Logo
image

প্ৰধানমন্ত্ৰী আহিব, কাজিৰঙাত পৰীক্ষা বাতিল

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ৮ মাৰ্চঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে ৮ মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাজিৰঙাত উপস্থিত হ’ব৷ প্ৰধানমন্ত্ৰীৰ কাজিৰঙালৈ আগমনক লৈ এতিয়া সাজু কৰি তোলা হৈছে সকলোধৰণৰ ব্যৱস্থা৷ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব ইতিমধ্যে এন এছ জি অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ লোকে লৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পিছবেলা হেলিকপ্টাৰেৰে কাজিৰঙাৰ পানবাৰী কৃষি নিগমৰ ভূমিত নিৰ্মাণ কৰা অস্থায়ী হেলিপেডত অৱতৰণ কৰি পোনে পোনে গাড়ীৰে কাজিৰঙাৰ কহঁৰাত অৱস্থিত আৰক্ষীৰ অতিথি গৃহত উপস্থিত হ’ব৷ উল্লেখ্য, প্ৰশাসনীয় সূত্ৰে জানিব পৰা মতে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিয়লি ৪-৩০ বজাত পানবাৰী হেলিপেডত অৱতৰণ কৰিব৷ নিশা কহঁৰা আৰক্ষী অতিথিগৃহত ৰাত্ৰি যাপন কৰি ৯ মাৰ্চৰ পুৱা ৫.৩০বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত ছাফাৰী কৰি উক্তদিনা পুৱা ৭.৩০বজাত যোৰহাটলৈ যাত্ৰা কৰিব বুলি বিভাগীয় সূত্ৰে প্ৰকাশ৷ ইতিমধ্যে কহঁৰাত থকা আৰক্ষীৰ অতিথিগৃহ সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে৷ ৰাষ্ট্ৰীয় পথৰ কাষত কিলোমিটাৰ কিলোমিটাৰ দূৰত্বলৈকে প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ অসমীয়া আৰু ইংৰাজী ভাষাত মোদীৰ চিত্ৰসহ হৰ্ডিং লগোৱা পৰিলক্ষিত হৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল মিহিমুখৰ প্ৰৱেশ-দ্বাৰৰ কাষলৈ সাধাৰণ লোকৰ অহা-যোৱা বন্ধ কৰি নিৰাপত্তাৰক্ষীয়ে মেটেল ডিটেক্টৰৰ দ্বাৰা তন্ন তন্নকৈ পৰীক্ষা কৰি আছে৷ ইফালে বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই প্ৰতিদিন প্ৰধানমন্ত্ৰীৰ কাজিৰঙা আগমনৰ প্ৰস্তুতিৰ বুজ লৈ আছে৷ অতি গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী কাজিৰঙালৈ আগমনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিদ্যালয় বন্ধ কৰাৰ লগতে পৰীক্ষা পিছুৱাই দিছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, আগন্তুক ৯ মাৰ্চৰ পৰা বছেৰেকীয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ উক্তদিনা প্ৰাথমিক শ্ৰেণীৰ পৰা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ সকলো শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল৷  কিন্তু কাজিৰঙালৈ প্ৰধানমন্ত্ৰী মোদী অহাৰ বাবে ৯মাৰ্চৰ সকলো শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিছে প্ৰশাসনে৷ ৯মাৰ্চৰ পৰীক্ষা ১৬মাৰ্চলৈ পিছুৱাই দিছে বুলি কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক ভুৱন খতিয়ৰাই জানিবলৈ দিয়ে৷ ইফালে প্ৰধানমন্ত্ৰীয়ে ৰাত্ৰি যাপন কৰিবলগীয়া আৰক্ষীৰ অতিথিগৃহৰ সন্মুখত থকা ইংৰাজী মাধ্যমৰ বিদ্যালয়খন নিৰাপত্তাৰ খাতিৰত আজিৰ পৰা ৯ মাৰ্চলৈকে বন্ধ কৰি দিয়া হয়৷ এইখন বিদ্যালয়তো বছেৰেকীয়া পৰীক্ষা চলি আছিল যদিও পিছুৱাই দিয়া হৈছে বুলি প্ৰধান শিক্ষকে জানিবলৈ দিয়ে৷ উক্ত আৰক্ষী অতিথিগৃহৰ সন্মুখেদি যোৱা পথটো আৰক্ষীয়ে বন্ধ কৰাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সাধাৰণ জনতাৰ সমস্যাৰ সৃষ্টি হৈছে বুলিও জানিব পৰা গৈছে৷ ইফালে কাজিৰঙাৰ কহঁৰাত থকা অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিৱাসৰ কাষত স্থানীয় ৰাইজে অনুষ্ঠিত কৰি অহা শিৱ পূজা প্ৰশাসনে বন্ধ কৰিছে৷ স্থানীয় ৰাইজে প্ৰশাসনৰ কথা মানি ৮মাৰ্চত শিৱৰত্ৰি পালনৰ পৰিৱৰ্তে এখন শৰাই আগবঢ়াই কেৱল আনুষ্ঠানিকতাহে কৰাৰ সিদ্ধান্ত লৈছে৷ আনহাতে, কহঁৰা চাৰিআলিত থকা পাঁচপতীয়া শিৱ মন্দিৰতো শিৱৰাত্ৰিৰ দিনা কিছু বাধ্য-বাধকতাৰে শিৱৰাত্ৰি উদ্‌যাপন কৰিবলৈ প্ৰশাসনে বাৰ্তা দিছে বুলি জানিব পৰা গৈছে৷ আনহাতে, শুকুৰবাৰে পানবাৰীৰ পৰা প্ৰধানমন্ত্ৰী কাজিৰঙালৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কহঁৰালৈ আহিব৷ গতিকে এই যাত্ৰাত যাতে কোনো বাধা, সমস্যা সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে পানবাৰীৰ পৰা কাজিৰঙাৰ কহঁৰাত থকা আৰক্ষীৰ অতিথি গৃহলৈকে চাইৰণ বজাই বৃহৎ এক কনভয়ৰ মকড্ৰিল কৰে৷ অতি গুৰুত্বপূৰ্ণ কথা যে সমস্যা বা বেমেজালি সৃষ্টি নহওক তাৰ বাবে ৮আৰু ৯মাৰ্চৰ দুদিন কহঁৰা চাৰিআলিৰ কাষত থকা ৰাইজৰ গৰু নেমেলিবলৈ নিৰ্দেশ দিছে৷ উক্ত দুদিন নিজৰ পোহনীয়া গৰু আৰু আন জন্তু বান্ধি থ’বলৈ নিৰ্দেশ দিছে  বুলি ৰাইজে জানিবলৈ দিয়ে৷