Logo
image

বেষ্ট অৱ টাইম্‌ছ, ৱ’ষ্টৰ্ অৱ টাইম্‌ছ

ইংৰাজীত কিছুমান কথা বোধকৰোঁ লিখিবলৈ সহজ৷ অসমীয়াত তুলনামূলকভাৱে টান৷ ইংৰাজীত হ’লে ডিফেন্সৰ অনুসৰণত আহি পৰা নিৰ্বাচনৰ বিষয়ে লিখিব পাৰিলোঁহেঁতেন– It is the best of times, it is the worst of times৷

সঁচাই worst of times৷ এই সময়ত, অৰ্থাৎ নিৰ্বাচন আহি পৰিলে কিলবিলাই ওলাই আহে আগতে নেদেখা, নাম নুশুনা এগাল নেতা-পালিনেতা৷ যেন কোনোবা পাতালৰ গৰ্ভৰ পৰা ওলাই আহিছে এজাক কদৰ্য সৰীসৃপ– বিষাক্ত, পিছল, বিপজ্জনক৷ চিনাকিবোৰৰো যেন ‘মেটামৰফচিচ’ ঘটিছে [কাফ্‌কাৰ পোকটোৰ দৰে] একো একোটা নিশ্বাসত জুই ওলোৱা আৰু একে সময়তে ঘঁৰিয়ালৰ দৰে দাঁত নিকটাই হাঁহি থকা ড্ৰেগনলৈ৷ ক্ষমতাৰ লালসাত সিহঁতৰ চকু চক্‌ চক্‌ কৰে, মুখৰ পৰা লেজুৱা লেলাৱতীৰ দৰে ওলাবলৈ আৰম্ভ কৰে মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতিৰ বানপানী৷ সাধাৰণ মানুহ পেপুৱা লাগে৷ সঁচাই ৱ’ষ্টৰ্ অৱ টাইম্‌ছ৷ ইমান মিছা কথা, ইমান কম সময়ৰ ভিতৰত কমেই কোৱা হয়৷

কেইটামান কথালৈ মন কৰিবলৈ পাঠকসকললৈ আপীল জনালোঁ৷ প্ৰথম কথা– লাখ লাখ মানুহৰ বেংকৰ একাউণ্টত বোলে কোটি কোটি টকা সোমাল৷ কিন্তু টকাটো আহিল ক’ৰ পৰা? চৰা সুতত চৰকাৰে বিভিন্ন আন্তৰ্জাতিক আৰু অন্যান্য সন্থাৰ পৰা টকা ধাৰ কৰিলে৷ সেই ধাৰৰ বোজা কাৰ মূৰত পৰিল? অসমৰ প্ৰতিজন মানুহৰ মূৰত৷ জনমূৰি ঋণৰ বোজা দুগুণতকৈ বেছি হ’ল৷ আৰু ৰাইজৰ মূৰত বোজাটো জাপি দি অতি সহজ জনপ্ৰিয়তা আৰু ভোট লাভৰ বাবে বাচ-বিচাৰ নকৰাকৈ যাৰে-তাৰে একাউণ্টত টকা সুমুৱাই দিয়া হ’ল৷ একেঘৰ মানুহৰ কেইবাজনো সদস্যই এনে টকা লাভ কৰিছে বুলি সন্দেহ কৰা হৈছে৷ যদি সঁচা হয়, এয়া কেৱল দুৰ্নীতিয়েই নহয়, স্বজন-তোষণো আৰু পুঁজিবাদী অৰ্থনীতিৰ সূত্ৰ মতেও ই অতি ভুল আৰু গৰ্হিত কাম৷ এয়া কিন্তু ৱেলফেয়াৰ ষ্টেট– কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ আখৰা নহয় যে মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে নাগৰিকৰ [অন্ততঃ দুখীয়া শ্ৰেণীৰ] দায়িত্ব ৰাষ্ট্ৰই গ্ৰহণ কৰিব৷ এটা কথা জানিব লাগিব যে এই কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণটো এটা জাতে-পাতে পুঁজিবাদী ধাৰণা– সমাজবাদী ধাৰণা নহয়৷ বোধকৰোঁ মানৱীয় মুখাপিন্ধা উদাৰনৈতিক ধনতন্ত্ৰৰ এক ব্যৱস্থা– কেপিটেলিজম উইথ এ হিউমেন ফেচঙ্গ কিন্তু পৰিতাপৰ কথা যে আমাৰ ইয়াত সেইবোৰ একো হোৱা নাই৷ কল্যাণকামী ৰাষ্ট্ৰৰো ব্যৱস্থাবোৰ বহু চিন্তা-চৰ্চা কৰি, বহু পৰিকল্পনাৰে, নিয়মমাফিক, আইন কানুনেৰে নিৰ্মাণ কৰা হয়৷ আমি দেখিছোঁ যে কোনোধৰণৰ পৰিকল্পনা নোহোৱাকৈ ৰাষ্ট্ৰই যেন এচাম মানুহক নিৰ্বাচনৰ আগতে ভিক্ষাৰীক চাউল দুটামান, পইচা দুটা দিয়াৰ দৰে ভিক্ষা দিলে৷ অচিৰেই এই ভিক্ষাদান বন্ধ হৈ যাব৷ যাবলৈ বাধ্য৷ অথচ যিখিনি মানুহৰ এনে সাহায্যৰ আটাইতকৈ বেছি প্ৰয়োজন আছিল, সেই ক’ভিডৰ সময়ত বহিঃৰাজ্যৰ পৰা উভতি অহা আমাৰ দৰিদ্ৰ মাইগ্ৰেণ্ট শ্ৰমিকসকলে এই সুবিধা পালেনে? প্ৰশ্ন কৰা উচিত৷ অথচ দগমগ দগমগ কৰি এই কামটো কিমান ডাঙৰ কাম হ’ল সেইটো ফ’লো কৰি প্ৰচাৰ কৰা হৈছে৷ আৰু আমাৰ ভিক্ষাৰী জাতিয়ে কথাটো বিশ্বাসেই কৰিছে৷ এই ভয়াৱহ পৰিস্থিতি কিন্তু অসমৰ প্ৰেছ আৰু মিডিয়াৰ চকুৰ পৰা সাৰি যোৱা নাই৷ ইয়াৰ উচিত বিশ্লেষণ আৰু সমালোচনা হৈছে৷ সেইটো মই আশাব্যঞ্জক দিশ বুলি ভাবোঁ৷ 

আন এটা দিশ উত্থাপন কৰিব খুজিছোঁ৷ সেইটো হ’ল সাংবিধানিক ৰক্ষাকৱচৰ কথাটো৷ মূল ৰাজনৈতিক দল কোনেও কিন্তু এই অতি গুৰুত্বপূৰ্ণ কথাটো নিৰ্বাচনী ইছ্যু কৰাতো চকুত পৰা নাই৷ উচ্ছ ক্ষমতা সম্পন্ন সমিতিয়ে দিয়া প্ৰতিবেদন গ্ৰহণযোগ্য নহয় বুলি মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কোৱা বুলি বাতৰিকাকত আৰু মিডিয়াত প্ৰকাশ হৈছে৷ এই ভাষ্য চৰকাৰী ভাষ্য নে তেখেতৰ নিজৰ মতামত নাজানো৷ কিন্তু যদি গ্ৰহণযোগ্য নহয় বুলি কোৱাতো সঁচা হয়, তেতিয়া প্ৰশ্ন কৰাৰ সময় আহিল যে বিকল্প চিন্তা কি? কিবা আছেনে নাই? থকা যেনতো লগা নাই৷ উচ্ছ ক্ষমতাসম্পন্ন সমিতিখনৰ প্ৰতিবেদনৰ আমি সমালোচনা ইয়াত কৰিব খোজা নাই৷ তাত বিভিন্ন ৰক্ষাকৱচৰ যি তালিকা দিছে সেইবোৰ সকলো ঠিকেই, কিন্তু সমস্যাটো হ’ল অসমীয়া জনগণৰ সংজ্ঞাত, য’ত ১৯৫১ চনটো জুৰি দিয়া হ’ল৷ ফলত ই মোৰ ধাৰণা মতে, অকাৰ্যকৰী হৈ পৰিল৷ লগতে ইনাৰলাইন প্ৰথাৰ প্ৰৱৰ্তনৰ প্ৰসংগটোৱে অসুবিধা কৰিলে৷ কিন্তু বিকল্প চিন্তা কি? মোৰতো সন্দেহ হৈছে যে কোনো চিন্তাও নাই আৰু কৰিবৰ ইচ্ছাও নাই৷ সেয়ে কোনেও কথাটো এবাৰলৈকে নকয়, আৰু মানুহে প্ৰশ্ন নকৰিলে আৰু নক’ব৷ বোধকৰোঁ ৪০০ ব্যামপন্থী ব্ৰাহ্মণৰ হোম-যজ্ঞ আৰু মন্ত্ৰোচ্ছাৰণে অসমীয়া জনগণক ইহকালত নহ’লেও পৰকালত ৰক্ষনাবেক্ষণ দিব বুলিহে চিন্তা-চৰ্চা কৰা বুলি আমাৰ অনুমান হৈছে৷

অসংখ্যৰ মাজৰ পৰা ৱ’ষ্টৰ্ অৱ টাইম্‌ছৰ দুটা উদাহৰণ দিলোঁ৷ পাঠকসকলে নিজে ভাবি ভাবি তালিকাখন পূৰ্ণ কৰক৷

কিন্তু বেষ্ট অৱ টাইম্‌ছৰ কি হ’ব?

বেষ্ট অৱ টাইম্‌ছৰ সম্ভাৱনা এইটোৱেই যে এনে সময়ত জাগ্ৰত ৰাইজে এনেধৰণৰ মিথ্যাচাৰৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ সুযোগ আহে৷ সুযোগ আহে ভাল জনপ্ৰতিনিধিক নিৰ্বাচন কৰিবলৈ৷

কিন্তু ভাব হয় এয়া আমেৰিকা নহয়, য’ত প্ৰেছ আৰু ‘পাব্লিকে’ মিলি ট্ৰাম্পৰ মিথ্যাচাৰ, অপপ্ৰচাৰ, ক্ষতিকাৰক পদক্ষেপবোৰৰ সমুচিত প্ৰত্যুত্তৰ দিলে৷ আমাৰ দেশত সেয়া বাৰু আকাশ কুসুম হ’ব নেকি? মানুহে ভাবক৷