসৰৰ ভিত্তিত অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল নিৰ্ধাৰণ কৰা হৈছে৷ সেই অনুসৰি নগৰ অঞ্চলৰ পৌৰ এলেকাৰ অন্তৰ্গত ১০০০ বৰ্গফুট ব্যাসাৰ্ধৰ ৰেস্তোৰাঁৰ বিপৰীতে নবীকৰণ মাচুল ৪ লাখ টকালৈ বৃদ্ধি কৰিছে৷ একেদৰে পৌৰ এলেকাৰ অন্তৰ্গত ১০০০ বৰ্গফুটৰ পৰা ২৫০০ বৰ্গফুট এলেকাৰ ৰেস্তোৰাঁৰ বাৰৰ অনুজ্ঞাপত্ৰ মাচুল ৬ লাখ টকা, ২৫০০ বৰ্গতকৈ বৃহৎ পৰিসৰৰ ৰেস্তোৰাঁৰ বাৰৰ অনুজ্ঞাপত্ৰ মাচুল ৮ লাখ টকালৈ বৃদ্ধি কৰিছে৷ আনহাতে নগৰ অঞ্চলৰ পৌৰ এলেকাৰ বাহিৰৰ ৰেস্তোৰাঁৰ ২০০০ বৰ্গফুটৰ বাৰৰ নবীকৰণ মাচুল ৩ লাখ টকা আৰু ২০০০ বৰ্গ ফুটতকৈ অধিক পৰিসৰৰ ৰেস্তোৰাঁৰ নবীকৰণ মাচুল ৪ লাখ টকালৈ বৃদ্ধি কৰিছে৷ আবকাৰী বিভাগৰ এই অধিসূচনাই বাৰৰ ব্যৱসায়ীসকললৈ সংকট নমাই আনিছে৷ লক্ষণীয় বিষয়টো হৈছে, ৰেস্তোৰাঁসমূহৰ এটা নিৰ্দিষ্ট অংশ বা কোঠাত বাৰ থাকিলেও সমগ্ৰ ৰেস্তোৰাঁখনৰ পৰিসৰ সামৰি অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল আদায় দিব লাগিব৷ ইয়াৰ ফলত স্বাভাৱিকতেই ৰেস্তোৰাঁৰ বাৰসমূহত সুৰাৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হ’ব৷ আনহাতে পূৰ্বতে ৱাইন শ্বপ আৰু বাৰৰ অনুজ্ঞাপত্ৰ আবেদন মাচুল ৰ লাখ টকা আছিল যদিও এতিয়া এই আবেদন মাচুল ২ লাখ টকালৈ বৃদ্ধি কৰিছে৷ অনুজ্ঞাপত্ৰ লাভ নকৰিলেও, এই আবেদন মাচুল ঘূৰাই দিয়া নহয়৷ লক্ষণীয়ভাৱে এইবাৰৰ পৰা আমদানিকৃত বিলাতী সুৰাৰ ক্ষেত্ৰত অতিৰিক্ত কৰ আৰোপ কৰিছে৷ ফলত বহিঃৰাজ্য তথা বিদেশী ৰাষ্ট্ৰত উৎপাদিত সুৰা তথা বীয়েৰ পৰিবহণৰ বাবদ সুৰা ব্যৱসায়ী সকলে অতিৰিক্ত কৰ পৰিশোধ কৰিব লাগিব৷ ইয়াৰ ফলতো অসমত বহুল প্ৰচলিত কেইবাবিধো সুৰা আৰু বীয়েৰৰ দাম বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে৷ স্বাভাৱিকতেই অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল বৃদ্ধিৰ সুযোগ লৈ কৰ্প’ৰেট খণ্ড আৰু পুঁজিপতি ব্যৱসায়ীসকলে অসমৰ সুৰা ব্যৱসায়ক থলুৱা ব্যৱসায়ীৰ পৰা নিজৰ হাততলৈ নিয়াৰ আশংকা কৰা হৈছে৷