Logo
image

চৰকাৰৰ পুঁজি নাই, আদালতৰ নিৰ্দেশতো ক্ষতিপূৰণ নাপালে ছেমে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ মাৰ্চঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে জাতিধবংসী নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিধি প্ৰস্তুতৰ বাবে সাজু হোৱাৰ লগে লগে সমগ্ৰ অসমতে এতিয়া বিদ্ৰোহৰ উকমুকুণি ঘটিছে৷ সমাগত ১৩-১৪ মাৰ্চৰ ভিতৰতে কেন্দ্ৰৰ বিজেপি চৰকাৰে ‘কা’ বলৱৎ কৰাৰ ইংগিত দি অসমত পূৰ্বৰ দৰে যাতে কোনো পৰিস্থিতিতে হিংসাত্মক প্ৰতিবাদ নহয়, তাক নিশ্চিত কৰিবলৈকো কঠোৰ সতৰ্কতা জাৰি কৰিছে দিছপুৰক৷ মোদী চৰকাৰৰ এই সতৰ্কতাৰ পাছতেই অসম আৰক্ষীয়ে ভয়-ভাবুকিয়ে কৌশলপূৰ্ণভাৱে ‘কা’ বিৰোধী বিদ্ৰোহ দমনত নামি পৰিছে৷ লক্ষণীয়ভাৱে ২০১৯ চনত কেন্দ্ৰৰ বিজেপি চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছতেই অসমৰ জাতি-বৰ্ণ নিৰ্বিশেষ সকলো স্তৰৰ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্তৰে দিছপুৰ ঘেৰাও কৰি জনতা ভৱন অচল কৰি তুলিছিল৷ কিন্তু অসমীয়াৰ ‘কা’ বিৰোধী প্ৰতিবাদক দমনৰ নামত অসম আৰক্ষীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই ৫ জন তেজাল যুৱকক হত্যা কৰিছিল৷ ‘কা’ বিৰোধী আন্দোলনৰ বাবে ৰাজপথলৈ ওলাই অহা গুৱাহাটীৰ হাতীগাঁৱৰ ১৭ বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰ ছেম ষ্টেফ’ৰ্ডৰ লগতে দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দীপাঞ্জল দাস আৰক্ষীৰ গুলীত প্ৰাণ ত্যাগ কৰে যদিও দুৰ্ভগীয়া এই পঞ্চ শ্বহীদৰ পৰিয়ালে আজিও ন্যায় লাভ নকৰিলে৷ ‘কা’ বিৰোধী আন্দোলন প্ৰতিহত কৰাৰ বাবে কোন আৰক্ষী বিষয়া-জোৱানৰ গুলীয়ে ছেম, দীজেন্দ্ৰ, ঈশ্বৰ, আব্দুল আৰু দীপাঞ্জলহঁতৰ প্ৰাণ কাঢ়ি নিলে সেয়াও সুদীৰ্ঘ ৪ বছৰে চিনাক্তই নহ’ল৷ পঞ্চ শ্বহীদক ন্যায় প্ৰদান এতিয়া আইনী মেৰপেচত যদিও শ্বহীদ ছেম ষ্টেফ’ৰ্ডৰ দুৰ্ভগীয়া পৰিয়ালটোক আদালতে ক্ষতিপূৰণ দিয়াৰ বাবে নিৰ্দেশ দিয়াৰ পাছতো অতি আক্ৰোশ মূলকভাৱে দিছপুৰে বিগত ডেৰ বছৰে মোকলাই নিদিলে ক্ষতিপূৰণৰ কোনো ধন৷ ক্ষতিপূৰণৰ ধন বিচাৰি আদালতৰ দুৱাৰে দুৱাৰে তাঁতবাতি কঢ়া দুৰ্ভগীয়া ছেম ষ্টেফ’ৰ্ডৰ পৰিয়ালে এতিয়া যেন আশাই এৰি দিছে৷ লক্ষণীয়ভাৱে ছেম ষ্টেফ’ৰ্ডৰ হত্যাৰ ঘটনাত নাম সাঙোৰ খাই পৰা বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণ লাভ নকৰিলে বুলি তদন্তকাৰী আৰক্ষীয়ে ক্লীনশ্বীট দি আদালতত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিলে যদিও আজিলৈকে শ্বহীদ ছেমৰ দুৰ্ভগীয়া পৰিয়ালটোৱে কোনো ন্যায় লাভ নকৰিলে৷ আটাইতকৈ দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়টো হৈছে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ছেমৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিেলও আইন সেৱা প্ৰাধিকাৰীৰ ফাণ্ডত ধন নথকাৰ বাবে বিগত ডেৰ বছৰে ক্ষতিপূৰণ লাভ নকৰিলে ভুক্তভোগী পৰিয়ালটোৱে৷ পুত্ৰ শোকত জৰ্জৰিত ছেম ষ্টেফ’ৰ্ডৰ মাতৃ অসুস্থ হৈ পৰাত, চিকিৎসাৰ বাবে চৰকাৰৰ ক্ষতিপূৰণৰ আশাতেই বন্দী হৈ আছে পৰিয়ালটো৷ উল্লেখ্য, ২০১৯ চনৰ ১২ ডিচেম্বৰত আছু আৰু শিল্পী সমাজৰ আহ৩ানত চানমাৰিত অনুষ্ঠিত প্ৰতিবাদী সভাত অংশ লৈ ঘৰলৈ ঘূৰি যোৱাৰ সময়তে সন্ধিয়া হাতীগাঁও থানাৰ সমীপত আই পি এছ বিষয়া এছ এন সিঙৰ নেতৃত্বত অহা আৰক্ষীৰ এটা কনভয়ৰ পৰা গুলী চালনা কৰাৰ ফলত থিতাতে মৃত্যুক আকোঁৱালি লৈছিল ১৭ বছৰীয়া ছেম ষ্টেফ’ৰ্ড নামৰ ছাত্ৰজনে৷ ছেমৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত সেই সময়ত ছেমৰ পিতৃৰ লগতে প্ৰবীণ মহন্ত নামৰ এজন অধিবক্তাই হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল৷ ছেম হত্যাকাণ্ডৰ সন্দৰ্ভত ৰুজু হোৱা চি আৰ ৪৩৩৯/২২ নম্বৰৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি ২০২২ চনৰ ২৯ অক্টোবৰত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ এ কে বৰুৱাৰ আদালতে হত্যাকাৰী চিনাক্ত নোহোৱাত ভুক্তভোগী ছেমৰ পৰিয়ালৰ আৰ্থিক দিশৰ প্ৰতি লক্ষ্য ৰাখি জিলা আইন সেৱা প্ৰাধিকাৰীক অসম চৰকাৰৰ ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল৷ এই নিৰ্দেশৰ ভিত্তিত প্ৰায় এমাহৰ পাছতেই ছেমৰ পৰিয়ালে কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ ওচৰত ৮ লাখ টকা ক্ষতিপূৰণ বিচাৰি আৰ্জি দিছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে জিলা আইন সেৱা প্ৰাধিকাৰীৰ ফাণ্ডলৈ অসম চৰকাৰে প্ৰয়োজনীয় পুঁজি মোকলাই নিদিয়াত বিগত ডেৰ বছৰে ছেমৰ পৰিয়ালে ফুটাকড়ি এটাও ক্ষতিপূৰণ হিচাপে লাভ নকৰিলে৷ আদালতৰ নিৰ্দেশনাৰ পাছতো দিছপুৰে ক্ষতিপূৰণৰ ধন মোকলাই নিদিয়াত শ্বহীদ ছেমৰ পৰিয়ালটোৱে আৰ্থিক অনাটনৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ যাৰ বাবে ছেম ষ্টেফ’ৰ্ডৰ ক্ষতিপূৰণৰ ধন বিচাৰি আবেদনৰ ওপৰত আবেদন দি ভাগৰি পৰিছে ছেমৰ বাবে ন্যায়িক যুঁজ অব্যাহত ৰখা অধিবক্তা প্ৰিচাদ আহমেদ আৰু মাধুৰ্য চৌধুৰীয়ে৷