Logo
image

গাখীৰ নিদিয়া গৰুক দানা খুৱাই লাভ নাইঃ কিয় এইকথা ক'লে মুখ্যমন্ত্ৰীয়ে?

'আমাৰ অসম' মুছলপুৰৰ প্ৰতিবেদক, ১০মাৰ্চঃ "গাখীৰ দিয়া গৰুকহে ভোট দিব৷ গাখীৰ নিদিয়া গৰুক ভোট নিদিব ৷  গাখীৰ নিদিয়া গৰুক দানা খুৱাই কি লাভ আছে?  দানা মানে ভোট৷ গতিকে আপোনালোকে আগন্তুক লোকসভা নিৰ্বাচনত ভোট দিওঁতে সাবধান হ'ব ৷ ট্ৰেক্টৰৰ চবিতহে ভোট দিব ৷" দেওবাৰে বাকসা জিলাৰ বাবে ৩০৮ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰি ৰাজহুৱা সভাত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী  ড৹ হিমন্ত বিশ্ব শৰ্মাই৷  

বিকাশ যাত্ৰা নামৰ এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে বাকসা জিলাৰ বাবে কেবাটাও বহুমুখী প্ৰকল্প ঘোষণা কৰে৷  মুছলপুৰৰ সমীপৱৰ্তী অদালবাৰীত  প্ৰথমে প্ৰকল্পবোৰৰ ভূমিপূজন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত অংশ লয় ৷  তেওঁ অসম মালাৰ অধীনত ৯০ কোটি ব্যয়েৰে  ২৫ কিঃমিঃ দৈৰ্ঘ্যৰ নিকাছি-বৰমা পথ, ৯১ কোটি ব্যয়েৰে ২৬ কিঃমিঃ দৈৰ্ঘ্যৰ বৰমা-তামুলপুৰ পথ, বাকসা মডেল ডিগ্ৰী কলেজ, বিএড কলেজ, শালবাৰী আৰু জালাহত দুটা অগ্নিনিৰ্বাপন কেন্দ্ৰৰ উদ্বোধন কৰে ৷

মুখ্যমন্ত্ৰীয়ে কয়, "বাকসা জিলাখন সকলো দিশৰে পৰা সমৃদ্ধ ৷  বিভিন্ন কাৰণত এই জিলাখনৰ উন্নয়ন পিছ পৰি আছিল ৷  আজি পৰিৱেশ সলনি হৈছে৷ মানুহৰ মাজত সমন্বয় গঢ়ি উঠিছে ৷  এই আঁচনিৰ জৰিয়তে বাকসা জিলাক ন ৰূপত সজাব বিচাৰিছোঁ৷ আৰু কিছুদিনৰ পাছতে এই জিলাখনে নতুন ৰূপ পাব৷"

প্ৰসংগক্ৰমে তেওঁ কয় যে নৰেন্দ্ৰ মোদীক যদি আমি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাব পাৰোঁ, তেন্তে  অসমখন ভাৰতৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ'ব৷ ইয়াৰ লগে লগে সকলো জাতি-জনগোষ্ঠীক লৈ আমি এখন সমৃদ্ধিশালী বি টি চি গঢ়িব পাৰিম ৷ ৰাইজ আমাৰ লগত থাকক আৰু ৰাইজৰ লগত বিজেপ চৰকাৰ আছে ৷  আত্মনিৰ্ভৰ বিটিচি আৰু আত্মনিৰ্ভৰ অসম গঢ়াত সকলোৱে সহযোগ কৰক ৷ 

তেওঁ লগতে কয় যে বিজেপি চৰকাৰে ছোৱালীৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিছে৷ শিক্ষানুষ্ঠানত ছোৱালীৰ নামভৰ্তিৰ বাবে টকা দিব চৰকাৰে৷ উচ্চতৰ মাধ্যমিকত ১০  হাজাৰ টকা, স্নাতকত ১২,৫০০ টকা আৰু স্নাতকোত্তৰত ১৫ হাজাৰ টকাকৈ দিব চৰকাৰে ৷ ছোৱালীবোৰৰ দায়িত্ব চৰকাৰৰ আৰু ল'ৰাৰ দ্বায়িত্ব  অভিভাৱকৰ৷ 

তদুপৰি সাংবাদিকৰ আগত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে ইয়াক এটা নতুন  ৰূপত দিব ৷ আগন্তুক সময়ত প্ৰধানমন্ত্ৰীক বাকসাৰ মানাহলৈও আনিম৷" নিৰ্বাচন প্ৰসংগত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমি ব'হাগ বিহুৰ পূৰ্বে  অসমত নিৰ্বাচন হোৱাটো বিচাৰিছোঁ ৷ বাকী নিৰ্বাচন আয়োগৰ কথা ৷ 

ইয়াৰ লগতে 'কা'ক লৈ ৰাজ্যত পুনৰ আৰম্ভ হোৱা প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "কা'  বলৱৎ হোৱাৰ দুই বছৰ আঠ মাহ হ'ল ৷  ইয়াৰ একো নতুন ৰূপ নাই ৷  এই সন্দৰ্ভত দল সংগঠনে বন্ধ দিব পাৰে ৷ কিন্তু বিৰোধীয়ে বন্ধ দিলে আমি নিৰ্বাচন আয়োগক জনাম ৷ এয়া  ন্যায়ালয়ৰ অৱমাননা হ'ব ৷ 'কা'ক লৈ যি সিদ্ধান্ত হয়, সেয়া ন্যায়ালয়ত হ'ব ৷  এনেয়ে হুলস্থূল কৰি অসমৰ পৰিৱেশ বেয়া কৰিব নালাগে৷"

এই অনুষ্ঠানত মন্ত্ৰী ইউ জি ব্ৰহ্ম, নন্দিতা গাৰ্লোচা, বিধায়ক ফনী তালুকদাৰ, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য  প্ৰমোদ বড়োকে ধৰি বিটিচিৰ অন্যান্য কাৰ্যবাহী সদস্যসকল উপস্থিত আছিল ৷