Logo
image

নিৰ্বাচন কালত ৰাইজৰ দায়িত্ব

বিজেপিৰ সভ্যতাৰ যুঁজ, কংগ্ৰেছৰ অসম বচাওঁ অভিযান, এ আই ইউ ডি এফৰ দিল্লীৱালা মহাজোঁট আৰু নতুন দলকেইটাৰ জাতীয়তাবাদী চৰকাৰ গঠনৰ কচৰতৰ মাজতে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচন৷ নিৰ্বাচন আয়োগে ইতিমধ্যে পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে৷ ঘোষণা মতে, অসমত যথেষ্ট দীঘলীয়া সময়জুৰি অনুষ্ঠিত হ’ব এই নিৰ্বাচন৷ মাৰ্চৰ ২৭, এপ্ৰিলৰ ১ আৰু ৬ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ফলাফল ওলাব ২ মে’ত৷ তাৰমানে অহা দুটা মাহ পাৰ হ’ব প্ৰচণ্ড উৎকণ্ঠা, উত্তেজনা আৰু জয়-পৰাজয়ৰ হিচাপ-নিকাচৰ মাজেদি৷ অৱশ্যে, প্ৰথমবাৰৰ বাবে অসমত নিৰ্বাচন অহাৰ বহু আগৰ পৰা নিৰ্বাচনী পৰিৱেশ ৰচিত হৈছে৷ ‘কা’বিৰোধী আন্দোলনৰ সময়তে নিৰ্বাচনী শীতল বতাহ আৰম্ভ হৈছিল আৰু  বিগত মাৰ্চত ক’ভিডৰ সময়ত এই নিৰ্বাচনী বতাহজাকো গৰম হয় আৰু ক’ভিডৰ সংক্ৰমণ কিছু কম হোৱাৰ লগে লগে বতাহজাক হোৰ-হোৰাই বলিবলৈ লয়৷ প্ৰায় প্ৰতিটো দলেই এইবাৰ বহু আগতীয়াকৈ নিৰ্বাচনী হিচাপ-নিকাচত নামি পৰে৷

এইবাৰ শেনৰ এজাত৷ কাৰণ বিজেপিয়ে কৈ আছে ২০২১ৰ নিৰ্বাচন হ’ব সভ্যতাৰ যুঁজ৷ ইফালে কংগ্ৰেছে কৈছে অসমক বচাও আহক৷ নতুন দল দুটাই কৈছে বিজেপি-কংগ্ৰেছ- এ আই ইউডিএফ আদি ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িক দলক এইবাৰ বিদায় দিয়া হ’ব আৰু অসমত এখন জাতীয়তাবাদৰ চৰকাৰ গঠন কৰা হ’ব৷ এনে অৱস্থাতে ঘোষণা কৰা হৈছে অসমত নিৰ্বাচন৷

২৩৪খন আসন থকা তামিলনাডু আৰু ১৪০খন আসন থকা কেৰালাৰ দৰে ডাঙৰ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব এটা পৰ্যায়ত৷ তাৰ বিপৰীতে ১২৬খন আসন থকা অসমত নিৰ্বাচন অনুষ্ঠিত হ’ব তিনিটা পৰ্যায়ত৷ লক্ষণীয় কথাটো হ’ল, ২৯৪খন আসনবিশিষ্ট পশ্চিমবংগত আকৌ নিৰ্বাচন অনুষ্ঠিত হ’ব আঠটা পৰ্যায়ত৷ তথ্যৰ পৰা ওলাই পৰিছে অসম আৰু দাঁতিকাষৰীয়া পশ্চিমবংগত নিৰ্বাচনী নাটক যথেষ্ট দীঘলীয়া আৰু উত্তেজনাপূৰ্ণ হ’ব৷ ইফালে দুদিনমান আগতে অসমক ছমাহৰ বাবে পুনৰ অশান্ত অঞ্চল বুলি ঘোষণা কৰা হৈছে৷ এনে পৰিস্থিতিত অসমৰ ৰাইজ যথেষ্ট সজাগ আৰু সচেতন হ’ব লাগিব৷ 

সাংবিধানিক বাধ্যবাধকতাৰ বাবেই পাঁচ বছৰৰ মূৰে মূৰে ৰাজ্যত নিৰ্বাচন আহে৷ এইবাৰো আহিছে, কাৰণ বৰ্তমান শাসনত থকা চৰকাৰখনৰ ম্যাদ উকলিব ৩১ মে’ত৷ কথাটো হ’ল– নিৰ্বাচন আহিব আৰু যাব, ঠিক তেনেকৈ চৰকাৰো আহিব আৰু এদিন যাব৷ ইফালে কোৱা হয় ৰাজনীতিত স্থায়ী শত্ৰু বা মিত্ৰ নাথাকে৷ থাকে কেৱল হিচাপ-নিকাচ৷ নিৰ্বাচনৰ আগৰ শত্ৰুও নিৰ্বাচনৰ পাছত পৰম মিত্ৰ হৈ পৰিব পাৰে! তেনে কাৰণতে নেতাৰ কথাত চেতনা হেৰুওৱা উচিত নহয়৷ ৰাজনীতিকৰ সাম্প্ৰদায়িক আৰু উত্তেজনাপূৰ্ণ ভাষণ শুনি সহজ-সৰল ভোটাৰ ৰাইজখিনিয়ে নিজৰ মাজতে কাজিয়া কৰিব নালাগিব৷ কাৰোৱাৰ উচটনিত ভাতৃঘাতী সংঘৰ্ষ সংঘটিত হ’বলৈ দিব নালাগিব৷ ৰাইজখন সদায় থাকিব লাগিব৷ হাজাৰ বছৰীয়া পৰিক্ৰমাৰ অন্তত গঠিত এখন সমাজ খন্তেকীয়া উত্তেজনাত শেষ হৈ যাব নোৱাৰে৷ বহু ইতিহাস ৰচনা কৰি আজিৰ অৱস্থা পোৱা অসমখনক ভৱিষ্যতলৈও অসম কৰি ৰাখিব লাগিব৷ তাৰবাবে অসমৰ ধৰ্মনিৰপেক্ষ সমাজখন আৰু মহাপুৰুষীয়া পৰম্পৰাই মহীয়ান কৰা অসমৰ সহনশীল ৰাইজখিনি অতি সাৱধানে আগবাঢ়িব লাগিব, যাতে কোনো দুষ্টচক্ৰই ভুল বুজাবুজি সৃষ্টি কৰি সমাজখন ভাঙি ছিঙি  চূৰমাৰ কৰিব নোৱাৰে৷