Logo
image

দেশৰ প্ৰান্তে প্ৰান্তে ‘কা’বিৰোধী বিক্ষোভঃ নিমাত, নিৰ্লিপ্ত, নিৰুদ্বেগ অগপ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মাৰ্চঃ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইৰ লগতে দিল্লী-কলকাতাসহ দেশৰ প্ৰান্তে প্ৰান্তে ‘কা’ৰ বিৰুদ্ধে বিক্ষোভ-প্ৰতিবাদ অব্যাহত আছে যদিও এই প্ৰসংগত ৰহস্যজনক নিৰ্লিপ্ততা গ্ৰহণ কৰিছে অসম আন্দোলনৰ ফচল অসম চুক্তিৰ পটভূমিত গঠন হোৱা অসম গণ পৰিষদ দলে৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত সংসদত নাগৰিকত্ব (সংশোধনী) বিধেয়ক (কেব) গৃহীত হৈ আইনত (কা) পৰিণত হোৱাৰ পাছতে অগ্নিগৰ্ভা হৈ পৰিছিল অসমৰ পৰিস্থিতি৷ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকপৰ্যন্ত, সমাজৰ সকলো স্তৰৰ লোকে ৰাজপথলৈ ওলাই আহি ‘কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ৫জনকৈ লোক শ্বহীদ হৈছিল ‘কা’বিৰোধী আন্দোলনত, ঘুণীয়া হৈছিল বহুজন৷ সেই সময়ত সোণোৱাল চৰকাৰত অগপৰ তিনিজনকৈ মন্ত্ৰী আছিল৷ প্ৰথম অৱস্থাত তেওঁলোকে শক্তিশালীভাৱে ‘কা’ৰ বিৰোধ কৰাৰ পৰা বিৰত থাকি মধ্যম পন্থা গ্ৰহণৰ ৰণকৌশল লৈছিল যদিও ৰাইজৰ হেঁচাত সেও মানি অনিচ্ছাসত্ত্বেও মন্ত্ৰীসভাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল৷ কিন্তু পৰিস্থিতি শান্ত হোৱাত অগপৰ তিনিওজন বিধায়কে পুনৰ মন্ত্ৰী পদ গ্ৰহণ কৰে৷ ৰহস্যজনকভাৱে তদানীন্তন মুখ্যমন্ত্ৰী সোণোৱালে অগপৰ তিনিওজন মন্ত্ৰীৰ পদত্যাগ-পত্ৰ গ্ৰহণ নকৰি নিজৰ লগত থৈ দিছিল৷ ৰাইজৰ ৰোষত পৰাৰ ভয়ত মুখেৰে ‘কা’বিৰোধী বচন আওৰালেও ৰাজ্যসভাত অগপৰ একমাত্ৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ‘কা’ৰ সমৰ্থনত ভোট দান কৰিছিল৷ ইয়াতেই স্পষ্ট হৈ পৰিছিল অগপ দলৰ দুমুখীয়া স্থিতি৷ সুদীৰ্ঘ দিনৰ অন্তত সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ‘কা’ৰ বিধি প্ৰস্তুত কৰি জাননী জাৰি কৰে৷ ফলত অসমকে ধৰি সমগ্ৰ দেশত আৰম্ভ হৈ গ’ল ‘কা’ বলৱৎকৰণ প্ৰক্ৰিয়া৷ লগে লগে পুনৰ উত্তপ্ত হৈ পৰে ৰাজ্যৰ পৰিস্থিতি৷ এইবাৰো এইক্ষেত্ৰত নিমাত, নিৰ্লিপ্ত, নিৰুদ্বেগ হৈ আছে অগপ দল৷ অথচ ‘কা’ৰ জৰিয়তে কাৰ্যতঃ অপ্ৰাসংগিক হৈ পৰিল অসম চুক্তি৷ সেইসূত্ৰে অসম চুক্তিৰ আধাৰত গঠিত অসম গণ পৰিষদ দলটোও অপ্ৰাসংগিক হৈ পৰিল৷ ইমানৰ পাছতো অগপৰ নেতৃত্বই ‘কা’ সন্দৰ্ভত টু শব্দও উচ্ছাৰণ নকৰাত স্বাভাৱিকতেই হতভম্ব হৈছে সাধাৰণ জনতা আৰু দলটোৰ তৃণমূল পৰ্যায়ৰ হাজাৰ হাজাৰ নেতা-কৰ্মী৷ উল্লেখ্য, অসমত ‘কা’ বলৱৎকৰণৰ অৰ্থ হ’ল ১৯৮৫ চনত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে সম্পন্ন হোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক চুক্তিক পোনপটীয়া উলংঘন৷ কিয়নো বিদেশী বিতাড়নক মূল বিষয়বস্তুৰূপে লৈ স্বাক্ষৰ কৰা সেই চুক্তি অনুসৰি হিন্দুৱেই হওক বা মুছলমানেই হওক, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অসমত প্ৰৱেশ কৰা বাংলাদেশী তথা বিদেশীক অবৈধ অভাৰতীয় তথা বিদেশী হিচাপে গণ্য কৰা হ’ব৷ ছবছৰীয়া বিদেশী বিতাড়ন আন্দোলনৰ অন্তত ১৯৮৫ চনৰ ১৫ আগষ্টত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ হৈছিল আৰু ৬ বছৰীয়া আন্দোলনত ৮ শতাধিক অসমীয়া যুৱক-যুৱতী শ্বহীদ হৈছিল৷ ইপিনে ‘কা’ বলৱৎ হোৱাৰ ফলত ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতলৈ বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা হিন্দু, জৈন, পাৰ্ছী, বৌদ্ধ, শিখ, খ্ৰীষ্টান ধৰ্মাৱলম্বীক ভাৰতীয় নাগৰিকৰ স্বীকৃতি প্ৰদানৰ পথ প্ৰশস্ত হ’ল৷ সেয়ে ‘কা’ বলৱৎ হোৱাৰ লগে লগে অসম চুক্তি অৰ্থহীন হৈ পৰিল আৰু সমান্তৰালভাৱে কাৰ্যতঃ অপ্ৰাসংগিক হৈ পৰিল অসম চুক্তিৰ আধাৰত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ৷ কাৰ্যতঃ অথলে গ’ল শ্বহীদ আৰু নিৰ্যাতিতৰ ত্যাগ৷ সমান্তৰালভাৱে ‘কা’ বলৱৎকৰণৰ ফলত কাৰ্যতঃ অপ্ৰাসংগিক হৈ পৰিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)৷ অগপ দলৰ অস্তিত্বকে নাকচ কৰি ‘কা’ বলৱৎ হোৱাৰ পাছতো নিমাত হৈ আছে দলটোৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তথা অন্যান্য নেতাসকল৷ ইতিমধ্যে সভাপতি বৰাই সংবাদ মাধ্যমৰ আগত এই কথাই দাবী কৰি আহিছে যে ‘কা’ৰ বিৰুদ্ধে দলটোৱে উচ্ছতম ন্যায়ালয়ত গোচৰ তৰিছে৷ গতিকে এতিয়া ন্যায়ালয়ৰ নিৰ্দেশৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে৷ সুযোগ পালেই বিজেপি দল আৰু দলটোৰ নেতাবিশেষৰ বন্দনাত মুখৰ হৈ পৰা অগপ নেতৃত্ব কিন্তু আজি ‘কা’ক লৈ সম্পূৰ্ণৰূপে নিমাত, নিৰুদ্বেগ আৰু নিৰ্লিপ্ত৷ ন্যায়ালয়ত গোচৰ তৰিয়েই নিজৰ দায়িত্ব সাৰিব বিচাৰিছে দলটোৱে৷ ‘কা’ৰ বিধি ৰাজহুৱা হোৱাৰ ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই জাতীয়তাবাদী দলটোৰ নেতৃত্বই৷ আক্ষৰিক অৰ্থতেই অসমৰ জাতীয়তাবাদী শিবিৰ তথা আঞ্চলিক ৰাজনৈতিক শিবিৰৰ বাবে এয়া এক দুৰ্ভাগ্যজনক ট্ৰেজেডী৷