Logo
image

৮ শনিৰ সংখ্যা, মোদী আৰু মামাৰ বাবেই এইবাৰ বিজেপিৰ দখললৈ যাব নগাঁওঃ সুৰেশ বৰা

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মাৰ্চঃ এইবাৰ নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ মুখত 'মামা'ৰ প্ৰসংগ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যুৱ সমাজত 'মামা' হিচাপে যথেষ্ট খ্যাতি আৰ্জিছে। আনকি সংখ্যালঘু যুৱকৰ মাজতো মামাৰ বহু জনপ্ৰিয়তা। দেওবাৰে নগাঁও জিলা বিজেপি কাৰ্যালয়ত সাংবাদিকৰ স'তে এক মত-বিনিময় অনুষ্ঠানত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই প্ৰসংগ ক্ৰমে ক'লে যে 'মামা'ৰ বাবেই হেনো নগাঁৱত এইবাৰ বিজেপি প্ৰাৰ্থী জিকিব। 

তেওঁ কয়, "মই নিজে বিগত এমাহ ধৰি সংখ্যালঘু এলেকাত সোমাইছো। তাত বিজেপিৰ এটা ঢৌ আহিছে। এইটো আহিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবে। মুখ্যমন্ত্ৰীৰ মহিলাসকলৰ প্ৰতি যিটো স্নেহ, মহিলাসকলৰ বাবে যি কৰিছে তাৰ প্ৰভাৱ সকলো পৰ্যায়ৰ মহিলাৰ মাজতে পৰিছে। ভোটত আমি যিটো দেখিছোঁ মোদী আৰু মামাৰ বাবেই এইবাৰ নগাঁও লোকসভা সমষ্টিত জিকিব বিজেপি। এইক্ষেত্ৰত আমি সফল হ'ম বুলি ভাবিছোঁ৷"

বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই নতুনকৈ ভোটাধিকাৰ লাভ কৰা ১৮ বছৰৰ উৰ্দ্ধৰ সকলে বিজেপিক ভোট দিব বুলি আশা কৰি কয়, "এই সকলে জীৱনৰ প্ৰথম ভোটটো বিজেপিক দি গৌৰৱান্বিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভৱিষ্যতৰ বাবে যিখিনি কৰিছে, নতুন প্ৰজন্মই বিজেপিক ভোট দি নিজৰ ভৱিষ্যৎ নিৰ্মাণ কৰিব। প্ৰধানমন্ত্ৰীয়ে সিদিনা কৈছে এইটো ১৮ সংখ্যক নিৰ্বাচন৷ ১৮ ৰ ৮ টো শনিৰ সংখ্যা, এইবছৰ শনিৰ সংখ্যাৰ বৰ্ষ। গতিকে আপোনালোকে বুজক আৰু ১৮ বছৰ বয়সৰ ভোটাৰৰ গুৰুত্ব। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই তেওঁৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে। 

বিজেপি প্ৰাৰ্থীজনে আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে কেন্দ্ৰত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব। গতিকে উন্নয়নৰ স্বাৰ্থতে নগাঁও লোকসভা সমষ্টিৰ ভোটাৰে বিজেপি প্ৰাৰ্থীক ভোট দিয়া উচিত। কিয়নো যোৱাবাৰ কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী হোৱাৰ বাবে সমষ্টিত বিশেষ উন্নয়ন পৰিলক্ষিত নহ'ল। বৰাই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কাম-কাজে ৰাইজক আকৰ্ষিত কৰিছে। গতিকে ৰাইজে বিজেপি প্ৰাৰ্থীক ভোট দিব বুলি আশাবাদী।

নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ প্ৰতি সমৰ্থন আগবঢ়াই দেওবাৰে বহু কেইজন পঞ্চায়ত প্ৰতিনিধিয়ে বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰা পঞ্চায়ত প্ৰতিনিধি কেইজনৰ ভিতৰত অন্যতম হৈছে হেলিমা খাটুন, জয় কৃষ্ণ বল আৰু মজিবুৰ ৰহমান। মতবিনিময় অনুষ্ঠানত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ লগতে বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিৎ নাথ, নগাঁও জিলা সংবাদ কোষৰ প্ৰভাৰি ডঃ জেফৰিণ মেহজেবিন, সংবাদ বিভাগৰ আহ্বায়ক অলকমনি ভট্টাচাৰ্য্য উপস্থিত থাকে।